অৰুণাচলৰ যাতায়তত নৱ সংযোজন : শুকুৰবাৰে চিচিৰি দলং মুকলি কৰিব দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে

নিউজ ডেস্ক,১৪ নৱেম্বৰঃ অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলা আৰু নামনি ডিবাং ভেলী জিলা দুখনৰ মাজেৰে বৈ যোৱা চিচিৰি নৈৰ ওপৰত নিৰ্মাণ কৰা বহুচৰ্চিত দলংখন শুকুৰবাৰে মুকলি কৰা হ’ব । প্ৰদেশখনৰ পাচিঘাট আৰু ৰঙিয়াৰ মাজত অৱস্থিত নৱনিৰ্মিত দলংখন দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে উদ্বোধন কৰিব বুলি এক চৰকাৰী সূত্ৰই জানিবলৈ দিছে । কেন্দ্ৰীমন্ত্ৰীজনৰ লগতে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী , বিজেপিৰ ৰাজ্যিক সভাপতি তথা সাংসদ তাপিৰ গাৱসহ বহুকেইজন বিধায়কে উদ্বোধনী অনুষ্ঠানত ভাগ ল’ব । সুদীৰ্ঘ ১২ বছৰত নিৰ্মাণ সম্পূৰ্ণ হোৱা ২০০ মিটাৰ দৈৰ্ঘ্যৰ দলংখন নিৰ্মাণ কৰিছে সীমান্ত পথ নিৰ্মাণ সংস্থা ব্ৰাহ্মাংক ডিভিজনে । দলংখন নিৰ্মাণ নোহোৱা বাবেই ৰাজ্যখনৰ দাম্বুক , তেজু, নামচাই, ৰয়িং আদি ঠাইলৈ যাবৰ বাবে অসমৰ ধেমাজি, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ মাজেদি প্ৰায় ৮-১০ ঘণ্টা সময়ৰ প্ৰয়োজন হৈছিল । বিশেষকৈ পূব আৰু পশ্চিম অৰুণাচলৰ বাসিন্দাসকলক দলংখনে বহু পৰিমাণে সকাহ দিব । পূব চিয়াং জিলাৰ মেব’ মহকুমাৰ ৱাহালি (মিডি) গাঁৱৰ এলেকাত অৱস্থিত চিচিৰি নৈৰ দলংখন হোৱাত কেৱল অৰুণাচল প্ৰদেশৰ জনসাধাৰণৰ সুবিধা হ’ব তেনে নহয় । অসমকে ধৰি দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰতো যথেষ্ট সুবিধা হ’ব , বিশেষকৈ ১৯৬২ ৰ চীনা যুদ্ধৰ সময়ত চীনা সৈন্যই সহজে আগ্ৰাসন কৰা পৰিস্থিতিৰ পুনৰ উদ্ভৱ হ’লে ভাৰতীয় সেনাই নিয়ন্ত্ৰণ কৰাত সহায় হ’ব । উল্লেখ্য যে, দলংখন মুকলিৰ লগতে আন কেবাটাও কাৰ্যসূচী লৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ ১৫ নৱেম্বৰ ( শুকুৰবাৰে )ত অৰুণাচল প্ৰদেশত উপস্থিত হ’ব ।

Featured