ভাৰতীয় নৌ সেনাৰ প্ৰথম মহিলা ডিফেন্স এটাছী কৰবী গগৈ

কৰ্ণাটকৰ নৌ ঘাটিত অভিযন্তা ৰূপে কৰ্মৰত লেফটেনেণ্ট কমাণ্ডাৰ কৰবী গগৈৰ বিৰল সফলতা

নিউজ ডেস্ক,১৪ নৱেম্বৰঃ ৰাজ্যৰ গৌৰৱোজ্জ্বল যাত্ৰাত আন এক ইতিহাস সৃষ্টি কৰিলে এগৰাকী অসমীয়া জীয়ৰীয়ে । ভাৰতীয় নৌ সেনাত প্ৰথমবাৰলৈ বিদেশত ডিফেন্স এটাছী ৰূপে নিযুক্তি লাভ কৰি এই সন্মান কঢ়িয়াই আনিছে অসম কন্যা তথা লেফটেনেণ্ট কমাণ্ডাৰ কৰবী গগৈয়ে । সেনাৰ মেজৰ পৰ্যায়ৰ বিষয়া লেফটেনেণ্ট কমাণ্ডাৰ কৰবী গগৈ সম্প্ৰতি কৰ্ণাটকৰ কাৰাৱাৰ নৌঘাটিত অভিযন্তাৰূপে কৰ্মৰত । উল্লেখ্য যে, কৰবী গগৈয়ে ৰাছিয়াৰ মস্কো দূতাবাসত অহা ডিচেম্বৰ মাহত সহকাৰী নৌসেনা এটাছী ৰূপে যোগদান কৰিব । গুৱাহাটী মহানগৰীৰ কাহিলীপাৰাৰ বাসিন্দা কৰবী গগৈৰ পিতৃ প্ৰয়াত দিলীপ গগৈ নামনি অসমৰ আয়ুক্ত কাৰ্যালয়ৰ অধীক্ষক আছিল আৰু মাতৃ ইন্দিৰা গগৈ দিছপুৰ মহাবিদ্যালয়ৰ অধ্যাপিকা । ২০১২ চনত নৌসেনাত যোগদান কৰা কৰবী গগৈৰ স্বামী প্ৰাঞ্জল সন্দিকৈও নৌসেনাৰ বিষয়া । ডিফেন্স এটাছী ৰূপে কৰবী গগৈয়ে যোগদানৰ পূৰ্বে ৰাছিয়ান ভাষাৰ এটা এমহীয়া পাঠ্যক্ৰম সমাপ্ত কৰিব লাগিব । মন কৰিবলগীয়া যে, এগৰাকী মহিলা বিষয়াৰূপে নৌসেনাৰ শীৰ্ষ পদত অধিষ্ঠিত হোৱা কৰবী গগৈৰ পূৰ্বে বায়ুসেনাই উইং কামাণ্ডাৰ অঞ্জলী সিঙক কিছুদিন পূৰ্বে মস্কোৰ ভাৰতীয় দূতাবাসত ডেপুটী এয়াৰ এটাছী হিচাপে নিযুক্তি দিছিল । অঞ্জলীৰ পাছত ইতিহাস ৰচনা কৰিবলৈ সক্ষম হ’ল অসমকন্যা কৰবী গগৈয়ে ।

Featuredকৰবী গগৈডিফেন্স এটাছীভাৰতীয় নৌ সেনা