সকলোৰে বাবে প্ৰতিযোগিতামূলক পৰীক্ষা

আজিৰ পৰা পাঁচ বছৰমানৰ আগতে দেওবাৰ এটাত ছোৱালীজনী পঢ়ি থকা বিদ্যালয়খনলৈ গৈছিলোঁ৷ উদ্দেশ্য আছিল সেইদিনাখন অনুষ্ঠিত হ’বলগীয়া সর্বভাৰতীয় প্রতিযোগিতামূলক পৰীক্ষা এটাত ছোৱালীজনী অৱতীর্ণ হ’বৰ বাবে তাইক থৈ অহাটো৷ সমগ্র অসমৰ বাবে উক্ত বিদ্যালয়খন সেই পৰীক্ষাটোৰ চেণ্টাৰ আছিল৷ বিদ্যালয়ৰ গেটতে মোৰ বাবে সেইদিনা এক পৰম বিস্ময় ৰৈ আছিল৷ সেই একেটা পৰীক্ষা দিবলৈ প্রায় ৬০০ কিঃমিঃ দূৰত্বৰ পৰা পাঁচ–ছয়টা ল’ৰা–ছোৱালী আহিছিল৷ সপ্তম শ্রেণীত পঢ়ি থকা ল’ৰা–ছোৱালীকেইটা অভিভাৱকৰ সৈতে দেখি আমি অবাক হৈ পৰিছিলোঁ৷ তেওঁলোকৰ ধাউতি, অভিভাৱকৰ আগ্রহ দেখি আমি অভিভূত হৈছিলোঁ৷ পঢ়াৰ প্রতি, প্রতিযোগিতাৰ প্রতি কিমান আগ্রহ থাকিলে সেই সৰু ল’ৰা–ছোৱালীকেইটা আৰু তেওঁলোকৰ অভিভাৱক ইমান দূৰ বাট কুৰি বাই আহিব পাৰে আনৰ কাৰণে নাজানো, মোৰ বাবে সেই দিনাখনলৈকে এয়া অসম্ভৱ আছিল৷ এই সৰু ঘটনাটোৱে প্রকাশ কৰে আজিকালিৰ ছাত্র–ছাত্রী তথা অভিভাৱকসকলে এনেবোৰ পৰীক্ষাৰ প্রতি কিমান গুৰুত্ব দিয়ে
সর্বভাৰতীয় পর্যায়ত অনুষ্ঠিত এই পৰীক্ষাটোৰ খবৰ বাৰু উপৰিউক্ত অভিভাৱককেইজনে কেনেবাকৈ পালে আৰু আমি স্কুলৰ পৰা পালোঁ, কিন্তু আমাৰ ৰাজ্যৰ কিমানজন অভিভাৱক বা ছাত্র–ছাত্রীয়ে এই খবৰবোৰ পায়? কিছুমান নগৰৰ বছা বছা বিদ্যালয়ৰ ছাত্র–ছাত্রীসকলে এনেবোৰ খবৰ বা এনে পৰীক্ষাত বহাৰ সুবিধা পায়, কাৰণ তেনেবোৰ বিদ্যালয়ত ছাত্র–ছাত্রীক সহায় কৰিব বিচৰা কিছুমান শিক্ষক থাকে৷ তেওঁলোকে আগভাগ লৈ এনেবোৰ পৰীক্ষা অনুষ্ঠিত কৰি থাকে৷ আন কিছুমান ছাত্র–ছাত্রীয়ে এনে খবৰবোৰ পায় যদিও ওচৰৰ পৰীক্ষা কেন্দ্রৰ অভাৱৰ বাবে পৰীক্ষা দিব নোৱাৰে৷ যাৰ কাৰণে ওপৰত উল্লেখ কৰা ছাত্র–ছাত্রীসকল ইমান দূৰ আহিবলগীয়া হৈছিল৷
সর্বভাৰতীয় পর্যায়ত অনুষ্ঠিত প্রতিযোগিতামূলক পৰীক্ষাবোৰৰ গুৰুত্ব অপৰিসীম৷ ছাত্র–ছাত্রীসকলে এনেবোৰ পৰীক্ষাৰ যোগেদিয়েই পিছৰ সময়ছোৱাত অৱতীর্ণ হ’বলগীয়া পৰীক্ষাবোৰৰ বাবে মানসিকভাৱে সাজু হ’ব পাৰে৷ অসমীয়া মাধ্যমৰ তলৰ শ্রেণীৰ ছাত্র–ছাত্রীসকলে অৱতীর্ণ হ’ব পৰা এনেধৰণৰ পৰীক্ষাকেইটামান হ’ল– অসম চৰকাৰে অনুষ্ঠিত কৰা বৃত্তি পৰীক্ষা, সঁফুৰা বৃত্তি পৰীক্ষা আৰু আজমল ফাউণ্ডেচনে অনুষ্ঠিত কৰা পৰীক্ষা৷ অসমৰ প্রায়বোৰ ঠাইতে এই পৰীক্ষাকেইটাৰ কেন্দ্র আছে বাবে বুজনসংখ্যক ছাত্র–ছাত্রীয়ে এইকেইটা পৰীক্ষাত বহিবলৈ সুবিধা পায়৷ কিন্তু এইকেইটাই যথেষ্ট নহয়৷ অসমৰ চুকে–কোণে থকা বিদ্যালয়বিলাকৰ ছাত্র–ছাত্রীসকলে অৱতীর্ণ হ’ব পৰাকৈ আৰু কিছুমান এনেধৰণৰ প্রতিযোগিতামূলক পৰীক্ষাৰ প্রয়োজনীয়তা আছে৷ সর্বভাৰতীয় পর্যায়ত অনুষ্ঠিত এনেধৰণৰ অনেক পৰীক্ষা আছে৷ তাৰে এটা উল্লেখযোগ্য পৰীক্ষা হ’লNTSE (National Talent Search Examination)৷NCERTয়ে অনুষ্ঠিত কৰা এই পৰীক্ষা দশম শ্রেণীৰ ছাত্র–ছাত্রীয়ে দিব পাৰে৷ দুটা পর্যায়ত অনুষ্ঠিত হোৱা এই পৰীক্ষাত উত্তীর্ণ হ’লে উচ্চতৰ মাধ্যমিকৰ প্রথম বার্ষিকৰ পৰা স্নাতকোত্তৰ পর্যায়লৈকে স্ক’লাৰশ্বিপ পাব পাৰে৷ এই পৰীক্ষাবোৰৰ মান অতি উচ্চ পর্যায়ৰ৷ এই পৰীক্ষাবোৰত অৱতীর্ণ হ’লে ছাত্র–ছাত্রীসকলে ৰাজ্যিক বা সর্বভাৰতীয় পর্যায়ত তেওঁলোকে কেনে স্থিতিত আছে, তাক অনুধাৱন কৰিব পাৰে৷ এইটোৱে ছাত্র–ছাত্রীসকলক প্রচুৰ সহায় কৰে৷
আমাৰ বহুবোৰ বিদ্যালয়ত বিশেষকৈ অসমীয়া মাধ্যমৰ অনেক বিদ্যালয়ৰ ছাত্র–ছাত্রীসকল কিন্তু এই পৰীক্ষাবোৰৰ পৰা বঞ্চিত হৈ আছে৷ অনেকে এই পৰীক্ষাবোৰৰ নামেই শুনা নাই৷ ইয়াৰ হয়তো অনেক কাৰণ থাকিব পাৰে৷ কাৰণ যিয়ে নহওক লাগে, কিন্তু ভুক্তভোগী হৈছে আমাৰ সন্তান–সন্ততিসকল্৷ এইক্ষেত্রত সংশ্লিষ্ট বিদ্যালয়খনৰ পৰিচালনা সমিতি, শিক্ষক, অভিভাৱক, ছাত্র–ছাত্রী সকলো পক্ষই এই বিষয়ে বিশদভাৱে আলোচনা কৰি বিদ্যালয়খনৰ ছাত্র–ছাত্রীসকলে যাতে এনেবোৰ পৰীক্ষাত বিদ্যালয়খনতে অথবা ওচৰৰ আন বিদ্যালয়ত অৱতীর্ণ হ’ব পাৰে তাৰ ব্যৱস্থা কৰা উচিত৷ অনুত্তীর্ণ হ’লেও এইবোৰ পৰীক্ষাত অৱতীর্ণ হোৱাৰ সুফল বহুত৷ এনেবোৰ পৰীক্ষাৰ ক্ষেত্রত আগ্রহী কিছুমান বিদ্যালয়ত ছাত্র–ছাত্রীসকলৰ সুবিধা হোৱাকৈ কোচিঙৰ ব্যৱস্থাও কৰে৷ সাধাৰণতে বাহিৰৰ ৰাজ্যৰ পৰা অহা সমল ব্যক্তিসকলে এনেবোৰ কোচিং দিয়ে৷ ছাত্র–ছাত্রীসকলৰ উপকাৰত অহাকৈ ষ্টাডী মেটেৰিয়েলসহ মাত্র কেইদিনমানৰ এই কোচিঙৰ যোগেদি বুজন পৰিমাণৰ টকা এই সমল ব্যক্তিসকলে লৈ যায়৷ এই ক্ষেত্রখনত কিন্তু আমাৰ শিক্ষিত যুৱকসকলৰ অংশগ্রহণ শূন্য বুলি ক’ব পাৰি৷ শিক্ষিত যুৱক–যুৱতীসকলে এই ক্ষেত্রখনলৈ আগবাঢ়ি আহিলে আমাৰে ছাত্র–ছাত্রীসকল বহু পৰিমাণে উপকৃত হ’ব৷ কাৰণ মাতৃভাষাৰ যোগেদি জ্ঞান আহৰণ কৰিব পাৰিলে জটিল বিষয়বোৰ বুজি পোৱাত সহজ হয়৷ একেদৰে তেওঁলোকে এখন মঞ্চ গঠন কৰি এনেবোৰ পৰীক্ষাৰ আয়োজন কৰাৰ কথাও চিন্তা কৰিব পাৰে৷ অসমৰ এটা স্বচ্ছাসেৱী অনুষ্ঠানSociety for Chemical Education, Assamয়ে প্রতিবছৰে সমগ্র ৰাজ্যৰ অষ্টম, দশম, উচ্চতৰ মাধ্যমিকৰ প্রথম আৰু দ্বিতীয় বার্ষিকৰ ছাত্র–ছাত্রীসকলৰ মাজত ৰসায়ন বিষয়টোৰ ওপৰত প্রতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত কৰি আহিছে৷ ৰাজ্যৰ বিজ্ঞান মহাবিদ্যালয়বিলাকৰ্ যোগেদি অনুষ্ঠিত কৰা এই পৰীক্ষাত যথেষ্টসংখ্যক ছাত্র–ছাত্রীয়ে অংশগ্রহণ কৰে৷ গতিকে আমাৰ শিক্ষিত যুৱক–যুৱতীসকলে এই ক্ষেত্রখনলৈ আগবাঢ়ি আহিব পাৰে আৰু ইয়াৰ যোগেদি তেওঁলোকৰ লগতে আমাৰ উঠি অহা প্রজন্মও লাভৱান হ’ব পাৰিব৷

ড০জিতুমণি বড়া ফোন ৯৯৫৪২-৩৬০৭৯

Comments (0)
Add Comment