ছন্দহীন ছাইনাই চিন্তিত কৰি তুলিছে ভাৰতীয় বেডমিণ্টনক

  • বিদ্যুৎ বিকাশ বৈশ্য

এসময়ৰ বিশ্বশ্রেষ্ঠই এতিয়া যেন দৌৰি ফুৰিছে ছন্দৰ বাবে৷ একালত বিশ্বৰ খেলুৱৈৰ বাবে ত্রাসৰ কাৰণ হৈ পৰা খেলুৱৈগৰাকীক এতিয়া হেলাৰঙে পৰাস্ত কৰে অনামী খেলুৱৈয়ে৷ ইখনৰ পিছত সিখন প্রতিযোগিতাত ছন্দপতন৷ কোন এই খেলুৱৈগৰাকী, যিয়ে ছন্দৰ বাবে হাবাথুৰি খাই ফুৰিছে৷ এই খেলুৱৈগৰাকী আন কোনো নহয়, ভাৰতৰে ছাইনা নেহৱাল৷ হঠাৎ খেলুৱৈগৰাকীৰ এই ছন্দপতন কিয়? ছাইনাৰ দিন উকলিল নেকি? কিয় ইখনৰ পিছত সিখন প্রতিযোগিতাত ব্যর্থ হ’ব ধৰিছে? বয়সে ভাগৰুৱা কৰিছে নেকি ভাৰতীয় তাৰকা শ্বাটলাৰগৰাকীক? নে বিশ্রামৰ প্রয়োজন বিশ্বৰ প্রাক্তন শীর্ষ বাছনিৰ খেলুৱৈগৰাকীক? এতিয়া সকলোৰে মুখত এয়াই প্রশ্ণ৷ ছাইনা নেহৱালৰ শেহতীয়া এই দুর্বল প্রদর্শন ভাৰতীয় বেডমিণ্টনৰ বাবে শুভলক্ষণ নহয়৷ এসময়ত ইখনৰ পিছত সিখন প্রতিযোগিতাত চেম্পিয়নৰ সন্মান অর্র্জন কৰি ভাৰতৰ নাম বিশ্বত উজলাই তোলা ছাইনা নেহৱালৰ চলিত বছৰটোত সাফল্যৰ ছবিখন পুতৌজনক৷ ২০১৯ চনৰ নৱেম্বৰ মাহলৈকে ছাইনা নেহৱালে ১৪খন আন্তর্জাতিক প্রতিযোগিতাত অংশগ্রহণ কৰিছে যদিও মাত্র এখন প্রতিযোগিতাতহে চেম্পিয়নৰ সন্মান অর্জন কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰে ছখন প্রতিযোগিতাৰ প্রথম ৰাউণ্ডৰ পৰাই অপ্রত্যাশিতভাৱে বিদায় মাগে ভাৰতীয় তাৰকা খেলুৱৈগৰাকীয়ে৷ চলিত বছৰটোত জানুৱাৰীত মালয়েছিয়া মাষ্টার্ছত ভাগ লৈ ছেমিফাইনেলত প্রৱেশ কৰি ২৯ বছৰীয়া শ্বাটলাৰগৰাকীয়ে প্রত্যয়জনক আৰম্ভণি কৰিছিল৷ ইয়াৰ দুসপ্তাহ পিছত অনুষ্ঠিত ইণ্ডোনেছিয়া মাষ্টার্ছৰ খিতাপ দখল কৰি ছাইনাই নিজকে দুর্দান্ত ফর্মত থকাৰ ইংগিত দিছিল যদিও পৰৱর্তী সময়ত ছন্দপতন ঘটে খেলুৱৈগৰাকীৰ৷ ছাইনাই চলিত বছৰটোত মালয়েছিয়া মাষ্টার্ছৰ ছেমিত প্রৱেশ কৰাৰ বিপৰীতে অল ইংলেণ্ড অপেন, ছিংগাপুৰ অপেন, ফ্রেন্স অপেন আৰু এছিয়ান চেম্পিয়নশ্বিপৰ কোৱার্টাৰ ফাইনেলৰ পৰা বিদায় মাগিছিল৷ আনহাতে বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপৰ তৃতীয় ৰাউণ্ড আৰু থাইলেণ্ড অপেনৰ দ্বিতীয় ৰাউণ্ডত স্তব্ধ হোৱা শ্বাটলাৰগৰাকীয়ে মালয়েছিয়া অপেন, চীন, অপেন, কোৰিয়া অপেন, ডেনমার্ক অপেন আৰু হংকং অপেনৰ প্রথম ৰাউণ্ডৰ পৰাই প্রস্থান লৈছিল৷ অৱশ্যে চলিত বর্ষৰ ছিনিয়ৰ ৰাষ্ট্রীয় বেডমিণ্টন চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰা বিশ্বৰ দশম বাছনিপ্রাপ্ত খেলুৱৈগৰাকীৰ ২০১৮ চনতো প্রদর্শনৰ ছবিখন বিশেষ উন্নত নাছিল৷ এসময়ত ভাৰতীয় বেডমিণ্টনৰ নক্ষত্রস্বৰূপ হৈ পৰা ছাইনাৰ আজিৰ এই দুর্বল প্রদর্শন ভাৰতীয় বেডমিণ্টনৰ বাবে শুভলক্ষণ নহয়৷ এগৰাকী আগশাৰীৰ খেলুৱৈৰ এনে হতাশাজনক প্রদর্শনক লৈ চিন্তিত হৈ পৰিছে ভাৰতীয় বেডমিণ্টন ফেডাৰেচন৷ ইখনৰ পিছত সিখন প্রতিযোগিতাত চেম্পিয়নৰ সন্মান অর্জন কৰি ২০১৫ চনৰ ২ এপ্রিলত বিশ্ব বেডমিণ্টনৰ মহিলা শাখাৰ ছিংগলছৰ শীর্ষস্থান দখল কৰি ভাৰতীয় বেডমিণ্টনক গৌৰৱান্বিত কৰা ছাইনাৰ জন্ম হৈছিল ১৯৯০ চনৰ ১৭ মার্চত হাৰিয়ানাৰ হিছাৰ চহৰত৷ ৰাজীৱ গান্ধী খেলৰত্ন আৰু অর্জুন বঁটাৰে বিভূষিত ছাইনাই এতিয়ালৈকে কেৰিয়াৰত ২৪টাকৈ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে৷ ২০১২ চনত লণ্ডন অলিম্পিকত ব্রঞ্জৰ পদক জিনি প্রথমগৰাকী ভাৰতীয় শ্বাটলাৰ হিচাপে অভিলেখ গঢ়া ছাইনাই ২০১৮ চনৰ ১৪ ডিচেম্বৰত দেশৰে সতীর্থ খেলুৱৈ পাৰুপল্লী কাশ্যপৰে বিবাহপাশত আবদ্ধ হয় ৷

ইফালে ছাইনাৰ ব্যর্থতাৰ মাজতে দেশৰ হৈ উজলি উঠিছে প্রতিভাৱান পুৰুষ শ্বাটলাৰ লক্ষ্য সেন৷ চলিত বছৰটোত চাৰিটাকৈ খিতাপ জয় কৰি নিজৰ প্রতিভাৰ পৰিচয় দিছে লক্ষ্য সেনে৷ ২০০১ চনৰ ১৬ আগষ্টত উত্তৰাখণ্ডৰ আলমৰা চহৰত জন্মগ্রহণ কৰা লক্ষ্যই ইখনৰ পিছত সিখন প্রতিযোগিতাত উন্নত প্রদর্শন দাঙি ধৰি সকলোৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে৷ পি কাশ্যপ, কিদাম্বি শ্রীকান্ত, সৌৰভ বার্মা, এইচ এছ প্রণয় আৰু বি ছাই প্রণীথৰ পিছত লক্ষ্য সেনৰ ৰূপত ভাৰতে এগৰাকী প্রতিভাৱান শ্বাটলাৰক লাভ কৰিছে৷ লক্ষ্য সেনক লৈ সপোনো দেখিছে দেশবাসীয়ে৷ চলিত বছৰটোত বেলজিয়াম ইণ্টাৰনেচনেল, স্ক’টিছ অপেন, ছাৰল’ৰলাক্স অপেন আৰু ডাচ্চ অপেনৰ খিতাপ জয় কৰা লক্ষ্য সেনে চলিত বছৰটোৰে প’লিচ অপেনতো ৰানার্ছ আপ হয়৷ ২০১৬ চনত ইণ্ডিয়া ইণ্টাৰনেচনেল ছিৰিজত চেম্পিয়নৰ সন্মান লাভ কৰা লক্ষ্যই ২০১৭ চনত বুলগেৰিয়া অপেন, ইণ্ডিয়া ইণ্টাৰনেচনেল ছিৰিজত শ্রেষ্ঠত্ব অর্জন কৰাৰ লগতে টাটা অপেন ইণ্ডিয়া ইণ্টাৰনেচনেলত ৰানার্ছ আপ হৈছিল৷ ২০১৭ চনত টাটা অপেন ইণ্ডিয়া ইণ্টাৰনেচনেলৰ খিতাপ জয় কৰিব নোৱাৰিলেও লক্ষ্য সেনে ২০১৮ চনত এই প্রতিযোগিতাখনৰ খিতাপ জয় কৰে৷ শেহতীয়াভাৱে কৰি অহা এই প্রদর্শনলৈ চাই লক্ষ্য সেনে যে অনাগত দিনত ভাৰতীয় বেডমিণ্টনৰ নাম উজলাব পাৰিব সেইটো খাটাং ৷

Comments (0)
Add Comment