- যোগেশ কলিতা
বিস্ময়কৰ বহু ঠাইৰে পৰিপূর্ণ ভাৰতবর্ষ৷ অতি মনোমোহা পৰিৱেশ, নান্দনিক দৃশ্যৰে ভৰপূৰ ঠাইত ঘূৰি ফুৰাৰ মজাই সুকীয়া৷ কিন্তু ভাৰতত তেনে এখন অদ্ভুত ঠাই আছে, যি ঠাই মাথোঁ ভয়, শংকা তথা অদ্ভুত কাণ্ড–কাৰখানাৰ বাবে বিখ্যাত৷ সন্ধিয়া নমাৰ লগে লগেএই ঠাইখনত কোনো লোকৰ প্রৱেশ নিষিদ্ধ৷ সেয়ে ইয়াক ভাৰতৰ অতি ভয়ার্ত ঠাই আখ্যা দিয়া হৈছে৷ সেই ঠাই টুকুৰা হৈছে ভানগড় কিলা বা দুর্গ ৷
আনুমানিক ১৬ শতিকামানত মান সিংহই প্রথমে তেওঁৰ ভাতৃ মাধো সিংহৰ বাবে ৰাজস্থানৰ আলৱাৰ জিলাত এই দুর্গটো নির্মাণ কৰিছিল৷ পিছত এই দুর্গটোৰ নাম ভান সিং কৰা হয়, কিয়নো এই ভান সিং মাধো সিংহৰ পিতৃ আছিল৷ মন কৰিবলগীয়া যে এই দুর্গটোৰ কাষতে প্রায় ২০০ ঘৰ পৰিয়ালৰ ২,৩০০জন লোকে বাস কৰে৷ কিয়নো এই দুর্গৰ সকলো দিশ সংৰক্ষিত অৱস্থাত আছে৷ নির্মাণৰ সময়ত ভানগড়ৰ জনসংখ্যা ১০,০০০ আছিল৷ আলৱাৰ জিলাৰ সুন্দৰ দুর্গৰ ভিতৰত ভানগড় অন্যতম আৰু ইয়াক সুন্দৰকৈ সজাই তোলা হৈছে ৷
প্রাকৃতিক পৰিৱেশৰ মনোমোহা পৰিৱেশত অৱস্থিত এই দুর্গত শিল্পকলাৰ অতি সুনিপুণ প্রয়োগ দেখা পোৱা যায়৷ এই দুর্গৰ ভিতৰত ভগৱান শিৱ, হনুমান আদি হিন্দু ধর্মাৱলম্বী দেৱ–দেৱীৰ মূর্তি বিদ্যমান৷ পাঁচখন দুৱাৰৰ লগতে এখন মূল দ্বাৰো এই দুর্গত আছে৷ শিলেৰে নির্মিত এই দুর্গটো বর্তমানেও সুন্দৰ ৰূপত আছে৷ কিন্তু ভাৰত চৰকাৰৰ দ্বাৰা চোৱা–চিতা কৰা দুর্গটোত সূর্য অস্ত যোৱাৰ পিছত মানুহৰ প্রৱেশ নিষিদ্ধ কৰি দিয়া হয় ৷
ঐতিহাসিক দৃষ্টিকোণেৰে চালে দেখা যায় যে এই দুর্গটো আমেৰৰ মহাৰাজা ভগৱন্ত দাসে নির্মাণ কৰোৱাৰ তথ্য পোৱা যায় যদিও সম্পূর্ণ হোৱা নাছিল৷ তেওঁৰ তিনি পুত্র চুজান, ছত্র আৰু তেজ সিং৷ মাধো সিংহৰ মৃত্যুৰ পিছত ইয়াৰ দায়িত্ব ছত্র সিংহৰ হাতলৈ আহে আৰু এই ছত্র সিংহৰে পুত্র অজব সিংহ৷ অজব সিংহই ভানগড়ক নির্মাণ নকৰি ওচৰত অজবগড় নির্মাণ কৰি তাতেই থাকে৷ তেওঁৰ দুই পুত্র কাবিল আৰু যশোৱন্ত তাতেই ৰৈ গ’ল৷ পিছত তেওঁৰ তৃতীয় পুত্র হৰি সিংহ ভানগড়ৰ শাসনকর্তা হয়৷ হৰি সিংহৰ দুই পুত্র আছিল মোগল বাদশ্বাহ ঔৰংগজেবৰ সমকালীন৷ যাৰ বাবে তেওঁলোকে ইছলাম ধর্ম গ্রহণ কৰে৷ নাম সলনি কৰি দুয়ো মহম্মদ কুলীজ আৰু মহম্মদ দহলীজ হৈ পৰে আৰু ঔৰংগজেবে দুয়োকে এই দুর্গৰ দায়িত্ব দিয়ে ৷
কালক্রমত ভানগড় এটা সময়ত হৈ পৰে জনশূন্য, নির্জন৷ যাৰ বাবে ইয়াক ভাৰতৰ ভূত বসবাসৰ অন্যতম স্থলী বুলি জনা যায়৷ বিশ্বাস–বিশ্বাসৰ আধাৰত উটি–ভাহি আজিও এই ভানগড় হৈ আছে ভূতৰ ৰাজধানীসদৃশ৷ এই ঠাই নির্জন তথা ভূতৰ বাসস্থলী হৈ পৰাৰো কেইবাটাও প্রবাদ পোৱা যায়৷ প্রথম প্রবাদ অনুসৰি যিখিনি ঠাইত ভানগড় দুর্গ নির্মাণ কৰোৱা হৈছিল, সেই ঠাইখিনি যোগীপুৰুষ বালুনাথৰ তপস্যাৰ থলী আছিল৷ লক্ষণীয়ভাৱে মুনিয়ে মহাৰাজক তাত গড় নির্মাণৰ বাবে অনুমতি দিছিল মাত্র এটা চর্তত৷ চর্ত মতে গড় নির্মাণৰ ফলত তাৰ ছাঁ মুনিৰ তপস্যাথলীত পৰিব নোৱাৰিব৷ কিন্তু মহাৰাজে তাক আওকাণ কৰি গড়টো নির্মাণ কৰাত মুনিয়ে গড়ৰ এই অঞ্চলটো জনশূন্য হ’ব বুলি অভিশাপ দিয়ে৷ সেই অনুসৰি অঞ্চলটো হৈ পৰে জনপ্রাণীহীন৷ আনহাতে দ্বিতীয় কাহিনী অনুসৰি এই ভানগড়ৰ ৰাণী ৰত্নাৱতী ৰূপে–গুণে সৌন্দর্যশীলা আছিল৷ তেওঁৰ ৰূপত মুগ্ধ হৈ ৰাজকুমাৰে তেওঁক বিয়া কৰোৱাৰ বাবে আগ্রহান্বিত হয়৷ কিন্তু সেই সময়ত আৱির্ভাৱ হয় এজন মুনিৰ যি আছিল তান্ত্রিক, তেওঁ যাদুবিদ্যাত পার্গত আছিল৷ তেওঁ ৰাজকুমাৰীক দেখি ৰূপত মুগ্ধ হৈ বিয়া কৰোৱাৰ বাবে আগ্রহ প্রকাশ কৰে৷ কিন্তু ৰত্নাৱতীয়ে সহজতে প্রস্তাৱ মানি নোলোৱাত তান্ত্রিকে তেওঁৰ বশীকৰণ যাদুৰ সহায়ত আঁজুৰি অনাৰ প্রয়াস কৰে য’ত তেওঁ এক বিশেষ তেলৰ সহায় লয়৷ কিন্তু ৰাজকুমাৰীয়ে সেই তেলৰ মাজত ৰহস্যৰ গোন্ধ পাই ওভতাই দিয়ে৷ ইফালে, ৰাজকুমাৰীয়ে তান্ত্রিকক আক্রমণ কৰাৰ উদ্দেশ্যে সৈন্য–সামন্ত পঠিওৱাত তান্ত্রিকে গম পাই ভানগড়ক উদ্দেশ্যি শাপ দিয়ে যে গড়টো যাতে ধ্বংস হৈ যায় আৰু তাত থকা সকলো মানুহৰ মৃত্যু হয় আৰু আত্মাবোৰে তাতে পিতপিতাই ফুৰে৷ অভিশাপ দিয়াৰ পিছত তান্ত্রিকৰ মৃত্যু হয়৷ ইয়াৰ পিছত ভানগড় আৰু অজবগড়ৰ যুদ্ধত ভানগড়ৰ পৰাজয় আৰু ৰাজকুমাৰীৰ মৃত্যু হয়৷ এনে প্রবাদৰ ওপৰত ভিত্তি কৰি ভানগড় দুর্গৰ অৱস্থিতি বিদ্যমান৷
বর্তমান সময়তো ভানগড়ৰ এই ৰহস্য উদ্ঘাটন হোৱা নাই যদিও ভূতৰ প্রতি থকা সন্দেহে আজিও মানুহক সূর্যাস্তৰ পিছত তাত থকাৰ অনুমতি দিয়া হোৱা নাই৷ ঋষি–মুনিৰ অভিশাপগ্রস্ত এই ঠাই টুকুৰাৰ পৰা ৰাতি হ’লেই অজস্র ভয়ংকৰ শব্দ ভাহি আহে বুলি প্রত্যক্ষদর্শীয়ে জানিবলৈ দিয়ে৷ তেওঁলোকে বিশ্বাস কৰে যে অভিশাপগ্রস্ত হৈ মৃত্যুবৰণ কৰা লোকৰ আত্মাই এতিয়াও তাত বাস কৰে আৰু আত্মাবোৰে মুক্তি বিচাৰি হাহাকাৰ কৰে৷ ভিতৰত সোমালে কোনো মানুহ উভতি অহাৰ নজিৰ নাই বাবে তাত প্রৱেশৰ অনুমতি বিচৰা লোকলৈ সতর্কবাণী জাৰি কৰা হ’ল যে যিকোনো ক্ষেত্রতে ঘটিব পাৰে ভয়ংকৰ ঘটনা৷ আত্মাৰ কিৰীলি, কোলাহলপূর্ণ শব্দই ত্রাসিত কৰিব পাৰে যিকোনো মুহূর্ততে৷ কিন্তু ধর্মীয় দৃষ্টিৰে চালে দেখা যায় তাত যিখিনি মন্দিৰ আছে, তাৰ কোনো ক্ষতি হোৱা বর্তমানলৈ দেখা পোৱা নাই৷
প্রায় ৫০০ বছৰ আগৰ সেই অদ্ভুত বিশ্বাস আজিৰ কৃত্রিম তথা পৰিৱর্তনশীল সমাজ ব্যৱস্থাত কোনেও মানি ল’ব নোখোজে যদিও প্রশাসনিক কিছু বাধ্যবাধকতাৰ বাবে তাত সোমাব নোৱাৰে৷ কিন্তু চাৰিওফালে মানুহেৰে আবৃত ঠাইখনলৈ মনোৰম সৌন্দর্য উপভোগ কৰিবলৈ আজিও তাত বহু লোকৰ সমাগম হয়৷ সেই পর্যটনকাৰীসকলে জনোৱা মতে ভূতৰ অবাস্তৱিক স্থিতিক মানি থাকিলে আমাৰ মাজত থকা এই সুনিপুণ ভাস্কর্য শিল্পক চিনিব কেনেকৈ? গতিকে ইয়াক ভালকৈ চোৱা, তাৰ বিষয়ে জনাৰ সুন্দৰ সুবিধা কৰাটো অত্যন্ত প্রয়োজনীয়৷
শৈল–ভাস্কর্যৰ অনুপম সৃষ্টি ভানগড়ৰ স্থাপত্য কলাক গৱেষণাৰ দৰে কার্যত ব্যৱহাৰ কৰাৰো যথেষ্ট সমল আছে৷ সেয়া সম্ভৱ হৈ উঠিব তাত থকা বাধ্যবাধকতা শিথিল কৰাৰ পিছত৷ যদিও বর্তমান দর্শন কৰা লোকে ইয়াত ভূতৰ স্থিতি অগ্রাহ্য কৰি আহিছে কিন্তু ইয়াৰ পার্শ্বৱর্তী লোকে ইয়াক কেতিয়াও নুই কৰিব নোখোজে৷ যুগ যুগান্তৰৰ পৰা বাস কৰা ইয়াৰ পার্শ্বৱর্তী লোকে তাত কোনোদিনে প্রৱেশ নকৰে৷ কিয়নো ভূতৰ অধিক উপস্থিতি অনুভৱ তথা বিশ্বাস কৰে তেওঁলোকে৷ আত্মা অবিনশ্বৰ– এই কথা বৈদিক যুগৰ পৰাই আমাৰ মাজত প্রচলিত হৈ আছে৷ কায়িক ৰূপটো যদিও আমাৰ মাজত নাথাকে, কিন্তু আত্মা হেনো মৰাৰ পিছতো সকলোৰে মাজত বিৰাজমান৷ যদি এই সত্যক আমি মানি লৈ চলিব পাৰোঁ, তেন্তে ভানগড়ৰ এই বিশ্বাসক মানিবলৈ আমি বাধ্য৷ কিয়নো ভাৰতৰ অতি অন্যতম ভয়ার্ত ঠাই বুলি ক’লে প্রথমতে নাম আহে ভানগড়ৰ৷ গতিকে ভূতৰ ৰাজধানীসদৃশ ভানগড়ৰ এই অবিশ্বসনীয় সত্যই এতিয়াও সকলোকে ৰহস্যাবৃত কৰি ৰাখিছে ৷
মন কৰিবলগীয়া যে ভাৰতৰ ভয়ার্ত ঠাইৰ ভিতৰত অকল ভানগড়েই নহয়, এই তালিকাত আৰু বহু ঠাইৰ নাম আছে৷ সেইসমূহ হ’ল– ৰাজস্থানৰ কুলধাৰা গাঁও, দিল্লীৰ জামলি কামলি মছজিদ, মুম্বাইৰ মুকেশ মিল, পুনেৰ দ্য ছনিৱাৰৱাড়া, মিৰাটৰ পি পি ব্লক, গুজৰাটৰ ডামাচ বীচ্চ, মাহিমৰ ডিছুজা চাৱল অন্যতম ৷ দেখা যায় অতীত বিশ্বাসক আলম হিচাপে লৈ ভানগড়ৰ ভূতৰ যি কাহিনী দেখা যায়, সেয়া ৰহস্যাবৃত৷ কিন্তু বৈজ্ঞানিক দৃষ্টিভংগীৰে খোজ থোৱা আজিৰ প্রজন্মক এই ৰহস্যৰ বাট মোকলোৱাৰ সময় সমাগত ৷