প্রত্যাহ্বানক সুযোগলৈ ৰূপান্তৰঃ বাংলাদেশৰ অর্থনৈতিক বিপ্লৱ

  • দীপক কুমাৰ দাস

প্রত্যাহ্বান, চৌদিশে প্রত্যাহ্বান৷ দুর্বলতম অর্থনীতি, প্রাকৃতিক দুর্যোগৰ প্রচণ্ড প্রত্যাহ্বান, ভয়াৱহ দৰিদ্রতা, দুর্ভিক্ষ আৰু ৰাজনৈতিক হিংসাৰ প্রত্যাহ্বান৷ ইতিহাসৰ পৃষ্ঠা লুটিয়াই চালে দহ বছৰ পূর্বৰ সকলো ক্ষেত্রতে প্রত্যাহ্বানৰ সন্মুখীন হৈ থকা দেশখন আজি সকলো দিশতে প্রোজ্জ্বল৷ প্রত্যাহ্বানক সুযোগলৈ ৰূপান্তৰিত কৰাৰ দুর্বাৰ আকাংক্ষা আৰু ক্ষমতাৰ বাবেই ৰাষ্ট্রসংঘৰ সবাতোকৈ কম বিকশিত দেশ (লিষ্ট ডেভেলপমেণ্ট কাউণ্টী)ৰ তালিকাত থকা দেশখন শীঘ্রেই উন্নয়নশীল দেশৰ স্বীকৃতি লাভৰ পথত৷ এছিয়াৰ ভাৰত, পাকিস্তান, শ্রীলংকাতকৈ মুঠ ঘৰুৱা উৎপাদন (জিডিপি)ৰ হাৰত অধিক শক্তিশালী দেশখন আজিৰ তাৰিখত বিশ্বৰ চতুর্থ বৃহত্তম ধান উৎপাদনকাৰী, দ্বিতীয় বৃহত্তম মৰাপাট উৎপাদনকাৰী, পঞ্চম বৃহত্তম শাক–পাচলি, চতুর্থ বৃহত্তম আম উৎপাদনকাৰী আৰু চতুর্থ বৃহত্তম আভ্যন্তৰীণ মাছ উৎপাদনকাৰী৷ তাতেই সীমাবদ্ধ নহয়, অনলাইন শ্রমিকৰ ক্ষেত্রত দ্বিতীয় বৃহত্তম দেশ৷ এসময়ত আনৰ ওপৰত নির্ভৰশীল দেশখনে কম সময়ৰ ভিতৰতে অর্থনীতিত বিপ্লৱৰ সূচনা কৰিলে আৰু দেশখনক বিশ্বৰ মানচিত্রত সুকীয়া ৰূপত প্রতিষ্ঠা কৰিলে৷ এটা দশকৰ ভিতৰতে দেশখনে কিদৰে অভাৱনীয় পৰিৱর্তন সম্ভৱ কৰি তুলিলে৷ দেশখনৰ নেতৃত্বৰ ভৱিষ্যদর্শী সিদ্ধান্তৰ ওপৰত জনগণৰ আস্থা, বিশ্বাস আৰু উন্নতিৰ কাৰণে জনগণৰ দুর্বাৰ আকাংক্ষা, সামাজিক প্রমূল্যবোধ আৰু দেশৰ প্রতি জনগণৰ আস্থাই দেশখনক প্রোজ্জ্বলিত কৰি তুলিলে৷ দেশখন হৈছে জাতিৰ পিতা বংগবন্ধু শ্বেখ মুজিবৰ ৰহমানৰ স্বপ্ণৰ ‘সোণাৰ বাংলা’ দেশবাসীৰ ভিজন–২০২১ চনত উন্নয়নশীল আৰু ২০৪১ চনত উন্নত দেশ হিচাপে প্রতিষ্ঠিত হোৱাৰ ৷

ভাৰততকৈ দ্রুতগতিত বিকশিত আৰু সমান অর্থনীতিৰ দিশে আগবাঢ়ি থকা চুবুৰীয়া ৰাষ্ট্র বাংলাদেশৰ আশ্চর্যজনক উন্নয়নৰ মূল চাবিকাঠীনো কি, এই লেখাটি তাক পর্যালোচনা কৰাৰ প্রয়াস৷ ১৯৭১ চনত দেশ হিচাপে স্বীকৃতি লভাৰ সময়ত বাংলাদেশৰ অর্থনীতি আছিল অতি দুর্বলতম৷ জিডিপিৰ হাৰ আছিল ১.৪ শতাংশ৷ ৰাজনৈতিক পৰিস্থিতি অস্থিৰ, বান আৰু দুর্ভিক্ষত বিধ্বস্ত আছিল৷ সময় সলনি হ’ল, দেশখনৰ জিডিপিৰ হাৰ এতিয়া ৮.১ শতাংশ আৰু জিডিপিৰ হাৰ দুই সংখ্যাৰ লক্ষ্য নির্ধাৰণ কৰি লৈছে৷ প্রাৰম্ভতে উল্লেখ কৰা সঠিক হ’ব যে জনসংখ্যাৰ হাৰ নিম্নগামী হোৱাৰ ফলত জনমূৰি উপার্জন বৃদ্ধিত সহায়ক হৈ পৰিছে৷ দাৰিদ্র্য সীমাৰেখাৰ অধীনৰ সংস্থাপিত শ্রমিকৰ সংখ্যা অভাৱনীয় ৰূপত হ্রাস পালে৷ ২০১০ চনত এনে শ্রমিকৰ সংখ্যা আছিল ৭৩.৫ শতাংশ আৰু ২০১৮ চনত ইয়াৰ সংখ্যা ১০.৪ শতাংশ৷ ১৯৭৫ চনৰে পৰা ৰাষ্ট্রসংঘৰ কম বিকশিত দেশৰ তালিকাত অন্তর্ভুক্ত দেশখনে ২০২১ চনত নতুন স্বীকৃতি লাভ কৰিব৷ দেশখনৰ অভাৱনীয় উত্থান সন্দর্ভত ঢ়াকা বিশ্ববিদ্যালয়ৰ অধ্যাপক ছেলিম ৰায়হানৰ মত হ’ল ৰেডিমেড বস্ত্রৰ ৰপ্তানি, আভ্যন্তৰীণ প্রেৰিত ধন বা পৰিশোধ কৰা ধন (ইনৱার্ড ৰেমিটেনছ), কৃষিখণ্ডত বিকাশ বর্তাই ৰখা, ক্ষুদ্র বিত্তৰ (মাইক্র’ফাইনেন্স) বিকাশ আৰু বৃহৎ আন্তঃগাঁথনি প্রকল্পত ৰাজহুৱা বিনিয়োগ৷ তদুপৰি নাৰী সবলীকৰণ প্রগতিৰ অন্যতম চাবিকাঠী৷ জনসংখ্যাৰ জোখাৰে ক্ষুদ্র দেশ বাংলাদেশৰ জিডিপি হাৰ বৃদ্ধিৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা লৈ আছে গাঁঠনিগত ৰূপান্তৰকৰণে৷ নির্মাণখণ্ডত (ঔদ্যোগিক) শক্তিশালী বৃদ্ধি আৰু ৰপ্তানিয়ে দেশখনৰ অর্থনীতি সবল কৰি তুলিছে৷ ৰেডিমেড আৰু চিলাই বস্ত্রই দেশখনৰ অর্থনীতি, অর্থাৎ বাংলাদেশৰ বস্ত্রই অর্থনীতিৰ আধাৰ গঢ়ি তুলিছে৷ অধ্যাপক ৰায়হানৰ মতে, চীনৰ পিছতেই বাংলাদেশ বিশ্বৰ দ্বিতীয় বৃহত্তম বস্ত্র ৰপ্তানিকাৰী দেশ৷ তদুপৰি সর্বাধিক শ্রমিক জড়িত নির্মাণকাৰী খণ্ডত৷ বস্ত্র প্রস্তুতকাৰী খণ্ডত ৫ মিলিয়ন লোক জড়িত হৈ আছে আৰু ৮০ শতাংশই মহিলা৷ ৰপ্তানিয়ে দেশখনৰ জিডিপিত ২০ শতাংশ অৰিহণা যোগাই আহিছে৷ বাংলাদেশৰ অর্থনীতিৰ মেৰুদণ্ডস্বৰূপ বস্ত্র উদ্যোগৰ ক্রমাগতভাৱে শ্রীবৃদ্ধি ঘটি আছে৷ বাংলাদেশী বস্ত্রৰ চাহিদা দিনক দিনে বিশ্বৰ বজাৰত বৃদ্ধি পাই আছে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ পৰা অষ্ট্রেলিয়া, কানাডা, ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন দেশলৈ বাংলাদেশৰ বস্ত্র ৰপ্তানি হৈ আছে৷ ২০১৮ চনত ২.৭ শতাংশ বৃদ্ধি পাইছিল আৰু ২০১৯ চনত ইয়াৰ পৰিমাণ ১১.৫ শতাংশ বৃদ্ধি পাইছে৷ বস্ত্র উদ্যোগৰ শ্রীবৃদ্ধি আৰু ৰপ্তানিৰ চাহিদা বৃদ্ধি কৰাৰ বাবে বাংলাদেশে এই খণ্ডটিৰ উত্তৰণ ঘটাইছে৷ বিভিন্ন পদক্ষেপেৰে আন্তর্জাতিক মানৱ শৃংখল গঢ়ি তুলিছে৷ বৃহৎ পৰিমাণত কোম্পানী স্থাপন কৰিছে আৰু নমনীয় শ্রমিক বজাৰ আৰু নিম্ন বেতনক প্রাধান্য দিছে৷ ইপিনে বান, খৰাং আৰু ভূমি ক্ষয়ক প্রত্যাহ্বান জনাই দেশখনে কৃষিখণ্ডৰ বিকাশক বর্তাই ৰাখিবলৈ সক্ষম হোৱাটোও অর্থনীতি উত্থানৰ অন্যতম কাৰক৷ খাদ্য উৎপাদনত আত্মনির্ভৰশীল দেশখনে ধান, মৰাপাট, আম, শাক–পাচলি আৰু মাছ উৎপাদনত বিশ্বৰ মানচিত্রত সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে৷ বিগত ১৪ বছৰত ইতিবাচক বিকাশৰ হাৰ ৩.৫ শতাংশ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে৷ গুৰুত্বপূর্ণ যে মাছ উৎপাদন দ্রুতগতিত ৬.৩ শতাংশ বৃদ্ধি কৰিছে, ই হৈছে দেশখনৰ জিডিপিৰ ৩.৬ শতাংশ আৰু কৃষিখণ্ডৰ জিডিপিৰ ২৫ শতাংশ৷ মন কৰিবলগীয়া যে দেশখনে বিদ্যুৎ উৎপাদন আৰু মানৱ সম্পদ বিকাশ তথা যুৱ–দক্ষ কর্মশক্তিক মাত্রাধিক প্রাধান্য দিয়েই সকলো ক্ষেত্রতে প্রগতিৰ দিশে আগবাঢ়ি আহিছে৷ বিদ্যুৎ অবিহনে দেশখনত নির্মাণ খণ্ড বিশেষকৈ ঔদ্যোগিক খণ্ড বর্তি থাকিব নোৱাৰে৷ সেই কথাক গুৰুত্ব দিয়েই প্রধানমন্ত্রী শ্বেখ হাছিনাই বিদ্যুৎ খণ্ডৰ উত্তৰণৰ হকে সাহসী সিদ্ধান্ত লৈছিল৷ প্রধানমন্ত্রীগৰাকীৰ্ সিদ্ধান্তক লৈ দেশত প্রতিবাদ হৈছিল যদিও প্রধানমন্ত্রীগৰাকীয়্ সিদ্ধান্তত অটল আছিল৷ ব্যক্তিগত বিনিয়োগত গুৰুত্ব দি বিদ্যুৎ খণ্ডৰ উত্তৰণ ঘটোৱা প্রধানমন্ত্রীৰ সিদ্ধান্তই এতিয়া দেশখনক নতুন গতি দিছে৷ তদুপৰি যুৱ–দক্ষ কর্মশক্তিক প্রাধান্য দি বাংলাদেশৰ শৈক্ষিক পদ্ধতিয়ে বার্ষিক ৫ লাখতকৈ অধিক বিশ্ববিদ্যালয় স্নাতক উৎপাদন কৰি আছে আৰু ইয়াৰে ৬৫ হাজাৰতকৈ অধিক স্নাতকক তথ্য–প্রযুক্তিৰ প্রশিক্ষণেৰে দক্ষ কৰি তোলা হয়৷ ইনফর্মেচন টেকন’লজী এনাবলড্ ছার্ভিছেছৰ প্রশিক্ষিত স্নাতকসকলে বিশ্বৰ বিভিন্ন দেশত নিজৰ সেৱা আগবঢ়াই আছে৷ বিশ্বৰ অনলাইন শ্রমিকৰ ক্ষেত্রখনত দ্বিতীয় বৃহত্তম দেশখনে অর্থনীতিত গুৰুত্বপূর্ণ বৰঙণি যোগাই আহিছে৷ বাংলাদেশে ডিজিটেল বিশ্বৰ দুৱাৰমুখ হোৱাৰ লক্ষ্য নির্ধাৰণ কৰি দেশখনৰ বিশ্ববিদ্যালয়ত তথ্য–প্রযুক্তিৰ ক্ষেত্রত প্রাধান্য দিছে৷ বিদেশী বিনিয়োগকাৰীৰ বাবে এছিয়াৰ ভিতৰত সবাতোকৈ সুবিধাজনক দেশ বাংলাদেশত ২০১৮ চনত বিনিয়োগৰ পৰিমাণ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ দুবছৰৰ ভিতৰত বিদেশী বিনিয়োগ ৪২.৯ শতাংশ বৃদ্ধি হৈছে আৰু ইয়াৰে অধিকাংশ বিদ্যুৎ তথা শক্তিখণ্ড, খাদ্য আৰু বস্ত্র উদ্যোগত৷ বাংলাদেশত বিনিয়োগত গুৰুত্ব দিয়া দেশকেইখন হৈছে চীন, গ্রেট ব্রিটেইন, নেদাৰলেণ্ড, দক্ষিণ কোৰিয়া৷ শেহতীয়াকৈ ছৌদি আৰবৰ কোম্পানীয়েও ৩ বিলিয়ন মার্কিন ডলাৰ বিনিয়োগৰ সিদ্ধান্ত লৈছে৷ এছিয়া প্রশান্ত মহাসাগৰীয় অঞ্চলৰ দ্রুত বিকশিত দেশখনে ৰপ্তানি বৃদ্ধিৰ বাবে নতুন নতুন পদক্ষেপ গ্রহণ কৰাৰ লগতে বৃহৎ পৰিমাণৰ বিনিয়োগৰ কাৰণে বিদেশী কোম্পানীক আকর্ষিত কৰিছে৷ দক্ষিণ এছিয়াৰ সবাতোকৈ উদাৰ বিনিয়োগ অঞ্চল বাবেই দেশখনত বিদেশী বিনিয়োগকাৰীয়ে আগ্রহ দেখুৱাই আহিছে৷ বিদেশী বিনিয়োগৰ আইনী সুৰক্ষা, উদাৰ ৰাজকোষীয় প্রোৎসাহন, যন্ত্র–পাতি আমদানিত ৰেহাই, অসংৰক্ষিত প্রস্থান নীতি, সম্পূর্ণ লাভাংশ আৰু পুঁজি প্রস্থানত সুবিধা বিদেশী বিনিয়োগকাৰীক প্রদান কৰি থকা হৈছে৷
প্রস্ফুটিত অর্থনীতিৰ কাৰণে বাংলাদেশে সকলোৰে বাবে দেশখনৰ দুৱাৰ মুকলি কৰিব পাৰে৷ ২০০৯ চনৰ পিছৰে পৰা দেশখনৰ অর্থনীতি ১৮৮ শতাংশ বৃদ্ধি পাইছে৷ ২০৩০ চনৰ ভিতৰত বিশ্বৰ ২৬ সংখ্যক বৃহত্তম অর্থনীতিৰ দেশলৈ উন্নীত হোৱাৰ পূর্ণ সম্ভাৱনা থকা দেশখনে ২০০৯ চনত ডিজিটেল বাংলাদেশলৈ ৰূপান্তৰিত কৰি ১০০ শতাংশ লোকক সাঙুৰি লোৱাৰ লক্ষ্য নির্ধাৰণ কৰি লৈছে৷ এছিয়া প্রশান্ত মহাসাগৰীয় অঞ্চলত পঞ্চম বৃহত্তম ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ দেশখন নগদবিহীন সমাজৰ পিনে দ্রুতগতিত ধাৱিত৷ ১৬১ নিযুত জনসংখ্যাৰ ভিতৰত দুই তৃতীয়াংশ লোক যুৱ হোৱাৰ ফলত যুৱ কর্মশক্তি প্রযুক্তিগত দক্ষতাৰে শিক্ষিত হৈ প্রতিদ্বন্দ্বিতামূলক বেতনত সংস্থাপনৰ বাবে সাজু হৈ থাকে৷ উনুকিয়াও যে বাংলাদেশৰ অর্থনীতি সম্প্রতি ভাৰততকৈ অধিক শক্তিশালী ৰূপত প্রোজ্জ্বলিত হৈ থকাৰ সমান্তৰালকৈ দেশখনত ভাৰতৰ তুলনাত উপার্জনৰ অসমতাও কম৷ যিয়ে দেশখনক আগবঢ়াই নিয়াত সহায় কৰি আহিছে৷ ভাৰতৰ জনমূৰি আয়ৰ তুলনাতো দেশখনৰ জনমূৰি আয় বেছি৷ সম্প্রতি দেশখনৰ জনমূৰি আয়ে ১৯০৯ মার্কিন ডলাৰ অতিক্রম কৰিছে৷ তুলনাত্মক দৃষ্টিকোণেৰে বাংলাদেশৰ অর্থনীতিৰ উত্থান ভাৰতৰ বাবে অনুপ্রেৰণা হ’ব পাৰে৷

Comments (0)
Add Comment