বিজনীত নিৰ্বাচনী হিংসাত উচটনিঃ দুৰ্বৃত্তই নষ্ট কৰিলে অগপ-বিপিএফৰ পতাকা তথা আচবাব

নিয়মীয়া বাৰ্তা, ৩ ডিচেম্বৰঃ বিটিচি নিৰ্বাচনৰ দিন যিমানেই ওচৰ চাপি আহিছে, বিটিচিত সিমানেই গৰম হৈ পৰিছে নিৰ্বাচনী বতাহ। সংবাদ মাধ্যম তথা নিৰ্বাচনী সভাত ৰাজনৈতিক নেতাৰ ভাষণৰ সমান্তৰালভাৱে দুৰ্বৃত্তৰ দ্বাৰা সংঘটিত হৈ আছে নিৰ্বাচনী কাৰ্যালয় আক্ৰমণৰ ঘটনা।

বুধবাৰে নিশা চিৰাং জিলাৰ বিজনীৰ বৰলাউগাঁৱত বিপিএফৰ সমৰ্থিত অগপৰ কাৰ্যালয় লণ্ডভণ্ড কৰে দুৰ্বৃত্তই। ১৯নং থুৰিবাৰী সমষ্টিৰ বিপিএফ সমৰ্থিত অগপৰ প্ৰাৰ্থী পাৰ্থজিৎ ৰায়ৰ নিৰ্বাচনী কাৰ্যালয়ৰ পতাকা, বেনাৰ, পোষ্টাৰ ফালি লণ্ডভণ্ড কৰে অজ্ঞাত দুৰ্বৃত্তই। ঘটনা সংক্ৰান্তত অসম আৰক্ষীয়ে তদন্ত কৰি দুষ্কৃতিকাৰীক উচিত শাস্তি দিয়াৰ দাবী জনায় সমষ্টিটোৰ অগপ প্ৰাৰ্থী পাৰ্থজিৎ ৰায়ে।

আনফালে একে নিশাই বিজনীৰ বাতাবাৰীতো ১৭ নং সুবাইজাৰ সমষ্টিৰ বিপিএফ প্ৰাৰ্থী প্ৰভাত বসুমতাৰীৰ নিৰ্বাচনী কাৰ্যালয় লণ্ডভণ্ড কৰে দুৰ্বৃত্তই। কাৰ্যালয়টোৰ বেনাৰ পোষ্টাৰ ফালি তচনচ কৰে দুৰ্বৃত্তৰ দলে।