ভাৰতত ক’ভিড টিকাকৰণ অভিযানক লৈ সন্তুষ্ট বিশ্ব বেংক

নিয়মীয়া বাৰ্তা ১৮ অক্টোবৰঃ ক’ভিড মহামাৰীৰ প্রতিৰোধৰ ক্ষেত্রত ভাৰতে গ্রহণ কৰা টিকাকৰণ অভিযানক লৈ সন্তুষ্টি প্রকাশ কৰিছে বিশ্ব বেংকে৷ উল্লেখনীয় যে চলিত বর্ষৰ ৯ মে’ত ভাৰতত ক’ভিডত দৈনিক আক্রান্ত লোকৰ সংখ্যাই শীর্ষস্থান স্পর্শ কৰিছিল৷ বর্তমান দেশখনত ক’ভিড আক্রান্ত লোকৰ সংখ্যা যথেষ্ট হ্রাস পাইছে৷ বিশ্ব বেংকৰ মুৰব্বী ডেভিদ মালপাছে কালি ৱাশ্বিংটনত ভাৰতৰ বিত্তমন্ত্রী নির্মলা সীতাৰমণক দেশখনে গ্রহণ কৰা ক’ভিড টিকাকৰণ ব্যৱস্থাক অভিনন্দন জ্ঞাপন কৰে৷ বিশ্ব বেংকৰ তৰফৰ পৰা এক বিবৃতি উল্লেখ কৰা হৈছে যে ভাৰতে ক’ভিড ভেকচিন প্রস্তুত আৰু বিতৰণৰ ক্ষেত্রত আন্তর্জাতিকভাৱে এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি আহিছে৷ এইক্ষেত্রতো দেশখন প্রশংসাৰ পাত্র বুলি উল্লেখ কৰিছে মালপাছে৷ স্মর্তব্য যে কালি সন্ধিয়ালৈ ভাৰতত প্রথম ড’জ ক’ভিড ভেকচিন গ্রহণ কৰা লোকৰ সংখ্যাই ৯৭.২৩ কোটি অতিক্রম কৰিছে৷