ৰাটোডেৰোঃ এইচ আই ভিৰ অভিকেন্দ্র

  • অজিত চহৰীয়া

পাকিস্তানৰ এখন সৰু চহৰ৷ নাম ৰাটোডেৰো৷ দেশখনৰ সিন্ধ প্রদেশৰ লাৰকানা মহকুমাৰ সদৰ চহৰ ৰাটোডেৰো৷ মিঠাইৰ কাৰণে বিখ্যাত সৰু চহৰখন৷ কিন্তু চলিত মাহৰ মাজভাগত সংবাদ শিৰোনামলৈ আহে সৰু চহৰখন৷ ৰাটোডেৰোৰ ৯০০ শিশুএইচ আই ভিত আক্রান্ত বুলি নিশ্চিত হোৱাৰ পিছতে দেশখনত জোকাৰণিৰ সৃষ্টি হয়৷ নিশাটোৰ ভিতৰতে দেশৰ লগতে বিদেশৰ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰে ৰাটোডেৰোৱে৷ লক্ষণীয় যে বছৰটোৰ আৰম্ভণিতে জ্বৰত আক্রান্ত বহু লোকৰ ক্ষেত্রত চিকিৎসাই কোনো কাম কৰা নাছিল৷ ২০০ পৰিয়ালৰ এজনৰ ক্ষেত্রত হ’লেও এনে হৈছিল৷ এনে কঁপি কঁপি উঠা জ্বৰত আক্রান্তসকলৰ ভিতৰত প্রায় ৯০০ শিশুৱেই হ’ল ১২ বছৰৰ অনূর্ধ্ব৷ এপ্রিলত একে লক্ষণযুক্ত জ্বৰে একপ্রকাৰ মহামাৰীৰ ৰূপ লয়৷ এপ্রিলৰ শেষৰ ফালে আক্রান্তসকলৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত ওলাই পৰে ভয়ংকৰ তথ্য৷ একে লক্ষণযুক্ত জ্বৰত আক্রান্ত সকলো এইচ আই ভিত আক্রান্ত ৷

এই ভয়ংকৰ তথ্য ওলাই পৰাৰ পিছতে দেশখনৰ স্বাস্থ্যখণ্ডত জোকাৰণিৰ সৃষ্টি হয়৷ অনুসন্ধান আৰম্ভ কৰে দেশখনৰ স্বাস্থ্য বিভাগে৷ দেশখনৰ স্বাস্থ্য বিভাগৰ কর্মকর্তাসকলে চহৰখনত এইচ আই ভিত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা ব্যক্ত কৰিছে৷ তেওঁলোকৰ মতে এই পর্যন্ত কমসংখ্যক লোকৰ ক্ষেত্রত এইচ আই ভিত আক্রান্ত হয় নে নহয়, সেয়া পৰীক্ষা কৰা হৈছে ৷

ইফালে এই ভয়ংকৰ কাণ্ডৰ কাৰণে স্বাস্থ্য বিভাগৰ তদন্তকাৰী দলে এজন চিকিৎসকক জগৰীয়া কৰিব বিচাৰিছে৷ তেওঁলোকৰ মতে এইচ আই ভিত আক্রান্ত অধিকাংশ শিশুৱে পূর্বে সেই নির্দিষ্ট চিকিৎসকজনৰ ওচৰত চিকিৎসা গ্রহণ কৰিছিল৷ ডাঃ ডেথ ৰূপী সেই চিকিৎসকজন হ’ল মুজাফফৰ ঘাংৰো৷ সৰু চহৰখনৰ দুখীয়া পৰিয়ালবোৰে এই চিকিৎসকজনৰ ওচৰত চিকিৎসা গ্রহণ কৰিছিল৷ ডাঃ ডেথ ৰূপী ঘাংৰোৱে চিকিৎসা কৰা অধিকাংশ শিশু এইচ আই ভিত আক্রান্ত হোৱাৰ তথ্য পোহৰলৈ অহাত ইতিপূর্বে তেওঁৰ চিকিৎসা গ্রহণ কৰা শিশুসকলৰ অভিভাৱকৰ মাজত আতংকৰ সৃষ্টি হয়৷ তেনে আতংকিত এজনৰ পিতৃ হ’ল মিষ্টাৰ শ্বেখ৷ পেছাত সাংবাদিক শ্বেখৰ সন্তানক চিকিৎসা কৰিছিল মুজাফফৰ ঘাংৰোৱে৷ শ্বেখে ততাতৈয়াকৈ পৰিয়ালৰ সদস্যসকলৰ এইচ আই ভি পৰীক্ষাৰ ব্যৱস্থা কৰে৷ পৰীক্ষাত ওলাই পৰে ভয়ংকৰ তথ্য৷ শ্বেখৰ দুবছৰীয়া কন্যা আক্রান্ত মাৰাত্মক এইচ আই ভিত৷ স্বাভাৱিকতে মানসিকভাৱে ভাগি পৰে সাংবাদিক শ্বেখ৷ শ্বেখৰ দৰে এইচ আই ভিত আক্রান্ত শিশুৰ আৰু বহু পিতৃ এতিয়া মানসিকভাৱে ভাগি পৰিছে ৷

উল্লেখ্য যে ডাঃ ডেথ ৰূপী মুজাফফৰ ঘাংৰোৱে চিকিৎসাৰ ক্ষেত্রত নূ্যনতম মাচুল গ্রহণ কৰিছিল৷ যাৰ বাবে কম আয় কৰা পৰিয়ালৰ চিকিৎসাৰ ক্ষেত্রত প্রথম পছন্দ আছিল ডাঃ ঘাংৰো ৷
তেনে এজন কম আয়ৰ লোক হ’ল ইমতিয়াজ জলবানি৷ ইমতিয়াজৰ ছয় সন্তান অসুস্থ হওঁতে চিকিৎসা কৰিছিল ডাঃ ঘাংৰোৱে৷ এইচ আই ভি পৰীক্ষাত ধৰা পৰে যে ইমতিয়াজৰ চাৰি সন্তান এই মাৰাত্মক ব্যাধিত আক্রান্ত৷ ইতিমধ্যে দুর্ভগীয়া পিতৃ ইমতিয়াজে হেৰুৱাইছে এইচ আই ভিত আক্রান্ত ১৪ মহীয়া সন্তান ৰীডা আৰু তিনি বছৰীয়া ছামিনাক৷ পৰৱর্তী সময়ত ইমতিয়াজে সদৰী কৰা মতে, তেওঁৰ সন্তানক চিকিৎসা কৰাৰ সময়ত একেটা চিৰিঞ্জকে ব্যৱহাৰ কৰিছিল ডাঃ ঘাংৰোৱে৷ এইক্ষেত্রত প্রতিবাদ কৰাত ডাঃ ঘাংৰোৱে কৈছিল যে তেওঁ একেটা চিৰিঞ্জকে ব্যৱহাৰ কৰিব, কাৰণ নতুন এটা চিৰিঞ্জৰ বাবে ধন ব্যয় কৰিবলৈ ইমতিয়াজ সক্ষম নহয়৷ তেওঁৰ চিকিৎসা গ্রহণ নকৰিলে আন চিকিৎসকৰ ওচৰলৈ যোৱা বুলি ইমতিয়াজক কৈছিল ডাঃ ঘাংৰোৱে ৷
এই ভয়ংকৰ কাণ্ডৰ খলনায়কত পৰিণত ডাঃ ঘাংৰোক দেশখনৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ অৱশ্যে এইপর্যন্ত তেওঁ শাস্তি পোৱা নাই৷ সংবাদ মাধ্যমৰ আগত ডাঃ ঘাংৰোৱে নিজকে নির্দোষী বুলি দাবী কৰাৰ লগতে কেতিয়াও একেটা চিৰিঞ্জকে দুবাৰ ব্যৱহাৰ কৰা নাই বুলি প্রকাশ কৰিছে৷ সম্প্রতি ডাঃ ডেথ ৰূপী মুজাফফৰ ঘাংৰোৱে তেওঁৰ অনুজ্ঞা–পত্র নবীকৰণ কৰিছে আৰু ৰাটোডেৰোৰ উপকণ্ঠত এখন চৰকাৰী হাস্পতালত চিকিৎসা সেৱা আগবঢ়াই আছে ৷
শেহতীয়াভাৱে দেশখনৰ স্বাস্থ্য বিভাগৰ বিষয়াসকলে ৰাটোডেৰো এইচ আই ভিৰ অভিকেন্দ্রত পৰিণত হোৱাৰ একমাত্র কাৰণ ডাঃ ঘাংৰোৱেই নহয় বুলি প্রকাশ কৰিছে৷ তেওঁলোকৰ মতে আন বিভিন্ন কাৰণত এইচ আই ভি বীজাণু বিয়পে৷ একে ৰেজৰেৰে বহু লোকৰ দাড়ি কটা, বীজাণুযুক্ত সঁজুলিৰে পথত দাঁতৰ চিকিৎসা কৰোঁতেও বিয়পিব পাৰে এইচ আই ভি৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে পাকিস্তানত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে এইচ আই ভি ৰোগীৰ সংখ্যা৷ ২০১০ৰ তুলনাত ২০১৮ত দেশখনৰ এইচ আই ভিত আক্রান্ত লোকৰ সংখ্যা দুগুণ বৃদ্ধি পাইছে৷ এনে মাৰাত্মক ব্যাধি ৰোধৰ ক্ষেত্রত দেশখনৰ চৰকাৰ উদাসীন বুলি ক্ষোভ উজাৰে স্বাস্থ্য ক্ষেত্রত কাম কৰি অহা আন্তঃৰাষ্ট্রীয় স্বেচ্ছাসেৱী সংস্থাৰ বিষয়ববীয়াই ৷

Comments (0)
Add Comment