নগা চুক্তিৰ পূৰ্বে অসম সীমান্তত চুবুৰীয়া ৰাজ্যৰ সন্ত্ৰাস

গেলেকী সংৰক্ষিত বনাঞ্চলৰ চাৰি হাজাৰ বিঘা ভূমিত নগাৰ বেদখল

গুৱাহাটী, ১৩ নৱেম্বৰঃ পুনৰ অসমৰ মাটিত বেদখল নগাৰ। কেইবাদশক ধৰি অসম নাগালেণ্ড সীমান্তত অব্যাহত থকা সীমা বিবাদ মীমাংসা নোহোৱাৰ পৰিপেক্ষিতত অগ্ৰাসী নগাই শিৱসাগৰ, যোৰহাট, গোলাঘাট, কাৰ্বি আংলং জিলাৰ হাজাৰ হাজাৰ বিঘা মাটি অবৈধ দখল অব্যাহত ৰাখিছে। নগাই অসমৰ দখলীকৃত ভূমিত গাঁও, আৰক্ষী চকী, বিদ্যালয় গৃহ পৰ্যন্ত নিৰ্মাণ কৰিছে। ইয়াৰ উপৰিও নাগালেণ্ডৰ বিদ্ৰোহী সংগঠন এনএছচিএনে বৃহত্তৰ নাগালিমৰ দাবীত অব্যাহত ৰখা সশস্ত্ৰ সংগ্ৰামৰ সমান্তৰালকৈ নাগালেণ্ড সীমান্তৱৰ্তী জিলা ক্ৰমে কাৰ্বি আংলং, গোলাঘাট, যোৰহাট আৰু অবিভক্ত শিৱসাগৰ জিলাৰ হাজাৰ হাজাৰ বিঘা ভূমিৰ বনাঞ্চল ধব্বংস কৰি বৃহত্তৰ নাগালিমৰ অন্তৰ্ভুক্ত কৰি নাগালেণ্ডৰ সীমা বৃদ্ধি কৰাৰ বিপৰীতে অসমৰ চাৰিসীমা সংকুচিত কৰিছে।

ASSAM LANDNAGA encroachmentNSCN