বিশ্ব সাহিত্যৰ পাঁচখন বিতর্কিত কিতাপ

  • প্রাণজ্যোতি নাথ

মার্টিন লুথাৰ কিঙে কৈছিল– ‘মানুহ এজনৰ স্থিৰতা জোখাৰ সেয়াহে প্রকৃত সময়, যেতিয়া তেওঁক বিতর্ক আৰু প্রত্যাহ্বানে লগ লয়৷ সুখ–সুবিধাৰ মাজত থকা মানুহ এজনৰ স্থিৰতা জুখিব নোৱাৰি৷’ স্থিৰ হৈ থকা সহজ নহয়, যেতিয়া বিতর্ক আৰু প্রত্যাহ্বানে থিয় দিয়ে আগুওৱাৰ বাটত৷ চিনেমা, ৰাজনীতিক ফিল্মষ্টাৰৰ দৰে বিতর্কই লগ এৰা নাই বিশ্ব সাহিত্য আৰু সাহিত্যিককো৷ স্বৰচিত সাহিত্যৰ বাবেই দেশ এৰি দেশান্তৰ হৈছে তছলিমা নাছৰিন, ছলমান ৰুশ্বদীৰ দৰে বিশ্ববিখ্যাত লেখক–সাহিত্যিক৷ অথচ তেওঁলোকৰ কলম থমকি ৰোৱা নাই৷ প্রচলিত সমাজ ব্যৱস্থাৰ বিপৰীতে যোৱা, সমাজৰ সকলো নিয়ম আৰু টেবুল ভাঙি দিব খোজা প্রতিখন কিতাপ সমাজৰ বিচাৰৰ তুলাচনীত উঠিছে আৰু নিষিদ্ধ ঘোষিত হৈছে৷ এই প্রতিখনেই বিতর্কিত কিতাপ৷ প্রত্যাহ্বানৰ মুখামুখি হৈছে এই প্রতিখন কিতাপৰ স্রষ্টা৷ বিতর্কিত সৃষ্টি আৰু স্রষ্টাৰ এই তালিকাখন দীঘল৷ শতিকাৰ পিছত শতিকা তাত যোগ হৈ গৈ আছে আয়ান ৰেণ্ড, খ্রীষ্টোফাৰ হিট্ছ, ষ্টেফেনি মায়াৰ, ই এল জেমছ, জুৰি ব্লুমৰ দৰে লেখকৰ নাম৷ স্পর্শাতীত এই তালিকাৰ পৰা উল্লেখ কৰিব খুজিছোঁ মাত্র পাঁচখন কিতাপৰ নাম, বিতর্ক যাৰ ছাঁ ৷

দ্য ছ’ৰ’জ অৱ ইয়ং ৱার্থাৰ(The Sorows of Young Werther)

জ’হান ৱ’ল্ফগেং ভন গোথাৰ ১৭৭৪ চনত প্রকাশ হোৱা এই কিতাপখনৰ বিষয় প্রেম৷ ৱার্থা নামৰ এজন ডেকা আর্টিষ্টে এনে এজনী ছোৱালীৰ প্রেমত পৰে, যি তেওঁক এৰি অন্যৰ সৈতে বিয়াত বহে৷ প্রেয়সীক হেৰুৱাই ৱার্থা ইমান শোকবিহ্বল হৈ পৰে যে কেৱল আত্মহননেহে তেওঁক এই তীব্র যন্ত্রণাৰ পৰা মুক্তি দিব বুলি ঠিক কৰে আৰু তেওঁ এই পথেই লয়৷ ৱার্থাৰ কাহিনী পঢ়ুৱৈৰ মাজত ইমান জনপ্রিয় হৈ পৰিল যে বহুজন ব্যর্থ প্রেমিকে ৱার্থাৰ দৰে নীলা ফ্রক–কোট আৰু হালধীয়া বেইষ্ট কোট পিন্ধি আত্মহনন কৰিলে৷ হাৰাকিৰি কৰা বহুতো মৃতদেহৰ কোটৰ পকেটত পোৱা গ’ল ‘দ্য ছ’ৰ’জ অৱ ইয়ং ৱার্থা’ কিতাপখনৰ কপী৷ জ’হানৰ উত্তৰসুৰী লেখককো এই কিতাপখনে অসামান্যভাৱে প্রভাৱিত কৰে আৰু বহুকেইখন কিতাপ এই কিতাপৰ কাহিনীৰ আলমত ৰচিত হয়৷ কেৱল সেয়াই নহয়, ‘ৱার্থা’ৰ নামত এটা অপেৰা হ’ল৷ সৃষ্টি হ’ল এক পাৰফিউমৰো, নাম ৰখা হ’ল ‘ৱ’ দ্য ৱার্থা৷’(Eau de Werther)

 

দ্য ছাটানিক ভার্ছেছ
(The Satanic Verses)

‘দ্য ছাটানিক ভার্ছেছ’ৰ লেখক ছলমান ৰুশ্বদী৷ হজৰত মহম্মদৰ জীৱনৰ ওপৰত এই উপন্যাসখন লিখা হৈছে৷ লণ্ডনলৈ গৈ থকা এখন বিমানত হোৱা সন্ত্রাসবাদীৰ আক্রমণেৰে আৰম্ভ হৈছে ছাটানিক ভার্ছেছ৷ বিমানত আছিল দুজন ভাৰতীয় অভিনেতা, যি আক্রমণৰ সময়ত তললৈ পৰি যায়৷ এওঁলোকৰ এজনক দেৱতা আৰু আনজনক অসুৰ বুলি কৈ কিতাপখন লিখা হৈছে৷ য’ত মহম্মদক এজন বিক্রেতা বুলি কোৱা হৈছে, যি ধর্ম বিক্রী কৰে৷ কেৱল মহম্মদকে জগৰীয়া নকৰি এই কিতাপখনত মহম্মদৰ বাৰগৰাকী পত্নীক বেশ্যালয়ৰ পতিতা বুলি কোৱা হৈছে৷ ইছলামক ইতিকিং কৰাৰ ৰোষত কিতাপখনৰ কপীবোৰ জ্বলাই দিয়া হৈছিল আৰু ৰুশ্বদীৰ নামত ফতোৱা জাৰি কৰা হয়৷ কেৱল সেয়াই নহয়, কিতাপখন বিশ্বৰ বিভিন্ন ভাষালৈ অনূদিত হয় আৰু কেইবাজনো অনুবাদকক কিতাপখন অনুবাদ কৰাৰ বাবে হত্যা কৰা হয়৷ ৰুশ্বদী দেশান্তৰ হয় আৰু ব’ডীগার্ডেৰে আৱিষ্ট হৈ থাকিব লগা হয় ৷


দ্য কেট্চাৰ ইন দ্য ৰায়
(The Catcher in the Rye)

১৯৫১ চনত প্রকাশ হোৱা জে ডি চেলিংগাৰৰ বেষ্ট ছেলাৰ ‘দ্য কেট্চাৰ ইন দ্য ৰায়’ বিংশ শতিকাৰ ১০০খন প্রখ্যাত কিতাপৰ এখন আৰু আটাইতকৈ বিতর্কিত ১৩ নম্বৰখন উপন্যাস৷ এই উপন্যাসৰ প্র’টাগনিষ্ট হ’ল্ডেন কফিল্ড আছিল অস্থিৰ আৰু হতাশাগ্রস্ত যুৱচামৰ আদর্শ৷ কিতাপখনত উল্লিখিত ধর্মভ্রষ্ট আচৰণ, ঈশ্বৰৰ প্রতি অনীহা, মহিলা আৰু সংখ্যালঘুক কৰা মানহানি আৰু তৰল যৌনতা সম্পর্কীয় কথাবোৰ তুমুল চর্চালৈ আহিছিল আৰু এই কিতাপখনৰ সপক্ষে থিয় দিয়াৰ বাবে এজন শিক্ষকক চাকৰিৰ পৰা বর্খাস্ত কৰা হৈছিল৷ কিতাপখন পঢ়ি ইজনে সিজনক মাৰিবলৈ কুণ্ঠাবোধ নকৰা হত্যাকাৰীবোৰ কিতাপখন হাতত লৈ পুলিচৰ বাবে ৰৈ আছিল৷ ৰবার্ট বুলি এজন হত্যাকাৰীয়ে যেতিয়া অভিনেত্রী ৰেবেক্কা ছেফাৰক হত্যা কৰিছিল, তেওঁৰ হাতত এই কিতাপখনৰ কপী এটা পোৱা গৈছিল ৷


হেডাৰ হেজ টু মম্মিছ(Heather has two Mommies)

লেজলিয়া নিউমেনৰ ‘হেডাৰ হেজ টু মম্মিছ’ ১৯৯০ চনত প্রকাশিত এখন বিতর্কিত কিতাপ৷ আসুৰিক অভিধা দি কিতাপখনক গোটেই দেশৰে ল’ৰা–ছোৱালীবোৰৰ চকুৰ সন্মুখৰ পৰা আঁতৰোৱা হৈছিল৷ হেডাৰৰ সমলিংগৰ মাক–দেউতাকৰ কথা পঢ়ি ল’ৰা–ছোৱালীবোৰ গে হ’বলৈ উৎসাহিত হ’ব বুলি সিহঁতৰ অভিভাৱক আশংকিত হৈছিল আৰু লাইব্রেৰীবোৰ সন্তর্পণে চলাথ কৰাৰ উপৰি তেওঁলোকে পঢ়িবলৈ নিয়া কিতাপৰ কপীবোৰ ঘূৰাই দিবলৈ অস্বীকাৰ কৰিছিল৷ লন মেবনে এই কিতাপখন ব্যৱহাৰ কৰি এটি গেবিৰোধী অভিযান কৰিছিল৷ এজন পেষ্টাৰে দুখন চহৰ ধ্বংসপ্রাপ্ত হোৱাৰ মূল কাৰণ এই কিতাপখনেই বুলি দাবী কৰিছিল৷ নিউয়র্কৰ বিদ্যালয়ৰ এজন কুলাধিপতিক কিতাপখনৰ সপক্ষে থিয় দিয়াৰ বাবে চাকৰিৰ পৰা বর্খাস্ত কৰা হৈছিল৷
কিন্তু ১৯৯০ চনত প্রকাশিত এই কিতাপখন পুনৰ ২০১৫ চনত প্রকাশ হৈছিল৷ পঢ়ুৱৈয়ে একে আগ্রহেৰে কিতাপখন আঁকোৱালি লৈছিল আৰু এইখন পঢ়ুৱৈৰ মাজত পুনৰ এখন জনপ্রিয় কিতাপ হৈ পৰিছিল ৷


ললিতা Lolita)

ৰাছিয়ান–আমেৰিকান সাহিত্যিক ভ্লাডিমিৰ নব’ক’ভৰ ‘ললিতা’ এখন মনোবৈজ্ঞানিক উপন্যাস, য’ত এজন মধ্য বয়সীয়া প্রফেছৰৰ এগৰাকী ১২ বছৰীয়া কিশোৰীৰ প্রতি থকা অসুস্থ বাসনাক উপন্যাস ৰূপ দিয়া হৈছে৷ প্রফেছৰে এই কিশোৰটিৰ নাম দিছিল ললিতা৷ তাই আছিল তেওঁৰ তোলনীয়া জী৷ ছোৱালীজনীক তেওঁ যৌন উৎপীড়ন চলাইছিল৷ এই কিতাপখনক চাইক’লজিকেল মাষ্টাৰপিচ আখ্যা দিয়া হৈছে আৰু ইয়াৰ আধাৰত চিনেমা নির্মাণ কৰা হৈছে৷ কিতাপখন প্রথমে ইংৰাজীত লিখা হৈছিল আৰু নব’ক’ভে নিজে ইয়াক ৰাছিয়ান ভাষালৈ অনুবাদ কৰিছিল ৷

Comments (0)
Add Comment