গোলকগঞ্জত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিল : নিৰ্বাচনী আচৰণ বিধি চলি থকাৰ সময়তে অবৈধ গাঞ্জাৰ বিৰুদ্ধে গোলকগঞ্জৰ আৰক্ষী আৰু চিআৰপিএফে যৌথ অভিযান চলায়। অভিযানত বৃহৎ পৰিমাণৰ অবৈধ গাঞ্জা জব্দ কৰাৰ লগতে আটক কৰে এজনক। প্ৰাপ্ত তথ্য মতে, এক গোপন তথ্যৰ আধাৰত যোৱানিশা  গোলকগঞ্জ থানাৰ উপ-পৰিদৰ্শক পাপৰি নাথৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দল আৰু চিআৰপিএফৰ ৪৮ নং বেটেলিয়েনৰ এটি দলে গোলকগঞ্জৰ উত্তৰ টোকৰেৰছৰা ২য় খন্ডৰ সিদ্ধি বিশ্বাস (৬০) নামৰ ব্যক্তিজনৰ ঘৰত চলাইছিল অভিযান। অভিযানত সিদ্ধি বিশ্বাসৰ ঘৰৰ পৰা ১১ কেজি ৭৬৫ গ্ৰাম গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়।  ধৃত সিদ্ধি বিশ্বাস দীৰ্ঘদিনৰ পৰা অবৈধ গাঞ্জা ব্যবসায়ৰ সৈতে জড়িত থকাৰ অভিযোগ। উল্লেখ্য যে লোকসভা নিৰ্বাচনত আৰক্ষী প্ৰশাসন ব্যস্ত থকাৰ সময়তে একাংশ অসাধু ব্যৱসায়ীয়ে সমাজত বিভিন্ন মাদক দ্ৰব্যৰ প্ৰচলন কৰাৰ চেষ্টা অব্যাহত ৰাখিছে বুলি সচেতন মহলে প্ৰকাশ কৰিছে।

প্ৰেৰক প্ৰদীপ কৰ্মকাৰ
Featured