বিশেষ বাৰ্তা, ১২ ডিচেম্বৰঃ মন্ত্ৰী পীযুষ হাজৰীকাই আজি ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী দক্ষিণ শালমাৰা-মানকাচৰ জিলা ভ্ৰমণ কৰি জিলাখনৰ কোক্ৰাডাঙ্গাৰ পৰা হাজিৰহাট অঞ্চল পৰ্যন্ত স্পীডবোটেৰে ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ প্ৰত্যক্ষভাৱে বুজ লয়। বিভাগীয় বিষয়া অভিযন্তা আৰু জিলা আয়ুক্তক লগত লৈ মন্ত্ৰীগৰাকীয়ে খহনীয়া অধ্যুষিত অঞ্চলটোৰ বুজ লৈ জৰুৰীভাৱে প্ৰয়োজন হোৱা প্ৰায় ৫ কিল’মিটাৰ দৈৰ্ঘ্যত বাঁহ আৰু পাৰ্কুপাইনেৰে খহনীয়া ৰোধৰ কামৰ ব্যৱস্থা কৰিবলৈ বিভাগক নিৰ্দেশ দিয়ে।
#বাৰ্তা ডেস্ক