নিয়মীয়া বাৰ্তা ১২ জানুৱাৰীঃ নাৰীসকলেই পৃথিৱীৰ শ্রেষ্ঠতম শক্তি৷ বর্তমান সময়ৰ নাৰীয়ে অধ্যয়নত মনোনিৱেশ কৰিবলৈ লৈছে৷ নাৰীসকলেহে সম্প্রতি কিতাপ কিনে৷ অকল নাৰীয়ে বেছিকৈ কিতাপ কিনিলে নহ’ব, সকলোৱে কিতাপ কিনিব লাগিব৷ সমাজত পাঠকৰ সৃষ্টি কৰিব লাগিব৷ বিশেষকৈ মাতৃভাষাৰ গ্রন্থৰ পাঠক আমি বঢ়াব লাগিব৷’– এই মন্তব্য অসম সাহিত্য সভাৰ উপ–সভাপতি মৃণালিনী দেৱীৰ৷ নলবাৰী জিলা সাহিত্য সভাৰ ৩৪সংখ্যক প্রতিষ্ঠা দিৱস আৰু মহেন্দ্র নাৰায়ণ চৌধুৰী স্মৃতি তোৰণ উদ্ঘাটন অনুষ্ঠানত আজি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অসম সাহিত্য সভাৰ উপ–সভাপতিগৰাকীয় নাৰীসকলেই পৃথিৱীৰ শ্রেষ্ঠ শক্তি বুলি উল্লেখ কৰি নাৰীয়ে যুগে যুগে মানৱ সৃষ্টি কৰি আহিছে বুলি মন্তব্য কৰে৷ মানৱতাৰ জ্ঞানেৰে মানুহক জ্ঞানী কৰি তুলিবলৈ সক্ষম হ’লেহে সমাজ ব্যৱস্থা উন্নত হ’ব বুলি ভাষণত উল্লেখ কৰি সাহিত্য সভাৰ উপ–সভাপতি দেৱীয়ে ভগৱানে সময়ে সময়ে মহাপুৰুষ পঠিয়াই বিশ্বৰ মংগল কৰি ৰাখে বুলিও মন্তব্য কৰে৷ তেওঁ কয় যে সৃষ্টিৰ কাম এতিয়াও শেষ হোৱা নাই, মানুহবোৰ ভগৱানৰ দৰে দয়ালু আৰু মহীয়ান হ’লেহে সৃষ্টি শেষ হ’ব৷ জীৱশ্রেষ্ঠ মানৱ সমাজ পৰম ব্রহ্মৰ সন্তান৷ মানুহ ভগৱানৰ অংশ আৰু মাতৃৰ গর্ভত জন্ম হয় মানুহ৷ সেইবাবেই মাতৃগৰাকীক মাতা বুলি কোৱা হয় বুলিও সাহিত্য সভাৰ উপ–সভাপতিগৰাকীয় মন্তব্য কৰে৷
নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্রুৱজ্যোতি শর্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত আনগৰাকী বিশিষ্ট অতিথি অসম সাহিত্য সভাৰ প্রধান সম্পাদক যাদৱ চন্দ্র শর্মাই গ্রন্থৰ প্রতি মানুহৰ আকর্ষণ বাঢ়িছে বুলি মন্তব্য কৰে৷ সভাৰ আৰম্ভণিতে আদৰণী ভাষণ দিয়ে অসম সাহিত্য সভাৰ কেন্দ্রীয় কার্যনির্বাহক সদস্য ডাঃ বিপিন চন্দ্র কলিতাই৷ মহেন্দ্র নাৰায়ণ চৌধুৰী স্মৃতি তোৰণ উদ্ঘাটন কৰি নলবাৰী সমষ্টিৰ বিধায়ক অশোক শর্মাই সাহিত্য সমাজৰ দাপোণ বুলি মন্তব্য কৰে৷ নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত জিলা সাহিত্য সভাৰ মুখপত্র ‘নলশ্রী’ উন্মোচন কৰে বিশিষ্ট নাট্যকাৰ অভিজিৎ ভট্টাচার্যই৷ সাংবাদিক শ্বাহ আলম আহমেদে সম্পাদনা কৰা মুখপত্র ‘নলশ্রী’ উন্মোচন কৰি নাট্যকাৰ ভট্টাচার্যই সমাজখনত সাহিত্যিক সৃষ্টিৰ ক্ষেত্রত অসম সাহিত্য সভাই আগভাগ ল’ব লাগিব বুলি মন্তব্য কৰে৷ কবি–সাহিত্যিকসকল সদায় সমাজৰ উন্নয়নৰ দিশলৈ লক্ষ্য ৰাখি কলম ধৰে আৰু কলমৰ মাজেৰে সমাজৰ প্রতিচ্ছবি দাঙি ধৰে বুলিও উন্মোচক ভট্টাচার্যই কয়৷ সভাত কবিতা ডেকা তালুকদাৰে সম্পাদনা কৰা ‘আকাশ’ নামৰ আলোচনীখন উন্মোচন কৰে সাহিত্যাচার্য ড০ বসন্ত কুমাৰ ভট্টাচার্যই৷ উন্মোচনী ভাষণত ড০ ভট্টাচার্যই গ্রন্থ এখনৰ উন্মোচন মানে এখন হূদয়ৰ উন্মোচন বুলি মন্তব্য কৰে৷ সভাত অসম সাহিত্য সভাৰ জাতীয় আদর্শ শিক্ষা সংসদৰ সচিব ৰাণা বশিষ্ঠ আৰু অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক গোবিন্দ কলিতায়ো সাহিত্য সভাৰ দিশ আৰু লক্ষ্য সন্দর্ভত ভাষণ দিয়ে৷ সভাত প্রয়াত চানাৰাম কলিতাৰ পত্নী লাৱণ্যময়ী কলিতা, নলবাৰী জিলা সাহিত্য সভাৰ উপ–সভাপতি অতুল চন্দ্র শর্মা, দানবীৰ মহেন্দ্র নাৰায়ণ চৌধুৰীৰ পুত্র খগেন্দ্র নাৰায়ণ চৌধুৰী, নাতি–বোৱাৰী শেৱালি চৌধুৰী উপস্থিত থাকে৷