নিয়মীয়া বাৰ্তা, ১৬ জানুৱাৰীঃ অসমীয়া জন জীৱনলৈ অসমত বস বাস কৰা মাৰোৱাৰী সমাজৰ যথেষ্ঠ অৱদান আছে। অসমীয়া জাতি গঠন প্ৰক্ৰিয়াতো মাৰোৱাৰী সমাজৰ অৱদানৰ কথা নুই কৰিব নোৱাৰি । এই মন্তব্য নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱাৰ। আজি মাৰোৱাৰী সন্মিলনৰ নগাঁও শাখাৰ উদ্যোগত নগাঁও গো-শালাত আয়োজন কৰা সমন্বয় ভোগালী উৎসৱৰ অনুষ্ঠানত মূখ্য বক্তা হিচাবে অংশ গ্ৰহণ কৰি বৰুৱাই কয়- অসমীয়া ভাষা সংস্কৃতি লগত মাৰোৱাৰী সমাজ জৰিত হোৱাটো এক উল্লেখনীয় পৰিঘটনা। অনুষ্ঠানত মূখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি বিশিষ্ট শিক্ষাবিদ , গবেষক ড: নৰেন কলিতাই কয়- জ্যোতিপ্ৰসাদ আগৰৱালাকে ধৰি বহু কেইজন মাৰোৱাৰী সম্প্ৰদায়ৰ লোকে অসমীয়া ভাষা সংস্কৃতিৰ বিকাশৰ হকে বহু কাম কৰি থৈ গৈছে। জ্যোতিপ্ৰসাদক বাদ দি আমি অসমীয়া সংস্কৃতিৰ ৰূপান্তৰৰ কথা ভাবিব নোৱাৰো। অনুষ্ঠানত অংশ গ্ৰহণ কৰি প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাই কয়- সাহিত্য সংস্কৃতিয়ে সমাজত সমন্বয় সৃষ্টি কৰে । মাৰোৱাৰী সমাজে ভোগালী বিহু উদযাপন কৰি সম্প্ৰতিৰ নিদৰ্শন দাঙি ধৰিছে । অনুষ্ঠানত জেষ্ঠ অধিবক্তা দেৱব্ৰত শৰ্মা , বিশ্বনাথ কলেজৰ অধ্যক্ষ ড: চিন্তামনি শৰ্মা , অসম বাৰ্তা জীৱী সংঘৰ নগাঁও জিলা সমিতিৰ সভাপতি কনক হাজৰিকা আদিয়ে ভাষন প্ৰদান কৰে। মাৰোৱাৰী সন্মিলনৰ নগাঁও শাখাৰ প্ৰাক্তন সভাপতি অনিল শৰ্মাই আত ধৰা অনুষ্ঠানত আদৰনী ভাষন প্ৰদান কৰে মাৰোৱাৰী সন্মিলনৰ নগাঁও শাখাৰ সভাপতি ললিত কোঠাৰীয়ে । অনুষ্ঠানত সন্মিলনৰ নগাঁও শাখাৰ সম্পাদক সঞ্জয় গাড়ডিয়া , কোষাধক্ষ অজয় মিট্টাল , নগাঁও গো শালাৰ সভাপতি চাবৰমল খেটাৱত আদিয়ে অংশ গ্ৰহণ কৰে। পুৱা নগাঁৱৰ সমাজ জীৱনৰ লগত জৰিত ৫০ জনৰো অধিক ব্যক্তিয়ে বিহুৰ পতাকা উত্তোলন কৰাৰ লগতে মেজিত অগ্নি সংযোগ কৰে । দিনৰ ভাগত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। সংস্কৃতিক অনুষ্ঠানত মাৰোৱাৰী যুৱতী সকলে বিহু নৃত্যকে ধৰি অসমীয়া লোক নৃত্য , গীত পৰিবেশন কৰে। সাংস্কৃতিক অনুষ্ঠান পৰিচালনা কৰে । শিল্পী নিৰ্মলা আলমপুৰীয়া আৰু পৱন কিল্লাই । উল্লেখ যে মাৰোৱাৰী সন্মিলনীয়ে প্ৰথম বাৰৰ বাবে বিহু উদযাপন কৰে ।