ক্রীড়া পাঠ্যক্রম

দীপক কুমাৰ দাস

সম্প্রতি ক্রীড়াৰ লগত সংস্থাপনৰ দিশটো এনেধৰণে সংপৃক্ত হৈ পৰিছে যে ক্রীড়া পাঠ্যক্রম শিক্ষার্থীৰ বাবে উজ্জীৱিত কেৰিয়াৰ হিচাপে পৰিগণিত হৈছে৷ ক্রীড়াৰ লগত প্রত্যক্ষভাৱে বাণিজ্যিক দিশটো জড়িত হোৱাৰ বাবেও ক্রীড়া ক্ষেত্রত সংস্থাপনৰ পৰিসৰ বৃদ্ধি পাইছে৷ এবিধ ক্রীড়াৰ লগত খেলুৱৈৰ পৰা ষ্টেডিয়াম ব্যৱস্থাপনা, প্রচাৰৰ পৰা ক্রীড়া ব্যৱস্থাপনালৈকে অনেক দিশত সংস্থাপনৰ মাত্রা বর্ধিত হৈছে৷ আধুনিক বিশ্বত ক্রীড়াৰ ক্ষেত্রখনত বিজ্ঞানৰ পয়োভৰ ঘটিছে৷ এনে কাৰণতেই প্রযুক্তিগত জ্ঞান থকা লোকৰ সংস্থাপনৰো উত্তৰণ ঘটিছে৷ ক্রীড়াৰ সৈতে জড়িত পাঠ্যক্রমসমূহ দ্বাদশ শ্রেণী উত্তীর্ণৰ পৰা স্নাতকৰ ডিগ্রীধাৰী শিক্ষার্থীসকলে অধ্যয়নৰ সুযোগ লাভ কৰে৷ ক্রীড়া পাঠ্যক্রমসমূহ ডিপ্ল’মা পাঠ্যক্রম, ডিগ্রী পাঠ্যক্রম আৰু ডক্টৰেট ডিগ্রী পাঠ্যক্রম হিচাপে বিভক্ত কৰা হৈছে৷ দেশব্যাপী সম্প্রতি চলি থকা লোভনীয় কেৰিয়াৰ গঢ়াৰ সুযোগ লাভ কৰা ক্রীড়া পাঠ্যক্রমৰ স্নাতক পাঠ্যক্রমসমূহ হৈছে–
১৷Bachelor of Physical Education (B.P.Ed.)

২৷ B.Sc. in Sports Science and Nutrition

৩৷ B.Sc. in Physical Education and Sports Science

৪৷ B.Sc. in Sports Science

৫৷ BBA in Sports Management

৬৷ Bachelor of Sports Management

৭৷ BA in Sports Management

আনপিনে স্নাতকোত্তৰ পাঠ্যক্রমসমূহ হৈছে–
১৷ Master of Physical Education (M.P.Ed.)

২৷ M.Sc. in Sports Science

৩৷ M.Sc. in Physical Education and Sports Science

৪৷ MBA in Sports Management

৫৷ Master of Sports Management

৬৷ M.Sc. in Sports Science and Nutrition

৭৷ MBA in Sports Business

তেনেদৰে স্নাতকোত্তৰ ডিপ্ল’মা পাঠ্যক্রমসমূহ হৈছে–
১৷ PG Diploma in Sports Medicine

২৷ PG Dilpoma in Sports Science and Nutrition

৩৷ PG Diploma in Sports Coaching

৪৷ PG Diploma in Sports Journalism

৫৷ PGDM in Sports Business

৬৷ PGDM in Sports Management

ডক্টৰেট ডিগ্রী পাঠ্যক্রমসমূহ হৈছে–
১৷ PhD in Physical Education

২৷ PhD in Sports Management

লক্ষণীয় যে উল্লিখিত পাঠ্যক্রমসমূহৰ ভিতৰত স্নাতক পাঠ্যক্রমত নামভর্তি কৰিবলৈ হ’লে দ্বাদশ শ্রেণী উত্তীর্ণ হ’ব লাগিব৷ এই দ্বাদশ শ্রেণী উত্তীর্ণ শিক্ষার্থীসমূহ কলা/বিজ্ঞান/বাণিজ্য শাখাৰ হ’ব লাগিব৷ তেনেদৰে স্নাতকোত্তৰ ডিগ্রী/ডিপ্ল’মা পাঠ্যক্রমৰ বাবে স্নাতক ডিগ্রী লাভ কৰিব লাগিব৷ ডক্টৰেট ডিগ্রী পাঠ্যক্রমৰ বাবে শিক্ষার্থীসকলে স্নাতকোত্তৰ ডিগ্রী লাভ কৰা হ’ব লাগিব৷ এই পাঠ্যক্রমসমূহ দেশৰ কেইবাখনো প্রখ্যাত মহাবিদ্যালয়–বিশ্বব্ অন্তর্ভুক্ত হৈ আছে৷ ইয়াৰ ভিতৰত ইন্দিৰা গান্ধী ইনষ্টিটিউট অৱ ফিজিকেল এডুকেচন এণ্ড স্প’টছ ছায়েঞ্চ, ধ্যানচান্দ স্প’টছ কলেজ, লক্ষ্মীবাঈ নেচনেল ইনষ্টিটিউট অৱ ফিজিকেল এডুকেচন, এনএছএনআইএছ, ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছ’চিয়েল ৱেলফেয়াৰ এণ্ড বিজনেছ মেনেজমেণ্ট, এনচিএ মাংগালুৰু, গুজৰাট বিশ্ববিদ্যালয় অন্যতম৷
গুৰুত্বপূর্ণ যে ক্রীড়া পাঠ্যক্রমসমূহ সম্পূর্ণ কৰাৰ পিছত এগৰাকী শিক্ষার্থীয়ে লাভ কৰিবলগীয়া সংস্থাপনৰ সুবিধাসমূহ হৈছে– ইন্সট্রাক্টৰ অথবা প্রশিক্ষক, ৰেফাৰী, টীম ডাক্টৰ, স্প’টর্ছ নিউট্রিনিষ্ট, স্প’টর্ছ জার্নেলিষ্ট, স্প’টর্ছ ফটোগ্রাফাৰ, স্প’টছ ইভেণ্ট মেনেজাৰ, ফিজিকেল এডুকেচন টিচাৰ, টীম ডাইৰেক্টৰ, টীম মেনেজাৰ আদি৷ তদুপৰি প্রশিক্ষিত উল্লিখিত পাঠ্যক্রম লাভ কৰাসকলে বিদ্যালয়, বিশ্ববিদ্যালয়, মহাবিদ্যালয়, ক্রীড়া প্রতিষ্ঠান, সশস্ত্র বাহিনী, বিভিন্ন চৰকাৰী বিভাগ (আৰক্ষী, ৰে’লৱে আদি)ত সংস্থাপনৰ সুবিধা লাভ কৰে৷ সাম্প্রতিক সময়ত ক্রীড়াৰ লগত জড়িত পাঠ্যক্রমসমূহ ইচ্ছুক শিক্ষার্থীসকলে ৱেবছাইটযোগে তথ্য আহৰণ কৰি নামভর্তি কৰাৰ সুযোগ ল’ব পাৰে ৷