সেনাৰ নাম লৈ অৰুণাচলী সুৰাৰ বৃহৎ চোৰাং কাৰোবাৰ

নাগালেণ্ডত সেনাক মাহে প্ৰয়োজন মাত্ৰ ১,০৭১ কাৰ্টুন সুৰা, প্ৰতিদিনে গৈ আছে ১১,২০০ কাৰ্টুন !!!

নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰঃ অৰুণাচলী সুৰাৰ কোটিটকীয়া চোৰাং ব্যৱসায়ৰ এটাৰ পাছত এটা বিস্ফোৰক তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে । নাগালেণ্ড আবকাৰী বিভাগৰ তথ্যৰ পৰা ওলাই পৰিছে চোৰা সুৰা সাম্ৰাজ্যৰ বহু গোপন কাহিনী । নাগালেণ্ড আবকাৰী বিভাগে জনোৱা মতে লাগালেণ্ডত কৰ্মৰত সোনা আৰু অৰ্ধসামৰিক বাহিনীৰ বাবে ২০১৮ ৰ জানুৱাৰীৰ পৰা ২০১৯ ৰ জানুৱাৰী পৰ্যন্ত সুৰাৰ প্ৰয়োজন আছিল মুঠ ১৩,৯৩২ কাৰ্টুন । কিন্তু ইয়াৰ বিপৰীতে চৰকাৰী তথ্য মতে যোগান ধৰা হৈছিল ১৫,৫৯৭ কাৰ্টুন । নাগালেণ্ড আবকাৰী বিভাগৰ মতে সেনাবাহিনীত প্ৰতিমাহে ১,০৭১ কাৰ্টুন সুৰাৰ প্ৰয়োজন হয় । কিন্তু বাস্তৱত ইয়াৰ প্ৰায় এশ গুণ অধিক সুৰা এদিনতে অসমৰ মাজেৰে নাগালেণ্ডলৈ সৰবৰাহ কৰা হয় । উল্লেখ্য যে প্ৰাপ্ত অভিযোগ মতে এই বিশাল সুৰা সাম্ৰাজ্যৰ গুৰি ধৰিছে দুজন অনা-অসমীয়া ক্ৰমে বীৰা সিং আৰু কমলজিৎ সিঙে সেনাৰ পাৰ্মিট লৈ নাগালেণ্ডলৈ অৰুণাচলী সুৰা চালান দি আহিছে । অবৈধ সুৰা ব্যৱসায়ীৰ এই গোপন কাহিনী ফাদিল হোৱাৰ পাছত দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল চৰকাৰেখনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয় ।

Featured