গেলেকীত চাহ গছ কাটি ৪ টাকৈ পাতগৃহ জ্বলালে নগা দুৰ্বৃত্তই

নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰঃ শিৱসাগৰৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী গেলেকীত পুনৰ নগা দুৰ্বৃত্তৰ সন্ত্ৰাস । নগা শান্তি চুক্তিৰ পূৰ্বে অসমৰ বহু চাহ বাগিছাসহ অসমৰ বৃহৎ ভূখণ্ড দখলৰ চেষ্টা অব্যাহত ৰাখিছে নগাই । শনিবাৰে পুৱতি নিশা গেলেকী-বৰহোলা অঞ্চলত এটা নগা দুৰ্বৃত্তৰ দলে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহ বাগিচাৰ চাহগছ কাটি ধ্বংস কৰাৰ লগতে কেইবাটাও পাতগৃহ ভস্মীভূত কৰে । ইপিনে সীমান্তৱৰ্তী অঞ্চলত প্ৰশাসনৰ ফোঁপোলা স্বৰূপ উদঙাই অসমৰ মাটিত তাণ্ডৱ চলোৱা নগা দুৰ্বৃত্তৰ দলটোক ৰাইজে খেদি যোৱাত দলটোৱে পলায়ন কৰে । পাছত গেলেকী থানাৰ আৰক্ষীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হয় যদিও এজনো দুৰ্বৃত্তক কৰায়ত্ত কৰিবলৈ সক্ষম নহয় ।