সামাজিক মাধ্যমৰ বিষয়ে জানো আহক

প্রদীপ গগৈ

সম্প্রতি সামাজিক মাধ্যমে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে৷ জনমত প্রকাশৰ বাবে সামাজিক মাধ্যমে এক নতুন পথ সৃষ্টি কৰিছে৷ প্রযুক্তিবিদ্যাৰ আৱিষ্কাৰৰ ফলত ইণ্টাৰনেটৰ জৰিয়তে ভিন্নজনে ভিন্ন মাধ্যমেৰে ভিন্ন তথ্য লাভ কৰাৰ উপৰি পৃথিৱীৰ ভিন্ন ঠাইৰ ভিন্ন ব্যক্তিৰ সৈতে সংযোগ স্থাপন কৰিব পৰা হৈছে৷ নিজৰ বাবে এখন মঞ্চও তৈয়াৰ কৰিবলৈ সক্ষম হৈছে৷ নিজৰ সুপ্ত প্রতিভাসমূহ প্রকাশ কৰাৰ বাবে সহজ হৈ পৰিছে৷ দেশৰ প্রায় অধিকাংশ লোকে সামাজিক মাধ্যম ব্যৱহাৰ কৰে৷ যেনে– ফেচবুক, ইনষ্টাগ্রাম, টুইটাৰ, স্নেপচাট, হোৱাট্ছএপ, ইউ টিউব আদি৷ ইয়াৰ উপৰি বিভিন্ন ৱেবছাইটৰ জৰিয়তে তথ্য, গীত, ভিডি’ আদি সংগ্রহ কৰে৷ ছ’চিয়েল ছামোচাৰ তথ্য অনুসৰি, ভাৰতবর্ষৰ সকলোতকৈ জনপ্রিয় সামাজিক মাধ্যম হৈছে ফেচবুক৷ ফেচবুকৰ পিছতেই আছে ইনষ্টাগ্রাম, টুইটাৰ, হোৱাট্ছএপ, স্নেপচাট, ইউ টিউব আদি৷

ফেচবুক

বিশ্বত ফেচবুক ব্যৱহাৰকাৰীৰ সংখ্যা প্রায় ২.৪৫ বিলিয়ন৷ ইয়াৰ সংখ্যা প্রতিবছৰে ৮ শতাংশকৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ ভাৰতবর্ষতো প্রায় ২৪১ মিলিয়ন লোকে ফেচবুকৰ সৈতে জড়িত হৈ আছে৷ ইয়াৰে ৯৭.২ মিলিয়ন ব্যৱহাৰকাৰীৰ বয়স ১৮ বছৰৰ পৰা ২৪ বছৰ ৷ এই ব্যৱহাৰকাৰীসকলৰ্ ভিতৰত ৭৭.৮ শতাংশ পুৰুষ হোৱাৰ বিপৰীতে ২২.২ শতাংশ মহিলা৷ জানিব পৰা মতে ভাৰতবর্ষৰ মুম্বাই চহৰত ফেচবুকৰ সর্বাধিক ব্যৱহাৰকাৰী আছে৷ মুম্বাইৰ পিছতেই ৰাজধানী চহৰ দিল্লী আৰু বাংগালুৰু৷ ভাৰতবর্ষত সর্বাধিক জনপ্রিয় ফেচবুক পেজ হৈছে দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷ দেশৰ প্রায় ৫২ শতাংশ লোকে বাতৰিৰ তথ্যসমূহ লাভ কৰাৰ বাবেই ফেচবুক ব্যৱহাৰ কৰে৷ ভাৰতবর্ষত ফেচবুকত সর্বাধিক প্রভাৱ থকা ব্যক্তিসকলৰ নাম তলত উল্লেখ কৰা হ’ল– নৰেন্দ্র মোদী, প্রিয়ংকা চোপ্রা, বিৰাট কোহলি, ছলমান খান, দীপিকা পাডুকন, অমিতাভ বচ্চন, হানী সিং, শ্বাহৰুখ খান, শচীন তেণ্ডুলকাৰ, শ্রেয়া ঘোষাল৷ এইসকল ব্যক্তি ফেচবুকত অধিক জনপ্রিয়৷ তেওঁলোকৰ ফলোৱাৰৰ সংখ্যা অধিক৷

ইনষ্টাগ্রাম

২০১৮ চনৰ নৱেম্বৰ মাহলৈকে ভাৰতবর্ষত প্রায় ৬৯ মিলিয়ন লোকে ইনষ্টাগ্রাম ব্যৱহাৰ কৰিছিল৷ ১৮ৰ পৰা ২৪ বছৰ বয়সৰ ভিতৰৰ লোকে ইনষ্টাগ্রাম অধিক ব্যৱহাৰ কৰে৷Hootsuite’sৰ বছৰেকীয়া প্রতিবেদন মতে, ভাৰতবর্ষত ব্যৱহূত ম’বাইল এপৰ ভিতৰত ইনষ্টাগ্রাম আছে ৮ নম্বৰত৷ ইনষ্টাগ্রামত প্রভাৱ থকা ভাৰতীয়সকল ক্রমে প্রিয়ংকা চোপ্রা, বিৰাট কোহলি, নৰেন্দ্র মোদী, দীপিকা পাডুকন, আলিয়া ভাট, শ্রদ্ধা কাপুৰ, কেটৰিনা কাঈফ, অক্ষয় কুমাৰ, জেকুইলিন ফার্নাণ্ডেজ, অনুষ্কা শর্মা৷

টুইটাৰ

ভাৰতবর্ষত প্রায় ৭.৯৫ মিলিয়ন লোকে টুইটাৰ ব্যৱহাৰ কৰে৷ সামাজিক মাধ্যম ব্যৱহাৰ কৰা ১৮ শতাংশ ভাৰতীয়ই বাতৰিৰ তথ্যৰ বাবেই টুইটাৰ ব্যৱহাৰ কৰে বুলি জানিব পৰা গৈছে৷ টুইটাৰত দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ প্রায় ৫০.২ মিলিয়নতকৈ অধিক ফলোৱাৰ আছে৷ টুইটাৰ ব্যৱহাৰ কৰা অধিকাংশ লোকেই পুৰুষ বুলি জানিব পৰা গৈছে৷ ইয়াৰ ৮৪ শতাংশ পুৰুষৰ বিপৰীতে ১৬ শতাংশ মহিলাই টুইটাৰ ব্যৱহাৰ কৰে৷ টুইটাৰত অধিক প্রভাৱ আছে নৰেন্দ্র মোদী, বিজেপি, এএনআই, তাজিন্দৰ পাল সিং বাগ্গা, বিৰাট কোহলি, ৰাহুল গান্ধী, কপিল মিশ্র, শচীন তেণ্ডুলকাৰ, বিচিচিআই, অমিত শ্বাহ আদিৰ৷

হোৱাট্ছএপ

জনপ্রিয় মেছেজিং এপ হোৱাট্ছএপ বিশ্বৰ ১৮০খন দেশৰ প্রায় ১.৫ বিলিয়ন লোকে ব্যৱহাৰ কৰে৷ ১ বিলিয়ন লোকে দৈনিক হোৱাট্ছএপত সক্রিয় হৈ থাকে৷ বিশ্বৰ ভিতৰত ভাৰতবর্ষত সকলোতকৈ বেছি হোৱাট্ছএপ ব্যৱহাৰ কৰা হয়৷ প্রায় ৪০০ মিলিয়ন লোক হোৱাট্ছএপত সক্রিয় হৈ আছে৷ ব্রাজিলত হোৱাট্ছএপ ব্যৱহাৰকাৰীৰ সংখ্যা মাত্র ১২০ মিলিয়ন৷ ৬৫ বিলিয়ন লোকে হোৱাট্ছএপত প্রতিদিনে মেছেজ প্রেৰণ কৰে৷ ২৯ মিলিয়নে প্রতি মিনিটত মেছেজ প্রেৰণ কৰে৷ ২ মিলিয়ন মিনিট সময়ত প্রতিদিনে কথা পাতি আৰু ভিডি’ কল কৰি সময় অতিবাহিত কৰে হোৱাট্ছএপৰ জৰিয়তে৷ ৫৫ মিলিয়ন লোকে প্রতিদিনে হোৱাট্ছএপত ভিডি’ কৰে৷ এই ভিডি’সমূহৰ মিনিটৰ সংখ্যা হৈছে ৩৪০ মিলিয়ন মিনিট৷

স্নেপচাট

স্নেপচাট ভাৰতবর্ষত প্রায় ১৫.১ মিলিয়ন লোকে ব্যৱহাৰ কৰে৷ স্নেপচাটত হিন্দী, মাৰাঠী, পাঞ্জাবী আৰু গুজৰাটী ভাষা উপলব্ধ৷ স্নেপচাট ব্যৱহাৰকাৰীৰ সংখ্যা ভাৰতবর্ষত ক্রমাৎ বৃদ্ধি পাবলৈ ধৰিছে৷ ২০১৮ৰ পৰা ২০১৯ লৈকে দৈনিক প্রায় ৪০ শতাংশ লোকে স্নেপচাট ব্যৱহাৰ কৰিবলৈ ধৰিছে৷

ইউ টিউব

ইউ টিউবৰ কথা নুশুনা মানুহ হয়তো খুব কমেই আছে৷ আজি বহুসংখ্যক লোকে ভিডি’, চিনেমা বা অন্য ভিডি’ চোৱাৰ বাবে ইউ টিউব ব্যৱহাৰ কৰে৷ বিশ্বৰ প্রায় ২ বিলিয়ন লোকে মাহে ইউ টিউব ব্যৱহাৰ কৰে৷ মার্কিন যুক্তৰাষ্ট্রৰ প্রায় ৭৩ শতাংশ প্রাপ্তবয়স্ক লোকে ইউ টিউব ব্যৱহাৰ কৰে৷ ভাৰতবর্ষত প্রায় ২৪৫ মিলিয়ন লোক ইউ টিউবৰ সৈতে জড়িত হৈ আছে৷ ২০১৮ চনৰ এক সমীক্ষা মতে ইউ টিউবে হৈছে সর্বাধিক ডাউনলোড কৰা এপ৷ ২০১৮ চনৰ ডিচেম্বৰ মাহৰ ভিতৰত প্রায় ৫ বিলিয়ন লোকে এণ্ড্রইড ডিভাইচত ইউ টিউব ইনষ্টল কৰিছে৷ প্রতি মিনিটত ইউ টিউবত প্রায় ৫০০ ঘণ্টা কনটেণ্ট আপলোড কৰে৷ প্রতিদিনে ২৫০ ঘণ্টা টিভি স্ক্রীনত ইউ টিউব চায়৷ ইউ টিউবত ৯১খন দেশৰ ৮০টা ভাষা অন্তর্ভুক্ত হৈ আছে৷ টি ছিৰিজ হৈছে অধিক ছাছক্রাইব কৰা ইউ টিউব চেনেল৷ ২০১৯ চনৰ জুলাই মাহৰ ভিতৰত টি ছিৰিজৰ ছাছক্রাইবাৰ আছিল ১০৫ মিলিয়ন৷ টি ছিৰিজৰ এই চেনেলটো প্রায় ৭০ বিলিয়ন লোকে প্রত্যক্ষ কৰে৷ ইউ টিউব ব্যৱহাৰকাৰীৰ ৮ মিলিয়ন হৈছে শিশু আৰু ৩০ বিলিয়ন হৈছে পঞ্জীয়নভুক্ত দর্শক৷ টি ছিৰিজৰ পিছতেই সর্বাধিক ছাছক্রাইব আৰু ভিউয়ার্ছ থকা চেনেলসমূহ হৈছে ছ’নী এণ্টাৰটেইনমেণ্ট টেলিভিছন ইণ্ডিয়া, জী টিভি, সব টিভি, জী মিউজিক কোম্পানী আদি ৷
ভাৰতবর্ষত সর্বাধিক ক্লিক কৰা ৱেবছাইটসমূহৰ বিষয়ে তলত উল্লেখ কৰিব বিচাৰিছোঁ–
১৷ গুগল
২৷ ফেচবুক
৩৷ ইউ টিউব
৪৷ এক্স ভিডি’২.কম
৫৷ আমাজন.ইন
২০১৮ চনৰ এটা সমীক্ষা অনুযায়ী ইণ্টাৰনেটত সর্বাধিক অনুসন্ধান কৰা বস্তুসমূহ হৈছে– (১) ভিডি’, ডাউনলোড, গান, ইণ্ডিয়া, ইউ টিউব, এছপাৰ ইউ টিউব, চিনেমা আদি ৷