অভিনেত্রী কংগনাৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ কর্ণাটকত

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰঃ মহাৰাষ্ট্রৰ শাসকীয় শিৱসেনা সন্মিলিত চৰকাৰৰ সৈতে সংঘাতত লিপ্ত হৈ চর্চাৰ মাজত থকা অভিনেত্রী কংগনা ৰাণাৱতে প্রতিবাদী কৃষকক সন্ত্রাসবাদী আখ্যা দিয়াক লৈ তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ কৃষি সম্পর্কীয় তিনিখন বিধেয়কক লৈ প্রতিবাদকাৰী কৃষকৰ বিৰুদ্ধে বিতর্কিত মন্তব্য আগবঢ়োৱাৰ বাবেই অভিনেত্রী কংগনাৰ বিৰুদ্ধে কর্ণাটকৰ টুমকুৰ জে এম এফ চি ক’টত অপৰাধমূলক গোচৰ ৰুজু কৰা হৈছে৷

অভিনেত্রীগৰাকীয়ে টুইটাৰত কৃষকৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰাৰ অভিযোগত আদালতত ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৪৪, ১০৮, ১৫৩, ১৫৩(এ) আৰু ৫০৪ৰ অধীনত অপৰাধমূলক গোচৰ ৰুজু কৰিছে৷ উল্লেখ্য যে কৃষি বিধেয়ক আৰু এমএছপিক লৈ চলি থকা প্রতিবাদৰ সময়ত অভিনেত্রী কংগনাই টুইটাৰত কৈছিল– যদি কোনোবাই শুই থাকে, তেওঁলোকক জগাব পাৰি, যদি কোনোবাই বুজি নাপায় তেওঁক বুজাব পাৰি কিন্তু যদি কোনোবাই শুই থকাৰ ভাও ধৰে অথবা বুজিব নোখোজে, তেতিয়াহ’লে তেওঁলোক সন্ত্রাসবাদীৰ লেখীয়া৷ তাৰ জৰিয়তে কোনো এজনৰ নাগৰিকত্ব হেৰুওৱা নাছিল৷ কিন্তু অনেকৰ ৰক্ত হানি হ’ল৷