দ্য আই অৱ ডার্কনেছ আৰু ক’ৰোনা ভাইৰাছ

দীপক কুমাৰ দাস

পৃথিৱীত সংঘটিত ঘটনাবোৰৰ মাজত এনে কিছুসংখ্যক ঘটনা থাকে, যাৰ লগত অতীতৰ ঘটনা কিম্বা কল্প কাহিনীৰ মিল থাকে৷ জীৱশ্রেষ্ঠ মানৱে তেনে ঘটনাটিক লৈ ব্যস্ত হৈ পৰে৷ বিশ্বজুৰি সেই ঘটনাটিৰ লগত অতীতৰ ঘটনাটিৰ সম্পর্ক উদ্ঘাটনৰ অধ্যয়ন চলায়৷ সত্য নে অসত্য, তাক যুকিয়াই চোৱাৰ প্রয়াস কৰে৷ তেনে ঘটনাই আন্তর্জাতিক সংবাদ মাধ্যমৰ পৰা স্থানীয় সংবাদ মাধ্যমৰ, আজিৰ তাৰিখত ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰে৷ শেহতীয়াভাৱে তেনে এক কাকতালীয় সংযোগৰ ঘটনাই বিশ্বজুৰি চর্চিত হৈছে৷ কাকতালীয় সংযোগটি হৈছে ৩৯ বছৰ পূর্বে ৰচিত এখন থ্রিলাৰ উপন্যাস আৰু চীনত ঘাতক ৰূপ লোৱা ক’ৰোনা ভাইৰাছ৷ আমেৰিকা যুক্তৰাষ্ট্রৰ প্রখ্যাত ঔপন্যাসিক ডীন কুনট্জৰ ১৯৮১ চনত ৰচিত ‘দ্য আই অৱ ডার্কনেছ’ শীর্ষক থ্রিলাৰ উপন্যাসখনৰ কেইটামান বাক্যই বিশ্বৰ সচেতন নাগৰিকক আশ্চর্যচকিত কৰিছে৷ চীনৰ ৱুহান প্রদেশত উদ্ভৱ ঘটি সংহাৰী ৰূপ লোৱা ন’ভেল ক’ৰোনা ভাইৰাছত আক্রান্ত লোকৰ মৃত্যুৰ সংখ্যা তিনি হাজাৰ অতিক্রম কৰিছে৷ লক্ষাধিক লোক আক্রান্ত হৈছে৷ নিয়ন্ত্রণহীন হৈ পৰা ঘাতক ক’ৰোনা ভাইৰাছে বিশ্বৰ ২৮খনতকৈ অধিক দেশত শংকাৰ পৰিৱেশ সৃষ্টি কৰিছে৷ ২০১৯ চনৰ ডিচেম্বৰত উদ্ভৱ ঘটা ক’ৰোনা ভাইৰাছৰ ঘটনা চীনে গোপনে ৰাখিছিল যদিও চলিত বর্ষৰ প্রাৰম্ভতে পোহৰলৈ আহে আৰু ই সংহাৰী ৰূপ ধাৰণ কৰে৷ ঘাতক ক’ৰোনা ভাইৰাছ প্রাকৃতিক কাৰণত হোৱা বুলি চীনে প্রচাৰ কৰিছে যদিও বিশ্বৰ বিশেষজ্ঞ মহলে চীনৰ গৱেষণাগাৰত উপলব্ধ জৈৱিক অস্ত্র বুলি দাবী কৰিছে৷ ঘাতক ক’ৰোনা ভাইৰাছক লৈ শংকা–বিতর্ক চলি থকাৰ মাজতেই ডীন কুনট্জৰ ‘দ্য আই অৱ ডার্কনেছ’ চর্চিত হৈছে৷ ক’ৰোনা ভাইৰাছক লগত থ্রিলাৰ উপন্যাসখনৰ কি সম্পর্ক, তাক বর্ণনাৰ পূর্বে উপন্যাসখনৰ কাহিনীটোৰ সাৰমর্ম জনাৰ প্রয়োজন আছে৷
‘দ্য আই অৱ ডার্কনেছ’ হৈছে এগৰাকী পুত্রৰ সন্ধানৰত মাতৃৰ কাহিনী৷ সংক্ষিপ্ত ৰূপত কাহিনীটো হৈছে এনেধৰণৰ– কোনো দুর্ঘটনা সংঘটিত নোহোৱাকৈ ১৬বাৰ পর্বতাৰোহণ কৰা এজন নেতৃত্ব বহনকাৰীৰ সৈতে এগৰাকী মাতৃয়ে তেওঁৰ সন্তানক পর্বতাৰোহণ কার্যসূচীলৈ পঠিয়াইছিল৷ যি সময়ত মাতৃগৰাকী পুত্রক পর্বতাৰোহণৰ বাবে পঠিয়াইছিল, তেতিয়ালৈকে সেই নেতৃত্ব বহনকাৰীজনৰ দলত কোনো দুর্ভাগ্যজনক ঘটনা ঘটা নাছিল যদিও সেইবাৰ অঘটন ঘটিছিল৷ পুত্রৰ মৃত্যুৰ বাতৰি পাইছিল মাতৃগৰাকীয়ে৷ মর্মাহত মাতৃগৰাকীয়ে তেওঁৰ পুত্রৰ মৃত্যু হোৱা বুলি বিশ্বাস কৰা নাছিল আৰু পুত্রৰ সন্ধান চলাইছিল৷ পুত্রৰ মৃত্যুৰ কাৰণ বিচাৰি হাবাথুৰি খাইছিল৷ কিয়নো এনেধৰণৰ অভিযানত মৃত্যুৰ কাৰণ বর্ণনা কৰা নহৈছিল৷ পুত্রৰ বন্ধুৰ পৰাও কোনো তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাছিল৷ অৱশেষত মাতৃগৰাকীয়ে তেওঁৰ পুত্র ভাইৰাছত আক্রান্ত হৈ গৱেষণাগাৰত থকা বুলি সন্ধান পাইছিল আৰু তাতেই কাহিনীৰ সামৰণি পৰিছিল৷ এই কাহিনীৰ মাজতেই গ্রন্থখনৰ ৩৩৩নং পৃষ্ঠাত উল্লিখিত কেইটামান সৰল বাক্যই আজি বিশ্বজুৰি আলোড়ন তুলিছে৷ বাক্যকেইটা হৈছে–’It was around that time a chinese scientist named Li Chen moved to the United States while carrying a floppy disk of data from China’s most important and dangerous new biological weapon of the past decade. They call it Wuhan-400 because it was developed in their RDNA laboratory just outside the city of Wuhan’৷ ইয়াৰ সাৰমর্ম হৈছে চীনৰ লি চেন নামৰ বিজ্ঞানী এজনে দেশখনক বিগত দশকত প্রস্তুত কৰা গুৰুত্বপূর্ণ আৰু ভয়াৱহ নতুন জৈৱিক অস্ত্রৰ তথ্যসমৃদ্ধ ডিস্ক লৈ আমেৰিকা যুক্তৰাষ্ট্রলৈ গৈছিল৷ ৱুহান প্রদেশৰ চহৰখনৰ সমীপতে গৱেষণাগাৰত প্রস্তুত কৰিছিল জৈৱিক অস্ত্র, যাৰ নাম আছিল ৱুহান–৪০০৷ এই কথাখিনিৰ লগত চীনৰ ৱুহান চহৰত ঘাতক ৰূপ লোৱা ক’ৰোনা ভাইৰাছৰ মিল থকা বুলি দাবী কৰা হৈছে৷ কিয়নো ৱুহান চহৰৰ পৰাই ঘাতক ক’ৰোনা ভাইৰাছৰ সংহাৰ আৰম্ভ হৈছে৷ উপন্যাসখনৰ লেখক ডীন কুনট্জে এই চর্চাক লৈ এতিয়াও মত প্রকাশ কৰা নাই৷ ডাৰেন প্লাই মাউথ নামৰ এজন লোকৰ টুইটাৰত ‘দ্য আই অৱ ডার্কনেছ’ উপন্যাসখনৰ বহুচর্চিত বাক্যশাৰী প্রচাৰিত হৈছে আৰু ই এতিয়া টুইটাৰত আলোড়ন সৃষ্টি কৰিছে৷ বিশ্বৰ প্রান্তে প্রান্তে গ্রন্থখনৰ চাহিদা বৃদ্ধি পাইছে৷ গ্রন্থখনৰ ভাইৰাছৰ লগত ৱুহান প্রদেশৰ ক’ৰোনা ভাইৰাছ (বর্তমান নামকৰণ ক’ভিড–১৯)ৰ সম্পর্ক বিশ্লেষণত ব্যস্ত হৈ পৰিছে৷ প্রশ্ণ উত্থাপন হৈছে ১৯৮১ চনত ৰচিত ‘দ্য আই অৱ ডার্কনেছ’ত প্রকৃতার্থত লেখকগৰাকীয়ে চীনৰ ৱুহান প্রদেশৰ গৱেষণাগাৰত প্রস্তুত কৰা জৈৱিক অস্ত্রৰ বিষয়ে জানিছিল নে তেওঁ কল্পনাক প্রাধান্য দিছিল৷ এই কথা চর্চিত হৈছে যে হয়তো চীনৰ জৈৱিক অস্ত্রৰ বিষয়ে জ্ঞাত আছিল আমেৰিকাৰ প্রখ্যাত লেখকগৰাকী৷ মন কৰিবলগীয়া যে ১৯৮১ চনত গ্রন্থখনত ভাইৰাছবিধৰ নাম আছিল গর্কি–৪০০, কিন্তু পিছলৈ ১৯৮৯ চনত নতুন সংশোধিত সংস্কৰণত ৱুহান–৪০০ কৰা হৈছিল৷ এই তথ্যই এনে সম্ভেদ দিয়ে যে লেখকগৰাকীয়ে হয়তো প্রথম অৱস্থাত কল্পনা কৰিয়েই ভাইৰাছবিধৰ নামকৰণ কৰিছিল, কিন্তু পিছলৈ চীনত ৱুহান প্রদেশৰ জৈৱিক অস্ত্র প্রস্তুত গৱেষণাগাৰৰ তথ্য লাভ কৰি ভাইৰাছবিধৰ নাম সলনি কৰিছিল৷ ১৯৮১ চনত জৈৱিক অস্ত্রৰ ভয়াৱহতাৰ আধাৰত ৰচিত থ্রিলাৰ উপন্যাসখনে ২০২০ চনৰ প্রাৰম্ভিক মাহতেই ব্যাপক চর্চাৰ মাজলৈ আহিছে৷ চীনৰ ৱুহান প্রদেশত সংহাৰী ৰূপ লোৱা ক’ৰোনা ভাইৰাছ জৈৱিক অস্ত্র হয় নে নহয়, সেই সন্দর্ভত অনাগত সময়ে সত্যতা প্রমাণিত কৰিব৷ কিন্তু থ্রিলাৰ উপন্যাস ‘দ্য আই অৱ ডার্কনেছ’–এ বিশ্ববাসীক জৈৱিক অস্ত্রৰ বিষয়ে ভাবিবলৈ বাধ্য কৰিছে৷ শেষত এই কথা ক’ব পাৰি যে জৈৱিক অস্ত্র প্রস্তুত কৰাটো মানৱ জাতিৰ বাবে কেতিয়াও শুভ লক্ষণ নহয়৷ বিশ্ব সম্প্রদায়ে এই জৈৱিক অস্ত্র প্রস্তুতকৰণত নিষেধাজ্ঞাও জাৰি কৰি ৰাখিছে৷ তত্রাচ চীনৰ পৰা জৈৱিক অস্ত্রৰ সংক্রমণ সমগ্র মানৱ জাতিৰ বাবেই বিপজ্জনক৷

Comments (0)
Add Comment