গুঞ্জন ছাক্সেনা– এই নামটো সময়ৰ লগে লগে ক’ৰবাত হেৰাই থাকিল৷ কিন্তু সেই নাম আমি কেতিয়াও পাহৰি যোৱা উচিত নহয়৷ এই নামটো জড়িত হৈ আছে আগশাৰীৰ স্বদেশপ্রেমী তথা সাহসী মহিলাসকলৰ সৈতে, যিগৰাকী মহিলাই ১৭ বছৰ আগতে কার্গিলৰ যুদ্ধক্ষেত্রৰ ভয়ানক পৰিস্থিতিতো আকাশমার্গেৰে শত্রু সৈন্যৰ সৈতে যুঁজি সাহসিকতা প্রদর্শন কৰিছিল৷ এতিয়া সেইগৰাকী সাহসী মহিলাক পুনৰ চিনাকি কৰাই দিব বিচাৰিছে বলীউডৰ এখন ছবিৰ জৰিয়তে৷ ছবিখনৰ নাম হ’ল গুঞ্জন ছাক্সেনাঃ দ্য কার্গিল গার্ল৷ ছবিখনৰ মূল চৰিত্রত অভিনয় কৰিছে জাহ্ণৱী কাপুৰে৷ ইতিমধ্যে ছবিখনৰ ‘ফার্ষ্ট লুক’ প্রকাশ কৰা হৈছে৷ কিন্তু কার্গিল যুদ্ধত আকাশমার্গেৰে শত্রু সেনাক ধৰাশায়ী কৰা গুঞ্জন ছাক্সেনাৰ কাহিনীৰ আঁৰত কি আছে? গুঞ্জন ছাক্সেনা এনে এটা পৰিয়ালত ডাঙৰ–দীঘল হৈছিল, যিটো পৰিয়ালৰ প্রতিজন ব্যক্তিয়েই দেশৰ বাবে সর্বস্ব ত্যাগ কৰিবলৈ সাজু৷ গুঞ্জনৰ পিতৃ আৰু ভাতৃও আছিল সেনা জোৱান৷ তেওঁলোকৰ আদর্শ অনুকৰণ কৰি গুঞ্জনে দিল্লীৰ হংসৰাজ কলেজৰ পৰা স্নাতক ডিগ্রী লোৱাৰ পিছত ভাৰতীয় বায়ুসেনাত যোগ দিয়াৰ সিদ্ধান্ত লয়৷ অৱশ্যে সৰুৰে পৰাই গুঞ্জনৰ সেই সপোন আছিল৷ ১৯৯৪ চনত গুঞ্জন সেই ২৫গৰাকী যুৱ মহিলাৰ মাজত এগৰাকী আছিল, যিকেইগৰাকীয়ে বায়ুসেনাৰ পাইলট হিচাপে প্রশিক্ষণ লৈ আছিল৷
কার্গিল যুদ্ধৰ সময়ত এবাৰ পাকিস্তানী সেনাই গুঞ্জনৰ হেলিকপ্টাৰত আক্রমণৰ চেষ্টা চলাইছিল৷ কিন্তু পাকিস্তানী সেনাক গুঞ্জনে ধৰাশায়ী কৰি দেশ ৰক্ষাত অৰিহণা যোগাইছিল৷ কেইবাটাও ভয়ানক মিছনত দেশৰ বাবে যুঁজিছিল গুঞ্জনে৷ এনেধৰণৰ কিছুমান ঘটনাক লৈ আগবাঢ়িছে গুঞ্জন ছাক্সেনাঃ দ্য কার্গিল গার্ল ছবিখন৷ গুঞ্জনৰ চৰিত্রত অভিনয় কৰা জাহ্ণৱী কাপুৰে সেই চৰিত্রটোৰ বাবে ২০১৮ চনৰ পৰাই প্রশিক্ষণ লৈ সাজু হৈ উঠিছে৷ ছবিখনৰ বিভিন্ন চৰিত্রত অভিনয় কৰা আন অভিনেতা–ভিনেত্রীসক হ’ল– পংকজ ত্রিপাঠী, অংগদ বেদী, বিনীত কুমাৰ সিং, মানৱ ৱিজ আদি৷ কৰণ জোহৰৰ প্রযোজনাত ছবিখন পৰিচালনা কৰিছে শ্বৰণ শর্মাই৷ অহা মার্চৰ প্রথম ভাগত চিত্রগৃহত মুক্তি পাব ছবিখনে৷