জেফ বেজ’ছক অতিক্রমি বিশ্বৰ ধনাঢ়্য ব্যক্তি এল’ন মাস্ক

ব্লুমবার্গ বিলিয়নাৰ ইনডেস্কৰ প্রতিবেদন

নিয়মীয়া বাৰ্তা ৯ জানুৱাৰীঃ ক’ভিড–১৯সৃষ্ট জটিল ২০২০ বর্ষৰ সামৰণিত ২০২১ বর্ষত প্রকাশ কৰা ব্লুমবার্গ বিলিয়নাৰ ইনডেস্কৰ প্রতিবেদনত বিশ্বৰ এক নম্বৰ ধনাঢ়্য ব্যক্তিৰ স্বীকৃতি লাভ কৰিলে এল’ন মাস্কে৷ ২০১৭ চনৰ ১ অক্টোবৰৰ পৰা বিশ্বৰ ধনাঢ়্য ব্যক্তিৰ শীর্ষস্থানত থকা আমাজনৰ স্বত্বাধিকাৰীয়ে জেফ বেজ’ছক অতিক্রম কৰিলে স্পেচএক্স আৰু টেছলাৰ স্বত্বাধিকাৰী এল’ন মাস্কে৷ ব্লুমবার্গ বিলিয়নাৰ ইনডেস্কৰ তথ্য মতে এল’ন মাস্কৰ সম্পত্তিৰ মূল্য ১৯৫ বিলিয়ন মার্কিন ডলাৰ৷ বিশ্বৰ শীর্ষ ১০ৰ ধনাঢ়্য ব্যক্তিৰ দ্বিতীয় স্থানত আমাজনৰ স্বত্বাধিকাৰী জেফ বেজ’ছৰ সম্পত্তিৰ মূল্য ১৮৫ বিলিয়ন মার্কিন ডলাৰ৷ দক্ষিণ আফ্রিকাত জন্মলাভ কৰা আমেৰিকা যুক্তৰাষ্ট্রৰ উদ্যোগপতি এল’ন মাস্কে মহাকাশলৈ কৃত্রিম উপগ্রহ ব্যৱসায়িকভাৱে প্রেৰণ কৰা প্রথম ব্যক্তি৷ আনপিনে এসময়ৰ বিশ্বৰ এক নম্বৰ ধনাঢ়্য ব্যক্তি মাইক্র’ছফ্টৰ সহঃ প্রতিষ্ঠাতা বিল গেটছে ১৩৪ বিলিয়ন মার্কিন ডলাৰেৰে তৃতীয় স্থানত আছে৷

শীর্ষ দহৰ ভিতৰত চতুর্থ স্থানত লুইচ ভিটনএছইৰ অধ্যক্ষ তথা মুখ্য কার্যবাহী বার্নার্ড আর্নল্ড৷ ফ্রান্সৰ নাগৰিক আর্নল্ডৰ সম্পত্তিৰ পৰিমাণ ১১৬ বিলিয়ন মার্কিন ডলাৰ৷ ১০২ বিলিয়ন মার্কিন ডলাৰেৰে ফেচবুকৰ প্রতিষ্ঠাতা তথা অধ্যক্ষ মার্ক জুর্কেৰবার্গ পঞ্চম স্থানত আছে৷ চীনৰ বৃহত্তম পানীয় কোম্পানী নংফুস্পিঙৰ প্রতিষ্ঠাতা তথা অধ্যক্ষ ঝং চানচানে ৯৩.১ বিলিয়ন মার্কিন ডলাৰেৰে ষষ্ঠ স্থান লাভ কৰিছে৷ ইপিনে আমেৰিকা যুক্তৰাষ্ট্রৰ বার্কশ্বায়াৰ হেথাওৱেৰ চি ই অ’ তথা অধ্যক্ষ ৱাৰেন বাফেটে ৮৮.২ বিলিয়ন মার্কিন ডলাৰে সপ্তম স্থানত আছে৷ ৮৩.৬ বিলিয়ন মার্কিন ডলাৰে গুগল পেজৰ সহঃ প্রতিষ্ঠাতা লেৰি পেজে অষ্টম স্থানত, ৮১ বিলিয়ন মার্কিন ডলাৰেৰে গুগলৰ আন এগৰাকী সহঃ প্রতিষ্ঠাতা ছার্গে ব্রিন নৱম স্থানত, ৮০ বিলিয়ন মার্কিন ডলাৰেৰে দশম স্থানত আমেৰিকা যুক্তৰাষ্ট্রৰ লেৰি এলিছন৷ অ’ৰেকুলৰ চি টি অ’ তথা প্রতিষ্ঠাতা এলিছন৷ উল্লেখ্য যে বিগত বর্ষত বিশ্বৰ ধনাঢ়্য ব্যক্তিৰ শীর্ষ দহত স্থান লাভ কৰা ভাৰতীয় উদ্যোগপতি তথা ৰিলায়েঞ্চৰ স্বত্বাধিকাৰী মুকেশ আম্বানিয়ে এইবেলি শীর্ষ দহত স্থান লাভ নকৰিলে৷ ৯০ বিলিয়ন মার্কিন ডলাৰ সম্পত্তিৰ পৰা হ্রাস পাই মুকেশ আম্বানিৰ বর্তমানৰ সম্পত্তিৰ মূল্য ৭৫ বিলিয়ন মার্কিন ডলাৰ৷ উল্লেখ্য যে বিশ্বৰ ধনাঢ়্য ব্যক্তিৰ শীর্ষ ২০জনৰ ভিতৰত ১৪জনেই আমেৰিকা যুক্তৰাষ্ট্রৰ৷ ইয়াৰে ৮জন শীর্ষ দহৰ ভিতৰত আছে৷ তাৎপর্যপূর্ণ যে ২০২০ চনত কাৰ নির্মাণ কোম্পানী টেছলাৰ শ্বেয়াৰ ৭৪৩ শতাংশ বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত এল’ন মাস্কে ধনাঢ়্যৰ তালিকাত শীর্ষ স্থান লাভ কৰে৷