হিউমেন কম্পিউটাৰ ইণ্টাৰেক্সন

দেৱাঞ্জন বৰঠাকুৰ

হিউমেন কম্পিউটাৰ ইণ্টাৰেক্সন HCI) এক বিষয়, য’ত ব্যৱহাৰকাৰী আৰু কম্পিউটাৰৰ মাজৰ ইণ্টাৰফেচক মূল কেন্দ্রবিন্দু হিচাপে লৈ কম্পিউটাৰ প্রযুক্তিৰ ডিজাইন আৰু ব্যৱহাৰ সম্পর্কে অধ্যয়ন কৰা হয়৷ এইচ চি আই, কম্পিউটাৰ বিজ্ঞান, মনোবিজ্ঞান, ডিজাইন আদি বিষয়ৰ সংযোগ স্থানত অৱস্থান কৰে৷ এইচ চি আই নামটো প্রথমে ১৯৮৩ চনত প্রকাশিত The Psychology of Human– Computer Interaction’ নামৰ কিতাপখনত উল্লেখিত হয়৷ এইচ চি আইৰ মূল লক্ষ্য হৈছে কেনেকৈ প্রযুক্তিৰ বিকাশ কৰিব পৰা যায়, যি একে সময়তে উপযোগী, সৰল আৰু প্রৱেশযোগ্য৷ উদাহৰণস্বৰূপে গুগলৰ কথা ভাবক৷ গুগলত অতি সহজতেই যিকোনো বিষয়ৰ তথ্য বিচাৰিব পাৰি৷ ইয়াৰ উপযোগিতাও আছে আৰু ইয়াক ব্যৱহাৰ কৰিবলৈ কোনো প্রযুক্তিগত দক্ষতাৰ প্রয়োজনীয়তা নাই৷ এই উপাদানবোৰৰ বাবেই গুগল আন ছার্চ ইঞ্জিনতকৈ বহুলভাৱে ব্যৱহূত হয়৷ এটা ৱেবছাইট বনাওঁতেও এইকেইটা উপাদান থকাটো প্রয়োজনীয়৷ এটা প্রযুক্তিৰ ব্যৱহাৰিক উপযোগিতা বৃদ্ধি কৰাটো হিউমেন কম্পিউটাৰ ইণ্টাৰেক্সন গৱেষকৰ মূল লক্ষ্য৷ ইয়াৰ লগতে জডিত আন কিছু বিষয় হৈছে–user-centered design [UCD], user interface [UI] design আৰুuser experience [UX] design৷ অতীতৰ ৰোমান স্থাপত্য, প্রাচীৰ চিত্র, ৰোমান মোজাইক, ভাস্কর্য আৰু আভ্যন্তৰীণ সাজসজ্জাৰে আলোকিত ৰোমান স্নানাগাৰবোৰৰ যি নান্দনিক আবেদন আছিল, সিও এক ধৰণৰ user experience [UX] design’ৰ অন্তর্ভুক্ত বিষয়৷ অর্থাৎ আমি এটা প্রযুক্তি কেনে হোৱাটো বিচাৰিম, সেই বিষয়ে অধ্যয়ন কৰা হয় এই বিষয়বোৰত৷ বর্তমান ইয়াৰ লগত সংগতি থকা আন আন বিষয়বোৰ হৈছে– user customization’, ‘Embedded computation’, ‘Augmented reality’, ‘social computing’, ‘brain computer interface’ ইত্যাদি৷ উদাহৰণস্বৰূপে social computing’ (সামাজিক কম্পিউটিং)হৈছে কম্পিউটাৰ বিজ্ঞানৰ এটি ক্ষেত্র, য’ত সামাজিক আচৰণ আৰু গণনামূলক ছিষ্টেমৰ মাজৰ সম্পর্ক অধ্যয়ন কৰা হয়৷ হিউমেন কম্পিউটাৰ ইণ্টাৰেক্সন সম্পর্কে অধ্যয়ন কৰাৰ সুবিধা আছে স্নাতকোত্তৰ পর্যায়ত৷ Carleton university’, ‘university of Waterloo’, ‘Laurentian University’, ‘Georgia Institute of Technology’ আদি বিশ্ববিদ্যালয়ত এই বিষয় অধ্যয়ন কৰিব পাৰি৷ এই বিষয় বহুতৰ বাবে নতুন যেন লাগিব পাৰে, কিন্তু এই বিষয়ৰ চাহিদা যথেষ্ট বেছি৷ বিষয়টোৰ পৰিসৰ যথেষ্ট বহল৷ ইয়াত কেৱল থূলমূল আভাসহে দিবলৈ চেষ্টা কৰা হৈছে৷ ছাত্র–ছাত্রীসকলে এই হিউমেন কম্পিউটাৰ ইণ্টাৰেক্সনক কেৰিয়াৰ হিচাপে লোৱাৰ চিন্তাচর্চা কৰিব পাৰে৷

Comments (0)
Add Comment