মাৰ্ঘেৰিটা চেগুণবাৰীত উলহ মালহেৰে ‘ৰাইজৰ এদিন’ উদযাপন

নিয়মীয়া বাৰ্তা, ৪ডিচেম্বৰ: চৰকাৰী বিদ্যালয়সমূহৰে স্থানীয় ৰাইজৰ সম্পৰ্ক সুদৃঢ় কৰাৰ মানসেৰে অসমৰ শিক্ষা বিভাগে নিৰ্বাচিত কিছুমান বিদ্যালয়ত অনুষ্ঠিত কৰিছে Community Festival বা ৰাইজৰ উৎসৱ। এই আঁচনিৰ অধীনতে মাৰ্ঘেৰিটাৰ চেগুণবাৰী মণ্ডল সমল কেন্দ্ৰৰ সৌজন্যত চেগুণবাৰী প্ৰাথমিক বিদ্যালয়ত আজি দিনজোৰা বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় ‘ৰাইজৰ এদিন’ শীৰ্ষক এটি আকৰ্ষণীয় অনুষ্ঠান। পুৱা ৭ বজাত চেগুণবাৰীৰ স্থানীয় ৰাইজ আৰু বিদ্যালয়সমূহৰ সহযোগত এটি অনন্য সাংস্কৃতিক শোভাযাত্ৰা বাহিৰা কৰা হয়। শোভাযাত্ৰাটি উদ্বোধন কৰে মাৰ্ঘেৰিটাৰ বিশিষ্ট টোকাৰী গীতৰ শিল্পী তোষেশ্বৰ দুৱৰীয়ে। ছহীদ তৰ্পণ কৰে মাৰ্ঘেৰিটাৰ সাহিত্যিক পেঞ্চনাৰ বৰুণ বৰাই। বৃক্ষৰোপণ কৰে যোগেন ভূঞা আৰু জ্ঞানেন্দ্ৰ সিঙে। অনুষ্ঠানৰ অন্যতম আকৰ্ষণ মহিলাসকলৰ খেলধেমালি উদ্বোধন কৰে বিশিষ্ট ক্ৰীড়া সংগঠক দেৱজিত বুঢ়াগোহাঁইয়ে। বিশিষ্টা সমাজকৰ্মী আকাশী বৰুৱাই হস্তশিল্প আৰু শিক্ষণ-শিকণ সামগ্ৰীৰ প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰাৰ পাছতেই নৱ চেতিয়া ফুকনে উদ্বোধন কৰা ছাত্ৰ-ছাত্ৰীৰ সাজপাৰ প্ৰতিযোগিতাই উপস্থিত দৰ্শকক মুগ্ধ কৰে।

মাৰ্ঘেৰিটাৰ বিশিষ্টা কবি পাৰুল শইকীয়া দুৱৰীয়ে উদ্বোধন কৰা সাংস্কৃতিক অনুষ্ঠানত অঞ্চলটোৰ ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলে অঞ্চলটোৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ প্ৰতিনিধিত্বৰে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰি ‘ৰাইজৰ এদিন’ সঁচাৰ্থত সফল কৰি তুলিলে। বিয়লি ২ বজাত উদযাপন সমিতিৰ সভাপতি জুলি চেতিয়া ফুকনৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা মুকলি ও বঁটা বিতৰণি সভাত মাৰ্ঘেৰিটাৰ মহকুমাধিপতি প্ৰীতি কুমাৰীৰ লগতে সমাজকৰ্মী ৰঞ্জু বৰুৱা চেতিয়া, যুৱ সাংবাদিক মানস প্ৰতিম গগৈ, শিক্ষক লক্ষ্যধৰ সোণোৱাল ইত্যাদি বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে। বিভিন্ন প্ৰতিযোগিতাৰ বিচাৰক হিচাপে অংশগ্ৰহণ কৰে কল্যান দিহিঙীয়া, হিৰেশ্বৰ দাস, চিন্টু বৰুৱা, দ্বীপন ৰাজবংশী, জাহ্নৱী কোঁৱৰ বৰা, পাপৰি সন্দিকৈ, শিখাজ্যোতি শৰ্মা, ছানিয়া বৰুৱা, ৰূপালী আচাৰ্য, নিৰ্মালি মাহাউ ইত্যাদি সমল ব্যক্তিসকলে। সমগ্ৰ অনুষ্ঠানৰ মূল উদ্যোক্তা ৰঞ্জু তামাং বৰুৱাই সফলতাৰে অনুষ্ঠানটি সমাপন কৰাৰ বাবে চেগুণবাৰীৰ স্থানীয় ৰাইজ, শিক্ষক, অভিভাৱক, মাতৃ সহিতে বিদ্যালয় পৰিচালনা সমিতিসমূহক সংবাদমাধ্যম যোগে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে।

মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা