নিয়মীয়া বাৰ্তা ১০ এপ্ৰিলঃ বিগত বর্ষৰ শোচনীয় ব্যর্থতা পাহৰি তিনিবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছে আজি আই পি এলত অভিযান আৰম্ভ কৰিব৷ মহামাৰী ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱে আতংক সৃষ্টি কৰা মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত দর্শক অবিহনে অনুষ্ঠিত হ’বলগীয়া মেচখনত মহেন্দ্র সিং ধোনী নেতৃত্বাধীন দলটোৰ প্রতিদ্বন্দ্বী হ’ব ঋষভ পণ্টৰ দিল্লী কেপিটেলছ৷ আই পি এলৰ অন্যতম সফল বেটছমেন সুৰেশ ৰাইনাৰ প্রত্যাৱর্তনে ধোনী বাহিনীৰ শক্তি বৃদ্ধি কৰিছে৷ টপ অর্ডাৰত ৰাইনাক সহযোগ কৰিব ফাফ ডু প্লেচিছ, অম্বাটি ৰাইডু আৰু ঋতুৰাজ গাইকোৱাডে৷ ফিনিছাৰৰ ৰূপত দলত আছে অধিনায়ক ধোনী, ইংলেণ্ডৰ অলৰাউণ্ডাৰ ছেম কৰন, মঈন আলী আৰু ৰবীন্দ্র জাদেজা৷ ইফালে, নতুন অধিনায়ক ঋষভ পণ্টৰ নেতৃত্বত দিল্লী কেপিটেলছে প্রথমবাৰৰ বাবে খিতাপ জয়ৰ লক্ষ্যৰে কাইলৈ আই পি এলত অভিযান আৰম্ভ কৰিব৷ শিখৰ ধাৱন, পৃথ্বি শ্ব, আজিংক্য ৰাহানে আৰু ঋষভ পণ্টৰ দৰে বিস্ফোৰক বেটছমেনেৰে গঠিত দিল্লী কেপিটেলছৰ শিবিৰত ষ্টিভেন স্মিথ, মার্কাছ ষ্টইনিছ, ছিমৰন হেটমায়াৰ আৰু ছেম বিলিংছৰ দৰে বিদেশী তাৰকাও আছে৷ বলিঙত দলটোৰ আক্রমণ চম্ভালিব কাগিছ’ ৰাবাডা, ক্রিছ ৱকছ, ঈশান্ত শর্মা, উমেশ যাদৱ আৰু এনৰিছ নর্টজেৰ দৰে অভিজ্ঞ বেগী বলাৰে৷ তাৰকা ৰবিচন্দ্রন অশ্বিন আৰু অমিত মিশ্রয়ো দলটোলৈ মূল্যৱান অৰিহণা আগবঢ়াব৷
খেলৰ সময়ঃ সন্ধিয়া ৭.৩০ বজা৷