অৰুণাচল সীমান্তত চীনা সেনাৰ তৎপৰতাঃ উপগ্রহ চিত্রত ধৰা পৰিল যুদ্ধ অনুশীলনৰ তথ্য

  • টাৱাঙৰ সংঘর্ষৰ পাছত অৰুণাচলৰ সমীপৰ তিব্বতৰ ঘাটিত চীনা সেনাৰ তৎপৰতা
  • যুদ্ধবিমান–ড্র’ন লৈ সষ্টম পিএলএ
  • উপগ্রহ চিত্রত ধৰা পৰিল যুদ্ধ অনুশীলনৰ তথ্য

 

নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰ: অৰুণাচল প্রদেশৰ টাৱাঙৰ প্রকৃত নিয়ন্ত্রণ ৰেখা (এল এ চি)ত যোৱা ৯ ডিচেম্বৰৰ নিশা সংঘর্ষৰ পাছত চীন অধিকৃত তিব্বতত পিপলছ লিবাৰেচন আর্মী (পি এল এ)ৰ যুদ্ধবিমান আৰু ড্র’নৰ ব্যাপক অহা–যোৱা আৰম্ভ হৈছে৷ বিগত কেইবাদিনো ধৰি প্রতিৰক্ষা মন্ত্রালয় তথা ভাৰতীয় সেনাৰ বিভিন্ন সূত্রই চীনা বিমান বাহিনীৰ তৎপৰতাৰ খবৰ লাভ কৰি আহিছে৷ এইবাৰ মেক্সাৰে সংগ্রহ কৰা উপগ্রহ চিত্রত তাৰ প্রমাণ পোৱা গৈছে৷ ভাৰতীয় সেনাই পূর্বে লাভ কৰা তথ্যতকৈ চীনা সেনাৰ তিব্বতৰ ঘাটিত চলি থকা তৎপৰতা অধিক উদ্বেগজনক হিচাপে চিহ্ণিত হৈছে৷ এই উপগ্রহ চিত্রত দেখিবলৈ পোৱা গৈছে যে চীন অধিকৃত তিব্বতৰ চাংডু বাংডা, বিমানঘাটিত ৰাছিয়াৰ সহযোগিতাত নির্মাণ কৰা এছ ইউ–৩৫ যুদ্ধবিমান, এছ ইউ–৩০ এম কে ৱাই যুদ্ধবিমান, ড্র’ন তথা অত্যাধুনিক চোৰাংচোৱা বিমান আৱাক্স মোতায়েন কৰিছে চীনা বাহিনীয়ে৷

উল্লেখনীয় যে চাংজি কেজে–৫০০ ছিৰিজৰ এই চোৰাংচোৱা বিমানে ভাৰতীয় স্থল আৰু বায়ুসেনাৰ প্রস্তুতি সন্দর্ভত নিখুঁত তথ্য সংগ্রহ কৰিব পাৰে৷ ইয়াৰ উপৰি চীনা বাহিনীৰ অত্যাধুনিক ড্র’ন ডব্লিউ জেড–৭ মোতায়েন কৰা হৈছে চাংডু বাংডা ঘাটিত৷ ২০২১ চনত পি এল এত প্রথমবাৰলৈ ব্যৱহাৰ কৰা এই ড্র’নে একেৰাহে ১০ ঘণ্টা ধৰি উৰি শত্রুপক্ষৰ ওপৰত নজৰদাৰী চলাব পাৰে৷ ইয়াৰ উপৰি মধ্যম দূৰত্বভেদি ক্রুইজ ক্ষেপণাস্ত্রক আঘাত হনাৰ বাবে সুনির্দিষ্ট লক্ষ্য চিহ্ণিত কৰি দিব পাৰে এই ড্র’নে৷ মেক্সাৰে সংগ্রহ কৰা ১৪খন উপগ্রহ ছবিত দেখা গৈছে টাৱাঙৰ সংঘর্ষৰ পাছত ছাংডু বাংডা বিমান ঘাটিত হঠাতে অস্থায়ী হেঙাৰ নির্মাণ কৰিছে চীনা বাহিনীয়ে৷ যুদ্ধকালীন পৰিস্থিতিত টাৱাঙৰ প্রকৃত নিয়ন্ত্রণ ৰেখাৰ পৰা মাত্র ১৫০ কিলোমিটাৰ নিলগৰ উত্তৰ–পূবৰ এই বিমান ঘাটিত দ্রুতগতিত ফাইটাৰ স্কোৱাড্রনবোৰক মোতায়েন কৰাৰ উদ্দেশ্যেই এই হেঙাৰবোৰ নির্মাণ কৰিছে চীনা বাহিনীয়ে৷

ইফালে বিশেষজ্ঞসকলে আশংকা কৰা অনুসৰি চীনা সেনাই তিব্বতৰ এই ঘাটিত যি হাৰত অস্ত্র আৰু সেনা মোতায়েন কৰিছে, সেয়া সমৰ প্রস্তুতি বা যুদ্ধাভ্যাসৰ ইংগিত৷ অৱশ্যে উপগ্রহ ছবিত এতিয়াও চীনৰ সেনাই উক্ত অঞ্চলত সমৰ অনুশীলন আৰম্ভ কৰাৰ কোনো প্রমাণ পোৱা নাই প্রতিৰক্ষা বিভাগে৷ যোৱা ৯ ডিচেম্বৰত নিশা চীনা বাহিনীয়ে টাৱাং ছেক্টৰৰ য়াংছে অঞ্চলত প্রকৃত নিয়ন্ত্রণ ৰেখা অতিক্রম কৰি ভাৰতীয় অঞ্চলত প্রৱেশৰ চেষ্টা চলাইছিল৷ তেতিয়াই ভাৰতীয় সেনাৰ সৈতে সংঘর্ষৰ সৃষ্টি হয় চীনা সেনাৰ৷ এই সংঘর্ষত উভয়পক্ষৰ কেইবাজনো জোৱান আহত হয়৷

অৱশ্যে দ্বিপাক্ষিক সেনা বিষয়া স্তৰত ‘ৰুল অৱ এংগেজমেণ্ট’ মানে কোনো আগ্ণেয় অস্ত্রৰ ব্যৱহাৰ কৰা নাছিল প্রতিৱেশী দেশ দুখনৰ সৈনিকে৷ স্মর্তব্য যে উপগ্রহৰ সাহায্যত তোলা মানচিত্র সৰবৰাহকাৰী সংস্থা মেক্সাৰৰ পৰা লাভ কৰা বিভিন্ন ছবি পূর্বে সত্য বুলি প্রমাণিত হৈছে৷ এইবাৰো সংস্থাটোৱে সীমান্তৰ সমীপতে চীনা সেনাৰ এই তৎপৰতাৰ ছবি মুকলি কৰি দিয়াৰ লগে লগে ভাৰতৰ উদ্বেগ বৃদ্ধি পাইছে৷ কাৰণ বিভিন্ন সময়ত সেনা বিষয়া পর্যায়ৰ বৈঠকত চীনা বাহিনীয়ে এল এ চিত শান্তি আৰু সুস্থিৰতা অক্ষত ৰাখিব বুলি প্রতিশ্রুতি দি আহিছে যদিও বাৰে বাৰে এই প্রতিশ্রুতি ভংগ কৰিছে৷ যোৱা ৯ ডিচেম্বৰৰ নিশাই টাৱাঙত সেই কথা পুনৰ প্রমাণিত হৈছে৷

Featured