‘পুষ্পা ২’ত আল্লু অৰ্জুনৰ সৈতে দেখা যাব এইগৰাকী নতুন অভিনেত্ৰীক! মুক্তি পাব কেতিয়া?

নিয়মীয়া বাৰ্তা, ২৬ ডিচেম্বৰ: ‘পুষ্পা ২’ কেতিয়া মুক্তি পাব সেই লৈ বহুদিন ধৰি দৰ্শকৰ মনত আলোড়ন তুলিছে। কিন্তু ইয়াৰ মাজতে ‘পুষ্পা ২’ক লৈ আহিছে এক নতুন খবৰ। ‘পুষ্পা-২’ত দেখা নাযাব সামান্থা প্ৰভুক। তাৰ পৰিৱৰ্তে এই ঠাইত প্ৰৱেশ কৰিছে দক্ষিণৰ এগৰাকী নতুন নায়িকা! পিচে কোন তেওঁ?

সূত্ৰ অনুসৰি পুষ্প-২ ত সামান্থাৰ ঠাইত দেখা যাহ অনুসুয়া ভৰদ্বাজক। খবৰ অনুসৰি আনছুয়াই কেৱল এটা গীততেই নহয়, আল্লু অৰ্জুন আৰু ৰশ্মিকাৰ সৈতেও অভিনয় কৰিব।

‘পুষ্পা’! পুষ্পা ৰাজ ঝুকে গা নেহি! – এ সংলাপত মগ্ন আছিল সমগ্ৰ দেশ। ‘পুষ্পা’ চোৱাৰ পিছৰে পৰা চিনেমাপ্ৰেমীসকলে এই ছবিখনৰ দ্বিতীয় খণ্ডৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছিল। সেই অপেক্ষা হয়তো সোনকালে শেষ হ’ব। বাতৰি অনুসৰি আগষ্টৰ পৰা আৰম্ভ হ’ব ‘পুষ্পা ২: দ্য ৰুল’ৰ (Pushpa 2: The Rule) শ্বুটিং।