কৃষি বিপ্লৱত মাজুলীৰ যুৱতী বন্তি তামুলী

প্ৰাঞ্জল খাউণ্ড

 মাজুলীৰ একাংশ যুৱক–যুৱতীয়ে যি সময়ত কর্ম সংস্থাপনৰ সন্ধানত চৰকাৰী কার্যালয়ৰ দুৱাৰে দুৱাৰে দৌৰি ফুৰিছে, উচ্চ শিক্ষা গ্রহণৰ পিছতো কর্ম সংস্থাপন নাপায়বহিঃৰাজ্যলৈ ঢ়াপলি মেলিব লগা হৈছে সেই সময়তে মাজুলীৰ কমসংখ্যক যুৱক–যুৱতীয়েহে এতিয়া কঠোৰ পৰিশ্রম কৰি দেখুৱাইছে কর্ম সংস্থাপনৰ পথ৷ তেনে যুৱক–যুৱতীৰ ভিতৰত অন্যতম হ’ল পূব মাজুলীৰ মেৰাগডৰ কষ্টসহিষ্ণু বন্তি তামুলী নামৰ ২৬ বছৰীয়া এগৰাকী যুৱতী৷ যি গৰাকী যুৱতীয়ে হাৰ ভগা পৰিশ্রমেৰে আন দহজনৰ চকুত আদর্শ হ’বলৈ সক্ষম হৈছে৷ যুৱতীগৰাকীয়ে বিগত সাত বছৰৰ পৰা নিজা কৃষি ক্ষেত্রত ভিন্ন ধৰণৰ খেতি কৰি আহিছে৷ এইবছৰো যুৱতীগৰাকীয়ে ত্রিশ বিঘা মাটিত সৰিয়হ, সাত বিঘা মাটিত আলু, ৫ বিঘা ভূমিত কবি, বেঙেনা, বিলাহী আদিৰ খেতি কৰিছে৷ এনেদৰে খেতি কৰা কার্যত যুৱতীগৰাকীয়ে নিজে পুৱাৰে পৰা সন্ধিয়ালৈকে পথাৰত নিজে হালবাই, কোৰ মাৰি, দলি মাৰি কৃষি কর্ম কৰি আহিছে৷ সৰিয়হৰ খেতিৰ বাবে ড্রেক্টৰ ব্যৱহাৰ কৰে যদিও খেতিৰ সমস্ত দায়িত্ব নিজে চম্ভালি লয় ৷ এনেদৰে কঠোৰ পৰিশ্রমৰ দ্বাৰা বনৰীয়া ম’হ,বনৰীয়া হাতীৰ উপদ্রৱৰ অঞ্চল মেৰাগডত এগৰাকী যুৱতীয়ে কৃষি কর্মৰে আত্ম সংস্থাপনৰ বাট বিচাৰি লোৱা কার্যই যুৱতীগৰাকীৰ কর্মস্পৃহাৰ উমান দিয়ে৷ বিপৰীতে মাজুলীৰ কৃষি বিভাগৰ পৰা বর্তমানলৈকে কোনো ধৰণৰ সঁহাৰি পোৱা নাইবুলিও মন্তব্য কৰে যুৱতীগৰাকীয়ে৷ চৰকাৰী বিভাগৰ সঁহাৰি পালে এনে কর্ম উদ্যমী যুৱতীয়ে অধিক আগবাঢ়ি যোৱাৰ থল থাকে৷ সচেতন মহলৰ আশা চৰকাৰী বিভাগৰ বৰমূৰীয়াসকলৰ চকুত পাৰিবনে এনে যুৱতীৰ কর্ম৷

Comments (0)
Add Comment