চুইমিং পুল-হেলিপেড থকা বিশ্বৰ সবাতোকৈ দীঘলীয়া সৰু গাড়ীখন

বিশেষ বাৰ্তা,১২ মাৰ্চঃ বিশ্বৰ সবাতোকৈ দীঘলীয়া সৰু গাড়ীখন পুনৰ উদ্ধাৰ কৰা হৈছে। গাড়ীখনে নতুন প্ৰয়ুক্তি সংযোজনেৰে নিজেই নিজৰ অভিলেখ ভংগ কৰিছে। ‘দ্য আমেৰিকান ড্ৰীম’ নামেৰে জনাজাত এই গাড়ীখনৰ দৈৰ্ঘ্য এতিয়া ৩০.৫৪ মিটাৰ হৈছে। গাড়ীখনৰ নৱতম সংযোজন হ’ল এটা ডাঙৰ চুইমিং পুল আৰু হেলিপেড। পুনৰ উদ্ধাৰ কৰা গাড়ীখন শেহতীয়াকৈ নিজা ৱেবছাইট আৰু ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰিছে গীনিজ বিশ্ব অভিলেখে। এই গাড়ীখন ১৯৮৬ চনত প্ৰথমে নিৰ্মাণ কৰা হৈছিল কেলিফ’ৰ্ণিয়াৰ বাৰবাংকত। প্ৰথম সময়ত গাড়ীখনৰ দৈৰ্ঘ আছিল ৬০ফুট, চকা আছিল ২৬টা আৰু ভি৮ ইঞ্জিন আছিল দুটা। কিছু নতুন সংযোজনৰ পাছত ইয়াৰ দৈৰ্ঘ হৈছিল ৩০.৫মিটাৰ। কেবাটাও টেলিভিছন, ৰেফ্ৰিজেৰেট’ৰ, টেলিফোন আদিৰে বিলাসী বাহনখনত ৭৫ জন লোকে একেলগে উঠিব পাৰে।