গুৱাহাটী ষ্টেচনত ড্ৰাগছসহ মণিপুৰী যুৱকক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰঃ গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰা দেওবাৰে চৰকাৰী ৰে’ল আৰক্ষীয়ে অভিযান চলাই নিষিদ্ধ ড্ৰাগছসহ এজন সৰবৰাহকাৰী যুৱকক গ্ৰেপ্তাৰ কৰে । ধৃত ড্ৰাগছ সৰবৰাহকাৰী যুৱকজন ইম্ফল সেনাপতি জিলাৰ লিভিংষ্টন চি কে । ধৃত সৰবৰাহকাৰীটোৰ পৰা আৰক্ষীয়ে প্ৰায় ২ কিলোগ্ৰাম কেটামিন ডিমাপুৰৰ পৰা বাংগালুৰুলৈ নিয়াৰ পৰিকল্পনা কৰিছিল । দেওবাৰে পুৱাৰ ভাগত নামনিমুৱা ২২৫০২ নম্বৰৰ ৰে’লখনত ৰে’ল আৰক্ষীয়ে চলোৱা তালাচীত ২ কেজি ওজনৰ দুটা কেটামিনৰ পেকেট জব্দ কৰাৰ লগতে মণিপুৰী যুৱকজন গ্ৰেপ্তাৰ কৰে ।