ছাহাৰাৰ মুৰব্বী সুব্রত ৰয়ক মনত আছেনে? ছেবিয়ে শীঘ্রে ৰয়ৰ পৰা বিচাৰিলে ৬২,৬০০ কোটি টকা

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰঃ ছাহাৰাৰ মুৰব্বী সুব্রত ৰয়ে কাৰাগাৰৰ বাহিৰত থাকিবলৈ হ’লে ৬২,৬০০ কোটি টকা আদায় দিব লাগিব৷ শীঘ্রে এই ধন আদায় নিদিলে সুব্রত ৰয়ক পুনৰ কাৰাগাৰলৈ প্রেৰণ কৰিব লাগে বুলিও যুক্তি দর্শোৱা হৈছে উচ্চতম ন্যায়ালয়ত৷ দেশৰ বজাৰ নিয়ামক সংস্থা ছিকুইৰিটিজ এণ্ড এক্সচেঞ্জ ব’ড অৱ ইণ্ডিয়াই (ছেবি) শেহতীয়াকৈ এই কথা ঘোষণা কৰিছে৷

ছেবিৰ তৰফৰ পৰা উচ্চতম ন্যায়ালয়ত দাখিল কৰা এক আবেদনত অনুৰোধ জনোৱা হৈছে যে ছাহাৰা গ্রুপৰ অধ্যক্ষ সুব্রত ৰয়ক শীঘ্রে ৬২,৬০০ কোটি টকা আদায় দিয়াৰ নির্দেশ দিব লাগে৷ উল্লেখনীয় যে বর্তমান পেৰলত কাৰাগাৰৰ বাহিৰত আছে সুব্রত ৰয়৷ শীঘ্রে উল্লিখিত ধনৰাশি আদায় নিদিলে সুব্রত ৰয়ৰ পেৰল নাকচ কৰিব লাগে বুলিও ছেবিৰ পৰা শীর্ষ আদালতখনত অনুৰোধ জনোৱাৰ লগে লগে ছাহাৰা গ্রুপৰ মুৰব্বীগৰাকীৰ ভৱিষ্যতলৈ পুনৰ নামি আহিছে সংকট৷

ছেবিৰ মতে, ছাহাৰ ইণ্ডিয়া পৰিবাৰৰ দুটা কোম্পানীৰ সূতসহ আদায় দিবলগীয়া ধনৰ পৰিমাণ ৬২,৬০০ কোটি৷ স্মর্তব্য যে ৮ বছৰ পূর্বে ৰয়ক ২৫,৭০০ কোটি টকা আদায় দিবলৈ নির্দেশ দিয়া হৈছিল৷ ৮ বছৰৰ ভিতৰত এই ধনৰ পৰিমাণ দুগুণতকৈ বেছি হৈছে৷

Featured