লোক–সংস্কৃতিৰ পথাৰত ছিপাঝাৰৰ এজাক চেমনীয়া

  • ৰণ্জিত কুমাৰ নাথ, ছিপাঝাৰ

        নিয়মীয়া বাৰ্তা, ২৯ ফেব্রুৱাৰীঃ ঐতিহাসিক দেৱানন্দ সত্রৰ পৃষ্ঠভূমিৰ পৰাই আৰম্ভ কৰিছে লোক–সংস্কৃতিৰ এক আন যাত্রা৷ দৰঙৰ এগৰাকী বিশিষ্ট সংগঠক তথা দৰং জিলা সাহিত্য সভাৰ বর্তমানৰ সম্পাদক দেৱানন্দ নিৱাসী গৌতমানন্দ গোস্বামীয়ে মুখ্য উদ্যোগ লৈ সুকনান্নী ওজাপালিৰ দলটো গঠন কৰিছে৷ স্থানীয় ওজা ইন্দ্রকান্ত বডা আৰু সুকনান্নী শিল্পী কেশৱ ডেকাৰ তত্ত্বাৱধানত ইতিমধ্যে চেমনীয়া ওজাপালিৰ এই দলটোৱে ওজাপালি প্রদর্শন কৰি যথেষ্ট সমাদৃত হৈছে৷ মানস ডেকা (ওজা), মনোৰঞ্জন ডেকা, মৃন্ময় ডেকা, জিতুল বডা, ৰাজদীপ বডা, গৌতম ডেকা, দেৱজিত ডেকা,দীপজ্যোতি ডেকাক লৈ গঠন কৰা এই ওজাপালিৰ দলটোৱে স্থানীয় বিভিন্ন অনুষ্ঠানত ওজাপালি প্রদর্শন কৰি সমাদৃত হোৱাৰ লগতে শেহতীয়াকৈ অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনত হাজৰিকাপাৰা সাহিত্য সভাৰ কুঁহি অনুষ্ঠানৰ জৰিয়তে মঞ্চত ওজাপালি প্রদর্শন কৰি অসমৰ বিভিন্ন প্রান্তৰ সাহিত্যানুৰাগীৰ পৰাও যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হয়৷ দৰঙৰ চহকী আৰু পুৰাতন ওজাপালি কৃষ্টিক আৰু অধিক উজ্জীৱিত কৰাৰ বাবে হাজৰিকাপাৰা–দেৱানন্ অঞ্চলৰ চেমনীয়াসকলে গ্রহণ কৰা এই প্রয়াস লোক–সংস্কৃতিৰ ক্ষেত্রখনৰ বাবেই ইতিবাচক হিচাপে বিবেচিত হৈছে৷

Comments (0)
Add Comment