ভেকচিনৰ তৃতীয়টো ড’জ প্রদানৰ সিদ্ধান্ত ইজৰাইলৰ

নিয়মীয়া বাৰ্তা ৩১ জুলাইঃ ইতিমধ্যে ক’ভিড ভেকচিনৰ সম্পূর্ণ ড’জ লোৱা ৬০ বছৰ বয়সৰ ঊর্ধ্বৰ নাগৰিকসকলক তৃতীয়টো ক’ভিড ভেকচিনৰ ড’জ প্রদান কৰাৰ সিদ্ধান্ত লৈছে ইজৰাইলে৷ দেশখনৰ প্রধানমন্ত্রী নাফটালি বেনেটে সংবাদ মাধ্যমক জনোৱা অনুসৰি ক’ভিড সংক্রমণৰ পৰা বয়োজ্যেষ্ঠ লোকসকলক ৰক্ষা কৰিবলৈ এই সিদ্ধান্ত গ্রহণ কৰা হৈছে৷

স্মর্তব্য যে ফাইজাৰ–বায়’এনটেকৰ ভেকচিনৰ তৃতীয়টো ড’জ শীঘ্রে প্রদান কৰাৰ ব্যৱস্থা গ্রহণ কৰিব ইজৰাইল চৰকাৰে৷ স্মর্তব্য যে এইক্ষেত্রত ইজৰাইল হ’ব বিশ্বৰ প্রথমখন দেশ৷ ইউৰোপ আৰু আমেৰিকাই তৃতীয়টো ভেকচিনৰ ড’জ প্রদানৰ চিন্তা–চর্চা চলাই থকাৰ সময়তে ইজৰাইল এইক্ষেত্রত প্রথমখন দেশ হিচাপে চিন্তিত হৈছে৷