নিয়মীয়া বাৰ্তা, ১২ মাৰ্চঃ কাছাৰ জিলাৰ সীমান্তৱৰ্ত্তী ৰাজ্য মণিপুৰৰ পৰা ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ নেতৃত্বত বিভিন্ন কৌশলেৰে জিলাখনত নিষিদ্ধ ড্ৰাগছ সৰবৰাহৰ তৎপৰতা ব্যাপক হাৰত বৃদ্ধি পাই আহিছে । এনে সময়তে মণিপুৰ সীমান্তৰ লক্ষীপুৰ মহকুমাৰ এচ ডি পি অ’ পাৰ্থপ্ৰতিম দাসে ( আই পি এছ) চোৰাং চক্ৰটোৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰি বিগত সময়ত পুৰুষ-মহিলা সমন্বিতে কেইবাটাও ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । অনুৰূপ ধৰণে লক্ষীপুৰ আৰক্ষীৰ সহযোগত পুনৰ ১০ মাৰ্চৰ দিনা ১২ বজাত জুজাং পাহাৰীয়া অঞ্চলত ( Jujang hill) তালাচী অভিযান চলাই ১৮০ গ্ৰাম হেৰ’ইন সহ এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । ধৃত অভিযুক্ত হৈছে মণিপুৰ জিৰিবাম থানাৰ অন্তৰ্গত মূলাৰগাওঁ আহামাডাবাদৰ মইনা মিঞাৰ পুত্ৰ শ্বাহাৰুল ইছলাম (২৫) । আৰক্ষীৰ সূত্ৰত জব্দকৃত হেৰ’ইনখিনি বজাৰমূল্য প্ৰায় ৩.৫০ লাখৰো অধিক হ’ব । ইতিমধ্যে ঘটনাৰ সংক্ৰান্তত লক্ষীপুৰ থানাত ৭৫/২০২১ নম্বৰত ৰুজু হোৱা গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ২১ (বি) এন ডি পি এছ এক্টৰ অধীনত অভিযুক্তক জেল হাজোতলৈ প্ৰেৰণ কৰা লগতে তদন্ত অব্যাহত ৰাখিছে ।