মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বাঘগৃহত চি বি আইৰ তালাচী

মণিপুৰ, আইজল, গুৰগাঁৱতো তালাচী

নিয়মীয়া বাৰ্তা ২২ নৱেম্বৰঃ কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চি বি আইয়ে শুকুৰবাৰে কেইবাটাও স্থানত মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অকৰাম ইববি সিঙৰ আবাস, কাৰ্যালয়ত বেনামী সম্পত্তিৰ সন্ধানত তালাচী চলায়।

বৰ্তমান ইববি সিঙ মণিপুৰ কংগ্ৰেছৰ চি এল পি নেতা। চি বি আইয়ে ইতিমধ্যেই ইববি সিঙৰ লগতে পাঁচ জন মণিপুৰ উন্নয়ন সমিতিৰ সদস্যৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

উল্লেখ্য যে ইববি সিঙ মণিপুৰৰ মুখ্যমন্ত্ৰী আছিল তেতিয়া তেওঁৰ কাৰ্যকালত ১৮০ কোটি টকাৰ কেলেংকাৰী সংঘটিত হৈছিল সেই কেলেংকাৰীত সিঙৰ নাম সাঙোৰ খাইছে যাৰ বাৰে চি বি আইয়ে আজি এই অভিযান চলায়।

cbi raidex cmmanipur