অসমত বি ভ’ক পাঠ্যক্ৰম

এক চমু পৰিচয়

অসমত প্রচলিত শিক্ষা ব্যৱস্থাৰ লগতে এক নতুন সংযোজন হৈছে বৃত্তিমূলক পাঠ্যক্রমৰ শিক্ষা ব্যৱস্থা৷ সাধাৰণ বৃত্তিমূলক শিক্ষা Vocational education) আমাৰ দেশতথা ৰাজ্যত বহু বছৰ আগৰ পৰাই চলি আহিছে যদিও নৱ সংযোজিত এই শিক্ষা ব্যৱস্থাৰ এক উল্লেখযোগ্য দিশ হৈছে বৃত্তিমূলক শিক্ষাৰ স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্রম৷ কলা, বিজ্ঞান, বাণিজ্য অথবা বৃত্তিমূলক– যিকোনো শাখাতেই উচ্চতৰ মাধ্যমিক পাঠ্যক্রম উত্তীর্ণ ছাত্র–ছাত্রীয়ে মেধাৰ ভিত্তিত এই পাঠ্যক্রমত নামভর্তিৰ সুযোগ পায়৷ বি ভ’ক Bachelor of Vocational course) নামেৰে পৰিচিত এই পাঠ্যক্রমৰ এক উল্লেখনীয় দিশ হৈছেMultiple Exit Option, অর্থাৎ কোনো শিক্ষাথ্য়ে তিনি বছৰীয়া পাঠ্যক্রমৰ যদি এবছৰ পঢিয়ে আনুষ্ঠানিক শিক্ষা সামৰে, তেতিয়া প্রথম বর্ষ উত্তীর্ণ প্রাথ্য়ে নির্দিষ্ট বিষয়ৰ ডিপ্ল’মা লাভ কৰিব৷ একেদৰে দ্বিতীয় বর্ষ উত্তীর্ণ প্রাথ্য়ে এডভান্স ডিপ্ল’মা লাভ কৰাৰ সুবিধা আছে৷ এই বিশেষ সুবিধাৰ ফলত যিকোনো কাৰণতে তিনি বছৰীয়া পাঠ্যক্রম অসমাপ্ত কৰা প্রাথ্য়েও শিক্ষাবর্ষ অপচয় নকৰাকৈয়ে ডিপ্ল’মা অথবা এডভান্স ডিপ্ল’মা পাঠ্যক্রম সমাপ্তৰ প্রমাণ–পত্র লাভ কৰিব পাৰে৷ এই ব্যৱস্থা উচ্চ শিক্ষাত অপচয় ৰোধত এক উল্লেখযোগ্য পদক্ষেপ বুলিব পাৰি৷ যুৱচামক কোনো এটা নির্দিষ্ট বিষয়ত দক্ষ, কৌশলী, কর্মপটু আৰু পাৰদশ্ মানৱ সম্পদ হিচাপে গঢ দিয়াৰ লক্ষ্যৰে বিশ্ববিদ্যালয় অনুদান আয়োগে সমগ্র দেশৰে ১৬২খন উচ্চ শিক্ষানুষ্ঠানত এই শিক্ষা প্রদানৰ ব্যৱস্থা কৰিছে৷ বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৃষ্ঠপোষকতাত অসমৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ ১০খন মহাবিদ্যালয়ত ইতিমধ্যে বিভিন্ন বিষয়ত বি ভ’ক পাঠ্যক্রম আৰম্ভ কৰা হৈছে৷ সেই মহাবিদ্যালয়কেইখন নামৰ লগতে পাঠ্যক্রমৰ চমু পৰিচয় তলত দাঙি ধৰা হ’ল–
১৷ অভয়াপুৰী মহাবিদ্যালয়ঃ বঙাইগাঁও জিলাৰ আগশাৰীৰ অভয়াপুৰী মহাবিদ্যালয়ত দুটা বি ভ’ক পাঠক্রমত অধ্যয়নৰ সুবিধা আছে৷ সেই দুটা হৈছে– টুৰিজিম এণ্ড ড্রেভেল মেনেজমেণ্ট আৰু ইনফর্মেচন টেকন’লজী৷
২৷ ৰঙিয়া মহাবিদ্যালয়ঃ ৰঙিয়া মহাবিদ্যালয়ে হোটেল মেনেজমেণ্ট এণ্ড কেটাৰিং টেকন’লজী আৰু ৰিটেইল মনেজমেণ্ট এণ্ড ইনফর্মেচন টেকন’লজী– এই দুই বিষয়ত তিনি বছৰীয়া বৃত্তিমূলক স্নাতক পাঠ্যক্রম আগবঢাই আহিছে৷
৩৷ পূব কামৰূপ মহাবিদ্যালয়ঃ নামনি অসমৰ এখন উল্লেখযোগ্য উচ্চ শিক্ষানুষ্ঠান বাইহাটা চাৰিআলিস্থিত পূব কামৰূপ মহাবিদ্যালয়তো ‘কম্পিউটাৰ ছফ্টৱেৰ এণ্ড ছিষ্টেম এডমিনিষ্ট্রেচন’ আৰু ‘ফুড প্রছেচিং এণ্ড কোৱালিটী মেনেজমেণ্ট’ নামেৰে দুটি বিষয়ত তিনি বছৰীয়া বৃত্তিমূলক স্নাতক পাঠ্যক্রমৰ ব্যৱস্থা আছে৷
৪৷ মঙলদৈ মহাবিদ্যালয়ঃ দৰং জিলাৰ পুৰণি তথা আগশাৰীৰ শিক্ষানুষ্ঠান মঙলদৈ মহাবিদ্যালয়তো এই বৃত্তিমূলক শিক্ষাৰ ব্যৱস্থা আছে৷ এইখন মহাবিদ্যালয়ে মেডিকেল লেবৰেটৰী আৰু খাদ্য প্রস্তুতকৰণ– এই দুটা বিষয়ত তিনি বছৰীয়া বৃত্তিমূলক স্নাতকপাঠ্যক্রম আগবঢাই আহিছে৷
৫৷ উত্তৰ গৌহাটী মহাবিদ্যালয়ঃ টুৰিজিম এণ্ড হস্পিটালিটী মেনেজমেণ্ট আৰু বিউটী থেৰাপী এণ্ড এইস্থেটিক নামেৰে এই দুটা বিষয়ত বৃত্তিমূলক স্নাতক শিক্ষাৰ সুবিধা আছে গুৱাহাটীৰ সমীপৰে ঐতিহাসিক তথা বুৰঞ্জীপ্রসিদ্ধ স্থান উত্তৰ গুৱাহাটীস্থিত উত্তৰ গৌহাটী মহাবিদ্যালয়ত৷
৬৷ ছয়দুৱাৰ মহাবিদ্যালয়ঃ সদ্যঘোষিত বিশ্বনাথ জিলাৰ ছয়দুৱাৰ মহাবিদ্যালয়ত মেডিকেল লেবৰেটৰী টেকনিচিয়ানৰ বি ভ’ক পাঠ্যক্রম আছে৷
৭৷ কলিয়াবৰ মহাবিদ্যালয়ঃ নগাঁও জিলাৰ কলিয়াবৰ মহাবিদ্যালয়তো বি ভ’ক পাঠক্রমত অধ্যয়নৰ সুবিধা আছে৷ এই মহাবিদ্যালয়খনে ক্ষুদ্র চাহ বাগিচা পৰিচালনা আৰু পর্যটন সেৱা বিষয়ক দুটা পাঠক্রমত এই শিক্ষা আগবঢাই আছে৷
৮৷ জাগীৰোড মহাবিদ্যালয়ঃ মৰিগাঁও জিলাৰ এসময়ৰ কাগজ নগৰীখ্যাত জাগীৰোডস্থিত জাগীৰোড মহাবিদ্যালয়তো তিনিটা পাঠ্যক্রমত বি ভ’ক অধ্যয়ন কৰিব পাৰি৷ সেইকেইটা হৈছে– ৰিটেইল মেনেজমেণ্ট, এণ্টাৰটেইনমেণ্ট (এক্টিং আৰু টুৰিজিম এণ্ড হস্পিটালিটী মেনেজমেণ্ট৷
৯৷ দক্ষিণ কামৰূপ মহাবিদ্যালয়ঃ গুৱাহাটীৰ সমীপৱত্ মির্জাস্থিত দক্ষিণ কামৰূপ মহাবিদ্যালয়ত ৰিটেইল মেনেজমেণ্ট এণ্ড আই টি আৰু বেংকিং এণ্ড ফাইনেন্সিয়েল ছার্ভিচেছ নামেৰে দুটা বিষয়ত অধ্যয়নৰ সুবিধা আছে৷
১০৷ এছ বি এম এছ মহাবিদ্যালয়ঃ এনিমেচন এণ্ড গ্রাফিক ডিজাইন আৰু ফেশ্বন টেকন’লজীৰ তিনি বছৰীয়া বৃত্তিমূলক স্নাতকপাঠ্যক্রমত অধ্যয়নৰ বাবে শিক্ষাথ্য়ে অসমৰ বস্ত্রনগৰীখ্যাত শুৱালকুছিৰ এছ বি এম এছ মহাবিদ্যালয়ত নামভর্তি কৰিব পাৰে৷
মহাবিদ্যালয়কেইখন আগবঢোৱা পাঠ্যক্রম তথা বিষয়ৰ ভিন্নতাৰ পৰাই এই শিক্ষাৰ নিয়োগৰ ক্ষেত্রখনৰ কথা অনুমান কৰিব পাৰি৷ যোৱা ২০১৫–১৬শিক্ষাবর্ষতে আৰম্ভ হোৱা উল্লিখিত পাঠ্যক্রমসমূহত অধ্যয়ন কৰি শিক্ষা সমাপ্ত কৰা প্রায় সকলো সফল শিক্ষাথ্য়ে বিভিন্ন স্থানত আকর্ষণীয় নিয়োগৰ সুবিধা লাভ কৰাৰ লগতে স্ব–নিয়োজনেৰে স্বাৱলম্বী হ’বলৈ সক্ষম হৈছে৷ ইয়াৰ উপৰি উচ্চ শিক্ষাৰ বাবে আগ্রহীসকলে এম ভ’ক আৰু আন আন স্নাতকোত্তৰ পাঠ্যক্রমত নামভর্তি কৰি সোণোৱালী ভৱিষ্যতৰ সপোন ৰচিছে৷ এইকেইখন মহাবিদ্যালয়ৰ উপৰি ডিব্রুগড বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয়ৰ লগতে শিলচৰৰ অসম বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয়তো এই বৃত্তিমূলক পাঠ্যক্রমত অধ্যয়নৰ সুবিধা আছে৷ অসমত উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণাৰ পিছতে মহাবিদ্যালয়সমূহে এইধৰণৰ পাঠক্রমত নামভর্তিৰ জাননী প্রকাশ কৰে৷ ইচ্ছুক ছাত্র–ছাত্রীসকলে মহাবিদ্যালয়কেইখন ৱেবছাইটৰ মাধ্যমেৰে পাঠ্যক্রমৰ সবিশেষ জানি ল’ব পাৰে৷ আগত শিক্ষাবর্ষৰ পৰা অসমৰো কেইবাখনো মহাবিদ্যালয়ত এম ভ’ক পাঠ্যক্রম আৰম্ভ কৰাৰ বাবেও বিশ্ববিদ্যালয় অনুদান আয়োগে ইতিমধ্যে যাৱতীয় নির্দেশনা প্রদান কৰিছে৷ সম্প্রতি আমাৰ সমাজত প্রচলিত গতানুগতিক শিক্ষা ব্যৱস্থাকেই নিবনুৱা সমস্যাৰ অন্যতম মূল কাৰণ বুলি অভিযোগ কৰাৰ সময়তে নতুনকৈ প্রৱর্তন কৰা বৃত্তিমূলক শিক্ষাৰ স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্রমে ছাত্র–ছাত্রী, অভিভাৱকসকলৰ লগতে শিক্ষা পৰামর্শদাতাসকলৰ্ দৃষ্টি আকর্ষণ কৰা পৰিলক্ষিত হৈছে৷

ড০ নিৰ্মল ৰঞ্জন মজুমদাৰ 

গ্ৰন্থাগাৰিক,পূব কামৰূপ মহাবিদ্যালয় বাইহাটা চাৰিআলি, ফোনঃ ৯৮৫৪২-৯৭৯৫১

Comments (0)
Add Comment