নগাঁৱৰ বেবেজীয়াৰ মাহৰিআটিত পথ দুৰ্ঘটনা; নিহত ১

নিয়মীয়া বাৰ্তা, ১৬ জুলাই : নগাঁও সদৰ আৰক্ষী থানাৰ অন্তৰ্গত নগাওঁ বৰঘাট বাইপাছৰ সমীপৰ মাহৰিআটিত আজি দিনৰ এঘাৰ বজাত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে আন দুজন লোক গুৰুত্বৰ ভাৱে আহত হয় ৷

জানিব পৰা মতে, মাহৰিআতি বাইপাছত ৰৈ থকা এ এছ ০১ এফ চি ৪৯৩৬ চিমেন্ট ভৰ্তি ট্ৰাক খনত যোৰহাট দিশৰ পৰা গুৱাহাটী অভিমুখী এ এছ ০১ এইছ চি ৭৮৬২ নম্বৰৰ মালবাহী ট্ৰাক খনে তীব্ৰ বেগত খুন্দা মৰাত সংঘটিত হয় এই পথ দূৰ্ঘটনাটো ৷ পথ দূৰ্ঘটনাটোত আহত লোক দুজন ক্ৰমে ডকমকা ডেকা চাং বস্তি (কাৰ্বি আংলং) ৰ জেফৰিক কেৰকটা (২১) আৰু পুকৌ- ইম্ফলৰ দিগেন্দ্ৰ সিংহা (২৯) বুলি জানিব পৰা গৈছে ৷

দুৰ্ঘটনাত নিহত এছ ০১ এইছ চি ৭৮৬২ নম্বৰৰ ট্ৰাক খনৰ হেণ্ডিমেনজনক বাতৰি লিখা পৰলৈকে চিনাক্ত কৰিব পৰা হোৱা নাই ৷