নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লক্ষীপুৰ এচ ডি পি অ’ৰ তৎপৰতাত পুনৰ হেৰ’ইনসহ এজনক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ১২ মাৰ্চঃ কাছাৰ জিলাৰ সীমান্তৱৰ্ত্তী ৰাজ্য মণিপুৰৰ পৰা ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ নেতৃত্বত বিভিন্ন কৌশলেৰে জিলাখনত নিষিদ্ধ ড্ৰাগছ সৰবৰাহৰ তৎপৰতা ব্যাপক হাৰত বৃদ্ধি পাই আহিছে । এনে সময়তে মণিপুৰ সীমান্তৰ লক্ষীপুৰ মহকুমাৰ এচ ডি পি অ’ পাৰ্থপ্ৰতিম দাসে ( আই পি এছ) চোৰাং চক্ৰটোৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰি বিগত সময়ত পুৰুষ-মহিলা সমন্বিতে কেইবাটাও ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । অনুৰূপ ধৰণে লক্ষীপুৰ আৰক্ষীৰ সহযোগত পুনৰ ১০ মাৰ্চৰ দিনা ১২ বজাত জুজাং পাহাৰীয়া অঞ্চলত ( Jujang hill) তালাচী অভিযান চলাই ১৮০ গ্ৰাম হেৰ’ইন সহ এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । ধৃত অভিযুক্ত হৈছে মণিপুৰ জিৰিবাম থানাৰ অন্তৰ্গত মূলাৰগাওঁ আহামাডাবাদৰ মইনা মিঞাৰ পুত্ৰ শ্বাহাৰুল ইছলাম (২৫) । আৰক্ষীৰ সূত্ৰত জব্দকৃত হেৰ’ইনখিনি বজাৰমূল্য প্ৰায় ৩.৫০ লাখৰো অধিক হ’ব । ইতিমধ্যে ঘটনাৰ সংক্ৰান্তত লক্ষীপুৰ থানাত ৭৫/২০২১ নম্বৰত ৰুজু হোৱা গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ২১ (বি) এন ডি পি এছ এক্টৰ অধীনত অভিযুক্তক জেল হাজোতলৈ প্ৰেৰণ কৰা লগতে তদন্ত অব্যাহত ৰাখিছে ।

You might also like