হাজোৰ চৰাঞ্চলত মাকৈ খেতিৰে নতুন বিপ্লৱ

মাকৈ খেতিৰে নতুন বিপ্লৱ

ছাজাহান ইছলাম, হাজো

                 বহিঃৰাজ্যত উৎপাদিত যথেষ্ট পুষ্টিকৰ আৰু প্রটিনযুক্ত মাকৈয়েৰে ৰাজ্যখনৰ বজাৰ দখল কৰাৰ সময়তে তীর্থনগৰী হাজোত মাকৈ খেতিৰে সূচনা কৰিছে সেউজ বিপ্লৱৰ৷ বিশেষতঃ চৰাঞ্চলৰ কৃষক ৰাইজে ৰাজ্যখনলৈ কঢ়িয়াই আনিছে আশাৰ বতৰা৷ নিবনুৱা সমস্যাত ভাৰাক্রান্ত ৰাজ্যখনৰ বিশেষকৈ হাজোৰ চৰাঞ্চলৰ উৎপাদিত মাকৈ খেতিৰে কৃষকে নিজকে স্বাৱলম্বী কৰি গঢ়ি তোলাৰ লগতে পৰিয়াল পোহ–পালনৰ দায়িত্ব বহন কৰাটো সহজসাধ্য কৰি তুলিছে৷ আনকি এই অঞ্চলত উৎপাদিত মাকৈৰ ব্যৱসায় কৰি অনেক শিক্ষিত–র্ধশিক্ষিত যুৱকেও নিজকে আত্মনিয়োগ কৰাৰ পথ প্রশস্ত কৰি তুলিছে৷ কৃষি কর্মই যেন স্বচ্ছল জীৱনৰ এক আহিলা হ’ব পাৰে, তাৰে প্রতিফলন ঘটাইছে হাজোৰ চৰাঞ্চলৰ কৃষক ৰাইজে৷ এনে প্রশংসনীয় কৃষি কর্মৰ সৈতে জড়িত হৈ পৰিছে হাজো ৰাজহ চক্রৰ অন্তর্গত ১নং ভেলকৰ, তাপাবড়ী চৰ আৰু গেন্ধেলিতাৰী চৰৰ কৃষক৷ চৰাঞ্চলৰ প্রায় ৩০ হাজাৰ বিঘা কৃষিভূমিত লগাইছে মাকৈ খেতি আৰু উৎপাদিত মাকৈৰে ৰাজ্যখনৰ ভিন্ন প্রান্তৰ বজাৰ দখল কৰিবলৈ সমর্থ হৈছে৷ বিশেষকৈ এই চৰাঞ্চলৰ চৰকাৰী স্বীকৃতিৰ পৰা বঞ্চিত আদর্শ কৃষকৰূপে পৰিচিত মহিৰুদ্দিন আলীয়ে ৩০ বিঘা, হাচমৎ আলীয়ে ১২ বিঘা, আলাউদ্দিন আলীয়ে ৮ বিঘা, কালাম আলীয়ে ১০ বিঘা, চৰুৎ আলীয়ে ১০ বিঘা, নুৰ আলীয়ে ৫ বিঘা, আশ্রফ আলীয়ে ১২ বিঘা মাটিত মাকৈ খেতি কৰি নিজকে আর্থিকভাৱে স্বচ্ছল কৰাৰ এটি মাত্র সামান্য নিদর্শনহে৷ কিয়নো এই অঞ্চলৰ প্রতিগৰাকী কৃষকে আৰম্ভ কৰিছে মাকৈ খেতি৷ লক্ষণীয় কথাটো হ’ল, এই অঞ্চলৰ কৃষকসকলে এডৰা ভূমিত প্রতিবছৰে লগাই আহিছে দুবাৰকৈ মাকৈ খেতি৷ প্রথমবাৰ লগোৱা মাকৈ কাটি বজাৰত উলিয়াই দিয়াৰ লগে লগে সেইডৰা ভূমিত পুনৰ ৰোপণ কৰিছে মাকৈ৷ বাৰিষাৰ প্রাক্ক্ষণত সেইবোৰো চপোৱা সম্ভৱ হৈ উঠিব৷ একাংশ কৃষকে জনোৱা মতে, প্রতিবিঘা ভূমিত লগোৱা মাকৈ বিক্রীৰ বাবে কাটি অনালৈ খৰচ হয় মাত্র আঢ়ৈ হাজাৰৰ পৰা তিনি হাজাৰ পর্যন্ত গাঁঠিৰ ধন৷ ইফালে প্রতিবিঘা ভূমিত মাকৈ উৎপাদন হয় ৮ৰ পৰা ১০ কুইণ্টল পর্যন্ত৷ আকৌ পাইকাৰী দৰত প্রতি কুইণ্টল মাকৈ বিক্রী কৰি আহিছে এহাজাৰৰ পৰা ডেৰ হাজাৰ মূল্য দৰত৷ সেই অনুপাতে প্রতিবিঘা ভূমিত উৎপাদিত মাকৈ বিক্রী কৰি প্রায় পোন্ধৰ হাজাৰ টকা অর্জন কৰিবলৈ সমর্থ হৈছে৷ ইফালে মাকৈ গছৰ পাতবোৰ সৰু, ম’হৰ খাদ্য হিচাপে ব্যৱহাৰ কৰাৰ উপৰি গা–গছডাল খৰি হিচাপে ব্যৱহাৰ কৰি ৰন্ধন প্রক্রিয়াও খৰস্বান্ত নোহোৱাকৈ চম্ভালি আহিছে৷ এক কথাত মাকৈ খেতিয়ে স্বাৱলম্বী কৰি গঢ়িছে চৰাঞ্চলৰ কৃষক ৰাইজক৷ চৰাঞ্চলৰ এই কৃষকক চৰকাৰীভাৱে অনুপ্রেৰণা যোগালে নিশ্চয় এই ধাৰা অব্যাহত থাকিব৷

মাকৈ খেতিৰে নতুন বিপ্লৱ
Comments (0)
Add Comment