বিভিএফচিএলৰ উৎপাদন সঞ্চালক হিচাপে নিযুক্তি প্ৰদীপ কুমাৰ বানিক

নিয়মীয়া বাৰ্তা, ২৩মাৰ্চ: সাৰ  আৰু ৰসায়ন বিভাগৰ অধীনস্থ ৰাজহুৱা খণ্ডৰ উদ্যোগ ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন লিমিটেড (বিভিএফচিএল)ৰ উৎপাদন সঞ্চালক  হিচাপে নিযুক্তি লাভ কৰিছে প্ৰদীপ কুমাৰ বানিকে।  ১৯ মাৰ্চত  ডিপাৰ্টমেণ্ট অব পাৰ্চনেল আৰু ট্ৰেইনিং   বিভাগে জাৰি কৰা এক নিৰ্দেশনা অনুসৰি কেবিনেটৰ নিযুক্তি সমিতিয়ে বানিকক নিযুক্তিৰ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ বিভিএফচিএলৰ সঞ্চালক (উৎপাদন) হিচাপে অনুমোদন জনাইছে।  উল্লেখযোগ্য যে বিগত বৰ্ষৰ  ১৪ জুলাইত ৰাজহুৱা উদ্যোগ নিৰ্বাচন ব’ৰ্ডৰ (পিইএছবি) পেনেলে বানিকক বিভিএফচিএলৰ সঞ্চালক (উৎপাদন) পদৰ বাবে পৰামৰ্শ দিছিল।  পি ই এছ বি বাছনি পেনেলে সাক্ষাৎকাৰ লোৱা তিনিজন প্ৰাৰ্থীৰ তালিকাৰ পৰা তেওঁক এই পদৰ বাবে নিৰ্বাচিত কৰা হৈছিল।  

স্মৃতি ৰেখা কলিতা, নামৰূপ