নিয়মীয়া বাৰ্তা ১৭ মাৰ্চঃ ৰাজ্যৰ পৰিবহণ, উদ্যোগ আৰু বাণিজ্য মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ ভেটি কঁপাই আজি মনোনয়ন পত্র দাখিল কৰে নৱগঠিত আঞ্চলিক দল অসম জাতীয় পৰিষদৰ প্রার্থী ড০ শিখৰ কুমাৰ শর্মাই৷ সহস্রাধিক সমর্থকক লগত লৈ ধর্মপুৰ সমষ্টিৰ পৰা এক বিশাল ৰেলী কৰি নলবাৰী জিলা উপায়ুক্ত কার্যালয়ত উপস্থিত হৈ ৰিটার্নিং বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰে ড০ শর্মাই৷ অজাপৰ প্রার্থী ড০ শর্মাই মনোনয়ন পত্র দাখিল কৰি সংবাদ মাধ্যমৰ সন্মুখত কয়– এই যাত্রা অসমৰ জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদক সজোৰে অসমত প্রতিষ্ঠা কৰাৰ যাত্রা৷ অসমত এই আদর্শগত যুঁজখন কেইবাটাও দশকজুৰি অসমৰ মানুহে ভাষা, ধর্ম নির্বিশেষে যুঁজি আহিছে৷ আমাৰ স্বাধিকাৰ, স্বাভিমান সাব্যস্ত কৰাৰ এই যুঁজ পুনৰ সজোৰে লুৰিণজ্যোতি গগৈৰ নেতৃত্বত অসম জাতীয় পৰিষদে আগবঢ়াই নিছে৷ এই ৰাজনৈতিক যাত্রা অসমৰ মানুহৰ যাত্রা৷ এই যাত্রাত অসমীয়া জাগিছে৷
মন্ত্রী পাটোৱাৰীক কটাক্ষ কৰি বিগত ৩৫ বছৰ ধৰি ধর্মপুৰত চলি অহা একঘেয়ামী ৰাজনীতিৰ অৱসান ঘটাবলৈ বিচৰা বুলিও উল্লেখ কৰে প্রার্থীগৰাকীয়ে৷ আপোচবিহীন আদর্শগত জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদ প্রতিষ্ঠা কৰাৰ লক্ষ্যৰে ৩৫ বছৰীয়া একঘেয়ামী ৰাজনীতিৰ অৱসান ঘটাবলৈ এই মহাৰণত অংশ ল’বলৈ ওলাই অহাৰ কথা ব্যক্ত কৰে ড০ শর্মাই৷ দালালৰাজ আৰু মধ্যভোগীৰ নেতৃত্ব কাঢ়ি ৰাইজক নেতৃত্ব দিব লাগিব বুলি দোহাৰে ড০ শর্মাই৷ উল্লেখ্য যে প্রার্থীগৰাকীৰ গৃহগাঁও বৰনর্দ্দীৰ পৰা চামতা–বিহামপুৰ– খলিহা–সন্ধেলী হৈ এক বৃহৎ ৰেলীৰে নলবাৰী গর্ডন ফিল্ডত উপস্থিত হয়৷ ইয়াৰ পাছতে ৰিটার্নিং বিষয়া পিৰদৌচ আলম শ্বেখৰ হাতত মনোনয়ন দাখিল কৰে৷ নলবাৰী গর্ডন স্কুল খেলপথাৰৰ পৰা আঞ্চলিক দলটোৰ সমর্থকসকলে বিপুল হর্ষোল্লাসেৰে যায় মনোনয়ন দাখিল কৰিবলৈ৷ উল্লেখ্য যে যোৱা ৮ মার্চৰ দিনা টিকট লৈ সমষ্টিলৈ অহা অসম জাতীয় পৰিষদৰ প্রার্থীগৰাকীক সহস্রাধিক সমর্থকে আদৰি আনি এক বিশাল বাইক ৰেলী উলিয়াইছিল৷ লক্ষণীয় যে ধর্মপুৰৰ কংগ্রেছে প্রার্থীৰ নাম এইপর্যন্ত ঘোষণা কৰা নাই৷