নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ বহু বিতৰ্কিত নাগৰিকত্ব আইন (সংশোধনী) বিধেয়ক আজিৰে পৰা আৰম্ভ হোৱা শীতকালীন অধিৱেশনৰ সময়ছোৱাতে সংসদত উত্থাপন হোৱাটো নিশ্চিত হৈ পৰাৰ পাছতে প্ৰতিবাদমুখৰ হৈ পৰিছে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল । অসম তথা উত্তৰ-পূবাঞ্চলৰ বিভিন্ন দল-সংগঠনে কেবৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি ৰাজপথলৈ ওলাই আহিছে । এনে দল-সংগঠনসমূহৰ ভিতৰত অন্যতম হ’ল- নৰ্থ-ইষ্ট ফ’ৰাম ফৰ ইণ্ডেজেনাছ পিপুল’ (এন ই এফ আই পি) । কেবৰ বিৰোধিতাৰে এন ই এফ আই পিয়ে সহযোগী সংগঠনসমূহৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিব । ইয়াৰ অংশস্বৰূপ দুদিনীয়াকৈ নৈশ পথ অৱৰোধ কাৰ্যসূচী ঘোষণা কৰিছে ‘দ্য কনফেডাৰেচন অৱ মেঘালয় ছ’চিয়েল অৰ্গেনাইজেচনছে’। ঘোষিত কাৰ্যসূচী অনুসৰি সংগঠনটোৱে সোমবাৰে সন্ধিয়া ৭ বজাৰ পৰা মঙলবাৰে পুৱা ৬ বজালৈ আৰু পুনৰ মঙলবাৰে সন্ধিয়া ৭ বজাৰ পৰা ২০ নৱেম্বৰৰ পুৱা ৬ বজালৈ মেঘালয়ৰ নৈশ পথ অৱৰোধেৰে প্ৰতিবাদ সাব্যস্ত কৰিব । আনহাতে এন অ এফ আই পিৰ আন এটা অংশীদাৰী সংগঠন ‘দ্য মণিপুৰ পিপল এগেইনষ্ট কেবে’ সোমবাৰে নিশা ১২ বজাৰ পৰা মঙলবাৰে সন্ধিয়া ৬ বজালৈ ১৮ ঘণ্টীয়া মণিপুৰ বন্ধৰ আহ্বান জনাইছে । উল্লেখ্য যে উত্তৰ-পূব ছাত্ৰ সংগঠনে (নেছ’) সোমবাৰে কেবৰ বিৰুদ্ধে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যতে প্ৰতিবাদ সাব্যস্ত কৰিছে ।