শামুকৰ খেতি আৰু ব্যৱসায় বিষয়টো অসমত আজিৰ প্রেক্ষাপটত এক অবিশ্বাস্য আৰু ব্যতিক্রম৷ কিন্তু বহিঃৰাজ্যত ইয়াৰ চাহিদা আৰু সমাদৰ অকল্পনীয়৷ বিশেষকৈ নাগালেণ্ড, পশ্চিম বংগ, ৰাজস্থান, উত্তৰ প্রদেশ আদি অঞ্চলত এই শামুকৰ ব্যৱসায় উদ্যোগটোৰ আছে অভাৱনীয় বজাৰ৷ আনহাতে চুবুৰীয়া দেশ বাংলাদেশতো শামুকৰ ব্যৱসায়ৰ এক বৃহৎ বজাৰ আছে৷ অৱশ্যে অসমত এতিয়াও শামুকৰ ব্যৱসায় কৰিও যে কোনোৱে স্বাৱলম্বী হ’ব পাৰে সেই কথা বহুতৰে বাবে হয়টো সপোন সাঁথৰ নতুবা সাধুকথাৰ দৰে অবাস্তৱ হ’ব৷ যাৰ পৰিপ্রেক্ষিতত ৰাজ্যখনত এতিয়ালকৈ হয়টো শামুকৰ ব্যৱসায়েৰে স্বাৱলম্বী হ’ব পৰা নজিৰ নোলাব বা কোনোৱে মনোনিৱেশ কৰা নাই৷ কিন্তু ইয়াৰ মাজতে অসমত প্রথমবাৰৰ বাবে এনে ব্যতিক্রমী ব্যৱসায়ৰ ভাল খবৰ কঢ়িয়াই আনিছে কামৰূপ জিলাৰ এজন শিক্ষিত যুৱকে৷ জিলাখনৰ কমলপুৰ সমষ্টিৰ অন্তর্গত তথা চাংসাৰিৰ নিকটৱর্তী গাঁও কলাকুছি ৰাইপাটৰ নাৰায়ণ দাস নামৰ যুৱকজনে৷ গাঁওখনৰ বীণা দাস আৰু প্রয়াত সোণাৰাম দাসৰ পুত্র নাৰায়ণ দাসে এই অভিনৱ বৃত্তিত অগ্রসৰ হোৱা পৰিলক্ষিত হৈছে৷ শিক্ষিত যুৱক তথা এগৰাকী ফার্মাচিষ্ট ডিগ্রীধাৰী হৈয়ো চাকৰি নাপাই পাছত প্রাইভেট হাস্পতালত কাম কৰি কোনোমতে পৰিয়ালটো চলাই আছিল যদিও প্রতিটো মুহূর্তত তেওঁৰ মনটোক খেদি ফুৰিছিল কিবা এটা কৰাৰ৷ এনেতে এদিন তেওঁ নেটত বিচাৰি পালে শামুকৰ খেতি আৰু ব্যৱসায়ৰ কথা৷ প্রথমে কথাটো কিবা আচহুৱা যেন পালেও ইয়াৰ বজাৰ, চাহিদাৰ বিৱৰণ সবিস্তাৰে জানিব পাৰি মনটোক বান্ধি ৰাখিব নোৱাৰিলে৷
গতিকে এহাজাৰ শামুকৰ পৰা বছৰত তিনি লাখ পর্যন্ত উপার্জন কৰিব পাৰি৷ লক্ষণীয় কথাটো হ’ল ‘শামুকৰ পেটত মানিক’ এই কথাটো তাহানিতে চীনদেশৰ মানুহে উপলদ্ধি কৰিব পাৰিছিল আৰু আজিৰ প্রেক্ষাপটত দেশখনে ভাৰতত প্রায় দহ কোটি টকাৰ শামুকৰ পৰা উৎপাদিত লাভজনক মুকুতাৰ বজাৰ দখল কৰি আছে৷ এনে সময়তে নাৰায়ণ দাসৰ মনলৈ অহা চিন্তাশক্তিয়ে সঁচাকৈয়ে ৰাজ্যখনৰ নিৱনুৱা যুৱকসকলৰ বাবে আদর্শৰ পথিক৷ অৱশ্যে নাৰায়ণ দাসে মার্চতহে শামুকৰ মুকুতা বিক্রীৰ বাবে সাজু কৰি তুলিব পাৰিব আৰু কলকাতাৰ ব্যৱসায়ীয়ে নিজেই দাসৰ ৰাইপাটৰ ঘৰৰ পৰা লৈ যাববুলি অৱগত কৰিছে৷ এয়া অসমৰ নিৱনুৱাৰ বাবে স্বাভাৱিকতে ভাল খবৰ৷