বিয়াৰ ২১ দিন পূর্বে আত্মহত্যা গোলাঘাটৰ জোৱান বিশ্বজিতৰ

নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰীঃ জম্মু আৰু কাশ্মীৰত কর্মৰত অসমৰ সেনা জোৱানৰ আত্মহত্যাৰ এক কৰুণ ঘটনা আজি পোহৰলৈ আহিছে৷ গোলাঘাটৰ গৰাগুৰি এলেকাৰ বাসিন্দা বিশ্বজিৎ গগৈয়ে নিজৰ ছার্ভিচ ৰাহফলেৰে গুলীয়াহ আত্মহত্যা কৰা বুলি সেনা নিয়ন্ত্রণ কক্ষৰ পৰা আজি প্রকাশ কৰা হৈছে৷ জম্মুৰ নাগৰোটা চহৰত ৬০ ৰাষ্ট্রীয় ৰাহফলছত কর্তব্যৰত অৱস্থাত গগৈয়ে আত্মহত্যা কৰা বুলি সেনাৰ তৰফৰ পৰা জনোৱা হৈছে৷ গগৈৰ শৱ মৰণোত্তৰ পৰীক্ষাৰ বাবে জম্মুৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়লৈ প্রেৰণ কৰা হৈছে বুলি জম্মু আৰক্ষীয়ে জানিবলৈ দিয়ে৷ সেনাৰ লগতে আৰক্ষীয়ে ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে৷

মন কৰিবলগীয়া যে গগৈৰ আত্মহত্যাৰ পাছত যোৱা ডেৰ দশকত দেশৰ নিৰাপত্তা বাহিনীৰ মুঠ ৫৩২গৰাকী জোৱান–বিষয়াহ আত্মহত্যা কৰা বুলি সেনাৰ তৰফৰ পৰা প্রকাশ কৰা হৈছে৷ উল্লেখ্য যে গোলাঘাট জিলাৰ বাদুলীপাৰাৰ বিশ্বজিৎ গগৈ ৬০ ৰাষ্ট্রীয় ৰাহফলছৰ চিপাহী হিচাপে কর্মৰত আছিল৷ মৃত সেনা জোৱানজনৰ অহা ১০ মার্চত বিবাহৰ দিন ধার্য কৰা হৈছিল৷ খুমটাই আঁঠুকঢ়া চূকৰ এগৰাকী যুৱতীৰ সৈতে বিবাহত বহাৰ কথা আছিল বিশ্বজিৎ গগৈৰ৷ তেওঁৰ বিবাহৰ বাবে ইতিমধ্যে সকলো প্রস্তুতি সম্পূর্ণ কৰা হৈছিল৷ কইনাৰ ঘৰতো বিবাহৰ সম্পূর্ণ প্রস্তুতি হৈ উঠিছিল বুলি জানিব পৰা গৈছে৷

এই মৃত্যুৰ সংবাদে দুয়োটা পৰিয়ালৰ মাজত শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে৷ বিবাহ উপলক্ষে আহিবলগীয়া সেনা জোৱানজনৰ নিথৰ দেহে এতিয়া চমজি ল’ব লাগিব পৰিয়ালে৷ তাকে লৈ সৃষ্টি হৈছে অবাঞ্চিত পৰিস্থিতিৰ৷ সেনা জোৱান গগৈয়ে অকাল মৃত্যু আঁকোৱালি লোৱা ঘটনাই সমগ্র অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে৷