অষ্টম শ্ৰেণীৰ ছাত্ৰৰ বিশেষ সফলতা

নাৰিকল ৰোকা যন্ত্ৰ উদ্ভাৱন দৰঙৰ ছাত্ৰৰ

দৰং, ২১ নবেম্বৰঃ দৰঙৰ এজন ছাত্ৰৰ বিশেষ সফলতা। ছাত্ৰজনে উদ্ভাবন কৰিছে এটা নাৰিকল ৰোকা যন্ত্ৰ। দৰঙৰ আগশাৰী শিক্ষানুষ্ঠান নগাঁও আঞ্চলিক হাইস্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ মনজিত কলিতাই উদ্ভাৱন কৰিছে এই যন্ত্ৰবিধ। মূলতঃ পেলনীয়া সামগ্ৰীৰে সাজি উলিওৱা যন্ত্ৰবিধৰ দ্বাৰা অতি কম সময় আৰু সামান্য পৰিশ্ৰমৰ অন্তত সহজতে ৰুকিব পাৰিব নাৰিকল। ইতিমধ্যে পেলনীয়া সামগ্ৰীৰে মনজিতে সাজি উলিয়াইছিল এক্সেভেটৰ। নিত্য নতুন কৌশল উদ্ভাৱন কৰি ভাল পোৱা মনজিতে যন্ত্ৰটি বিদ্যালয়লৈ নি ছাত্ৰ-ছাত্ৰীকে ধৰি শিক্ষক আৰু অভিভাৱকসকলৰ আগত প্ৰদৰ্শন কৰে। যন্ত্ৰটি উদ্ভাৱনৰ ক্ষেত্ৰত মনজিতে কয় যে আমাৰ বিহুকে ধৰি বিভিন্ন অনুষ্ঠানত নাৰিকলৰ ব্যৱহাৰ সৰুৰে পৰা দেখি আহিছো। নাৰিকল ৰোকাৰ ক্ষেত্ৰত বহু সময় তথা কষ্ট  হয়। আৰু এই সময় কেনেকৈ ৰোধ কৰিব পাৰি তাৰ ফলশ্ৰুতিতে এনেধৰণৰ যন্ত্ৰৰ চিন্তা মোৰ দীৰ্ঘদিনীয়া। এই যন্ত্ৰত ব্যৱহাৰ হৈছে বল, বিয়েৰিং, কাঠৰ টুকুৰা আৰু পেলনীয়া মটৰ। এই যন্ত্ৰবিধ ইমান সূক্ষ্মভাৱে নিৰ্মাণ কৰা হৈছে যে সৰু এখন ফেনো ব্যৱহাৰ কৰা হৈছে। মনজিতৰ এনে কাৰ্যত উৎফুল্লিত হৈ শিক্ষকসমাজে আশীৰ্বাদ দিয়াৰ লগতে উজ্জ্বল ভৱিষ্যত কামনা কৰে।

নাৰিকল ৰোকা যন্ত্ৰ উদ্ভাৱন দৰঙৰ ছাত্ৰৰ