নুমলীগড়ৰ যুৱকৰ প্ৰশংসনীয় পদক্ষেপ

হাতীৰ বাবে যোগান ধৰিছে খাদ্য

নুমলীগড়, ২১ নৱেম্ৱৰঃ নুমলীগড়ৰ একাংশ যুৱকৰ প্ৰশংসনীয় পদক্ষেপ।
ৰাজ্যত দৈনিক বৃদ্ধি পোৱা হাতী-মানুহৰ সংঘাত ৰোধ কৰাৰ বাবে নুমলীগড় যুৱকসকলে লৈছে বিশেষ কাৰ্যসূচী। জনসংখ্যা বৃদ্ধি আৰু বনাঞ্চল ধ্বংসই হস্তীকুললৈ বিপদ মাতি অনাৰ ফলত জনাঞ্চলৈ খাদ্যৰ সন্ধানত ওলাই আহে হাতীৰ বৃহৎ জাক। সেয়ে নুমলীগড়ৰ কিছু দায়বদ্ধ সচেতন যুৱকে হাতীৰ খাদ্য়ৰ বাবে নামবৰ দৈগ্ৰোং বন্য প্ৰাণী সংৰক্ষিত বনাঞ্চলৰ কিছু খালী ঠাইত ৰোপন কৰিছে ভীমকল, ঔটেঙাৰ গছ। কাষৰীয়া গাঁবৰ পৰা ট্ৰাকে ট্ৰাকে কলগছ যোগান ধৰিছে যুৱকসকলে। হাতী-মানুহৰ সংঘাত দূৰ কৰাৰ বাবে স্থানীয় যুৱকসকলক সহায় কৰিছে বন বিভাগে। হাতীয়ে বিচৰণ কৰা অঞ্চলসমূহত খাদ্য যোগান ধৰা কাৰ্যক শলাগ লৈছে স্থানীয় লোকসকলে। এই পদক্ষেপৰ দ্বাৰা হাতী-মানুহৰ সংঘাত কিছু পৰিমাণে হ্ৰাস পাব বুলি ধাৰণা কৰা হৈছে।

হাতীৰ বাবে খাদ্য যোগান