বিজেপিৰ বুথ সভাপতিক ঘৰৰ চোতালতে ঘপিয়াই নৃশংস হত্যা

নিয়মীয়া বাৰ্তা ২৬ জানুৱাৰীঃ গোৱালপাৰা জিলাৰ দুধনৈ বিধানসভা সমষ্টিৰ অন্তর্গত ৰংজুলিৰ ৰৌমাৰী গাঁৱত যোৱানিশা সংঘটিত এক লোমহর্ষক হত্যাকাণ্ডই তীব্র চাঞ্চল্য সৃষ্টি কৰিছে সমগ্র ৰংজুলি অঞ্চলত৷ নিশা প্রায় ৯ বজাত ৰৌমাৰীস্থিত নিজৰ ঘৰৰ চোতালতে দাৰে উপর্যুপৰি ঘপিয়াই হত্যা কৰে মনোজ মাছাৰী নামৰ এজন লোকক৷ ভাৰতীয় জনতা পার্টীৰ ৰংজুলি মণ্ডলৰ অন্তর্গত ৰৌমাৰী বুথ সমিতিৰ সভাপতি মনোজ মাছাৰীৰ (৪৭) হত্যাকাণ্ডই তীব্র চাঞ্চল্য সৃষ্টি কৰিছে সমগ্র ৰংজুলিত৷ জানিব পৰা মতে, হত্যাকাৰী অলী কছাৰী মনোজ মাছাৰীৰ সম্বন্ধীয় ভায়েক৷ সৰুতে পিতৃ–মাতৃহাৰা অলীক মনোজ মাছাৰীৰ পৰিয়ালে তুলিতালি ডাঙৰ–দীঘল কৰিছিল৷ পাছত তেওঁক পৃথককৈ ঘৰ বান্ধিবৰ বাবে বাৰীৰ মাটিও দিছিল মনোজ মাছাৰীৰ পৰিয়ালে৷

কিন্তু যোৱানিশা কি কাৰণত এই ঘটনা সংঘটিত কৰিলে, এতিয়াও পোহৰলৈ অহা নাই৷ ফলত ৰহস্যৰ আৱর্ততে আছে চাঞ্চল্যকৰ হত্যাৰ কাৰণ৷ ইপিনে হত্যাকাণ্ড সংঘটিত কৰিয়েই পলায়ন কৰে হত্যাকাৰী অলী কছাৰীয়ে৷ ৰংজুলি আৰক্ষীয়ে হত্যাকাণ্ডটোৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু তেজেৰে ৰাঙলী হৈ থকা মনোজ মাছাৰীক ৰংজুলি সামূহিক চিকিৎসালয়লৈ প্রেৰণ কৰে যদিও ইতিমধ্যে তেওঁৰ মৃত্যু ঘটে৷ আনহাতে, পলাতক হত্যাকাৰী অলী কছাৰীক বিচাৰি গোটেই নিশা ৰংজুলিৰ আৰক্ষীয়ে অভিযান চলায় আৰু আজি পুৱা দৰংগিৰিৰ কাচাদলৰ ১৭ নম্বৰ ৰাষ্ট্রীয় ঘাইপথত গাডীত উঠি পলাবলৈ বিচাৰোঁতে ৰংজুলি আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ উল্লেখ্য যে মনোজ মাছাৰী ৰংজুলিৰ এগৰাকী প্রতিষ্ঠিত ব্যৱসায়ী আৰু সাংস্কৃতিক কর্মী আছিল৷ তেওঁ ৰংজুলিৰ প্রতিটো সাংস্কৃতিক অনুষ্ঠানৰ সৈতে জডিত আছিল৷ তেওঁৰ মৃত্যুৰ বাতৰিয়ে ৰংজুলিত শোকৰ ছাঁ পেলায়৷ আজি তেওঁৰ মৃত্যুৰ বাবে ৰংজুলি চহৰ এক ঘণ্টাৰ বাবে বন্ধ ৰখা হয়৷