প্রাকৃতিক ভাষা প্রক্রিয়াকৰণ

দেৱাঞ্জন বৰঠাকুৰ

প্রাকৃতিক ভাষা প্রক্রিয়াকৰণ(Natural Language Processing) বা NLP’ হৈছে কম্পিউটাৰ বিজ্ঞান, কৃত্রিম বুদ্ধিমত্তা আৰু গণনীয় ভাষাতত্ত্বৰ এক ক্ষেত্র, যি মানুহৰ ভাষা আৰু কম্পিউটাৰৰ পৰস্পৰৰ সম্পর্কৰ দ্বাৰা গঠিত৷ প্রাকৃতিক ভাষা প্রক্রিয়াকৰণৰ ইতিহাস পুৰণি৷ গণিতজ্ঞ এলান টুৰিঙে এনে বিষয়তে ১৯৫০ চনত ‘গণনীয় যন্ত্রপাতি আৰু বুদ্ধিমত্তা’ শীর্ষক এক প্রবন্ধ লিখিছিল৷ ১৯৫৪ চনত ৬০টা ৰাছিয়ান বাক্য ইংৰাজীলৈ কম্পিউটাৰৰ দ্বাৰা অনুবাদ কৰাৰ চেষ্টা কৰা হৈছিল৷ আই বি এমৰ গৱেষণাই এই বিষয়টোক আগবঢ়াই নিয়াত যথেষ্ট গুৰুত্বপূর্ণ অৰিহণা যোগাইছিল৷ এই বিষয়ৰ লগত জডিত আন এটা ধাৰণা হৈছে– Text Mining’৷ ই এক প্রক্রিয়া যাৰ দ্বাৰা অর্থপূর্ণ তথ্য প্রাকৃতিক ভাষাৰ পাঠবোৰৰ পৰা আহৰণ কৰিব পাৰি৷ এই NLP’ৰ প্রয়োগৰ ক্ষেত্র যথেষ্ট বহল৷ ইয়াক Sentiment analysis’ত ব্যৱহাৰ কৰা হয়, য’ত লেখাটোৰ মাজত থকা ‘অনুভূতি’ক বিচাৰি উলিওৱা হয়৷ অর্থাৎ লেখাটো ক্রোধত লিখা হৈছিল নে ইয়াত আন কোনো আৱেগ লুকাই আছে ইত্যাদি কথা জানিব পৰা যায়৷ Speech Recognition’ আন এটা ক্ষেত্র, য’ত NLP’ৰ বহুল প্রয়োগ হয়৷ আপুনি গুগলত নিজৰ মাত ব্যৱহাৰ কৰি যিকোনো প্রশ্ণ সুধিব পাৰে, ইয়াৰ আঁৰতো আছে প্রাকৃতিক ভাষা প্রক্রিয়াকৰণ৷ এটা ভাষাৰ পৰা আন এটা ভাষালৈ তর্জমা কৰাৰ আঁৰতো আছে NLP’৷ প্রগ্রেমিং লেংগুৱেজ যেনে– পাইথন Python’ৰ জ্ঞান থাকিলে এই বিষয়ত কেৰিয়াৰ গঢ়াৰ বাবে যথেষ্ট সুযোগ আছে৷ আগ্রহীসকলে পাইথনৰ NLTK’ লাইব্রেৰীৰ বিষয়ে পঢ়িব পাৰে আৰু নিজেই প্রগ্রেমিং কৰি চাব পাৰে৷ আই আই টি বোম্বেত Computational Linguistics’ বিষয়ত স্নাতকোত্তৰ পাঠ্যক্রমৰ সুবিধা আছে, ইয়াকো NLP’ৰ ভিতৰুৱা বিষয় হিচাপে ধৰিব পাৰি৷ আই আই টি দিল্লীতো এই বিষয়ে পঢ়াৰ সুবিধা আছে৷ বিদেশৰ প্রায়বোৰ বিশ্ববিদ্যালয়তেই এই NLP’ বিষয়ত অধ্যয়ন কৰাৰ সুবিধা আছে৷ গুগল, মাইক্র’ছফ্ট ইত্যাদি কোম্পানীত NLP’ বিষয়ৰ জ্ঞান থকা লোকৰ চাহিদা যথেষ্ট আছে৷ আপুনি ফেচবুকত কেনেকুৱা ধৰণৰ প’ষ্ট দিয়ে, তাৰ পৰা NLP’ৰ যোগেদি তথ্য সংশ্লেষণৰ দ্বাৰা আপোনাৰ বিষয়ে বহু কথা জানিব পৰা যাব৷ ইয়াক ‘redictive Policing’ৰ বাবেও ব্যৱহাৰ কৰা হয়, য’ত সম্ভাব্য অপৰাধীক তথ্য প্রযুক্তিৰ সহায়ত আগতীয়াকৈ চিনাক্ত কৰিব পৰা যায়৷ নিশ্চয়কৈ atural Language Processing বা ‘LP’ এটা অতি আকর্ষণীয় বিষয় আৰু ইয়াক কেৰিয়াৰ হিচাপে লোৱাৰ কথা কম্পিউটাৰ প্রগ্রেমিং কৰি ভাল পোৱাসকলে ভাবি চাব পাৰে ৷