অসমৰ ৬ আপুৰুগীয়া সম্পদলৈ GI টেগ

🔹 অসমবাসীৰ বাবে গৌৰৱৰ খবৰ

বিশেষ বাৰ্তা, ৩১ মাৰ্চ : অসমৰ লগতে প্ৰতিগৰাকী অসমীয়াৰ বাবে এক গৌৰৱৰ খবৰ। অসমৰ কেইবাটাও আপুৰুগীয়া সম্পদে লাভ কৰিছে GI টেগ। অসমৰ মহান ভূমিৰ ৬টা সমলে একেলগে পালে GI টেগ। NABARD, RO, Guwahatiৰ সহযোগত জি আই বিশেষজ্ঞ পদ্মশ্ৰী ড০ ৰজনী কান্তৰ দ্বাৰা ৬টা সমললৈ আহিল GI টেগ। ঢোল, জাপি, সৰ্থেবাৰীৰ কাঁহ শিল্প, মৃৎশিল্প, মিচিং হস্ততাঁত সামগ্ৰী, পানীমেটেকা শিল্পলৈ GI টেগ প্ৰদান কৰে। উল্লেখ্য যে এই সকলো সামগ্ৰীৰ এক দীঘলীয়া ইতিহাস আছে। বৰ্তমান প্ৰায় ১ লাখ লোক এই সমলকেইবিধৰ সৈতে জড়িত হৈ আছে।

Featured